ETV Bharat / state

অৰণ্য মানৱৰ সৃষ্টিত দুষ্কৃতিকাৰীৰ শেনচকু : কাটি লৈ গ’ল মোলাই কাঠনিৰ গছ - Mulai Kathoni - MULAI KATHONI

Tree cutting in Mulai Kathoni : সুৰক্ষিত নহ’ল যাদেৱ পায়েঙৰ সৃষ্টি মোলাই কাঠনিও ৷ বিশ্ববিখ্যাত অৰণ্যখনত দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰি কাটি লৈ গ’ল বহু গছ ৷ ফলত অৰণ্যখনৰ সুৰক্ষাৰ সন্দৰ্ভত চিন্তাত পৰিছে অৰণ্য মানৱ ৷

Tree cutting in Mulai Kathoni
অৰণ্য মানৱৰ সৃষ্টিত দুষ্কৃতিকাৰীৰ শেনচকু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 4:47 PM IST

যোৰহাট, ২১ আগষ্ট : সমগ্ৰ বিশ্বৰে পৰিচিত এখন অৰণ্য হ’ল যোৰহাটৰ মোলাই কাঠনি ৷ যোৰহাটৰ উত্তৰ প্ৰান্তৰ ককিলামুখ আৰু মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰক সাঙুৰি অৰণ্য মানৱ যাদৱ পায়েঙে এককভাৱে সৃষ্টি কৰিছিল অৰণ্যখন ৷ ৫৫০ হেক্টৰ অঞ্চলজুৰি বিস্তৃত অৰণ্যখনত এতিয়া চকু পৰিছে বনদস্যুৰ ৷

অৰণ্য মানৱৰ সৃষ্টিত দুষ্কৃতিকাৰীৰ শেনচকু (ETV Bharat Assam)

যিখন অৰণ্য সৃষ্টিৰ বাবেই অৰণ্য মানৱ যাদৱ পায়েঙে পদ্মশ্ৰী সন্মান লাভ কৰিছিল, সেই অৰণ্যখনত বন্যদস্যুৱে প্ৰৱেশ কৰি একেনিশাই বৃহৎ আকাৰ ১৪ জোপাকৈ শিমলু গছ কাটি লৈ যায় ৷ কাঠসমুহ ব্ৰহ্মপুত্ৰৰে বিভিন্ন কৌশল প্ৰয়োগ কৰি লৈ যায় বন্যদস্যুৱে লৈ যায় ৷ এইদৰে বনদস্যুৱে বনাঞ্চলখনত প্ৰৱেশ কৰি গছ কাটি লৈ যোৱা ঘটনাত মৰ্মাহত অৰণ্য মানৱ ৷

যাদৱ পায়েঙে সন্দেহ কৰা অনুসৰি গঁড়, হাতী আদি চিকাৰ কৰিবলৈ দুষ্কৃতিকাৰীয়ে অৰণ্যখনত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ৷ পায়েঙে জনোৱা অনুসৰি অৰণ্যখনত দুটাকৈ গঁড়ৰ উপৰিও শতাধিক হৰিণাৰ লগতে হাতীও আছে ৷ অৰণ্যখনক সুৰক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷ মোলাই কাঠনিত সুৰক্ষাকৰ্মী নিয়োগ কৰাৰো আশা কৰিছে অসম গৌৰৱ যাদৱ পায়েঙে ৷ উল্লেখ্য যে 2012 চনত এটা গঁড় চোৰাং চিকাৰীৰ বলি হৈছিল বিখ্যাত অৰণ্যখনত ৷

অৰণ্য মানৱে কয়, ‘‘ যোৰহাট, মাজুলীৰ বিন বিভাগক মই জনাইছো ৷ বনদস্যুৱে কেৱল গছ কাটিবলৈকে নহয়, গঁড় হত্যা কৰিবলৈও আহিব পাৰে ৷ হাবিখনত গঁড়, হাতী, বাঘ আছে ৷ বনদস্যুক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰক ৷ আজিৰে পৰা যাতে গছ-গছনি কটা নহয়, সেয়া নিৰীক্ষণ কৰক বন বিভাগে ৷ প্ৰশাসনে অৰণ্যখন সংৰক্ষণৰ ব্যৱস্থা কৰাটো বিচাৰো ৷’’

উল্লেখ্য যে মোলাই অৰণ্য হৈছে বালিৰ ওপৰত মানৱসৃষ্ট বিশ্বৰ প্ৰথমখন অৰণ্য ৷ যিখন অৰণ্য নিজ হাতেৰে গঢ়ি তুলিছিল পদ্মশ্ৰী যাদৱ পায়েঙে ৷ সেই বিখ্যাত অৰণ্যখন অসুৰক্ষিত হোৱাটো স্বাভাৱিকতে চিন্তনীয় হৈছে ৷

লগতে পঢ়ক : হাতীৰ খাদ্য যে ৰুব লাগে সেয়া ভাৰত চৰকাৰৰ আঁচনিত নাই: যাদৱ পায়েং

জন্মদিনত কেকৰ সলনি এজোপা গছ ৰুবলৈ আহ্বান যাদৱ পায়েঙৰ

পৃথিৱীত সকলোৱে গছ ৰুব জানে, কেৱল জীৱশ্ৰেষ্ঠই গছ কাটিব জানে : অৰণ্য মানৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.