ETV Bharat / state

ভোটাৰৰ দীঘলীয়া শাৰী: কণমাণি প্ৰাৰ্থীৰ আত্মবিশ্বাসত অভিভূত হ’ব আপুনিও - Unique election at primary school

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:48 PM IST

Election at Primary School: এখন প্ৰাৰ্থমিক বিদ্যালয়, য’ত অনুষ্ঠিত হ’ল দেশৰ আন নিৰ্বাচনৰ দৰেই ছাত্ৰ সংসদৰ নিৰ্বাচন ৷ কণমানি প্ৰাৰ্থীসকলে চলালে ঘৰে-ঘৰে প্ৰচাৰ ৷ আজি বেলটত বন্দী হ’ল কণ-কণ প্ৰাৰ্থীকেইগৰাকীৰ ভাগ্য ৷

TEOK PRIMARY SCHOOL
৫০৯ নং গড়োৱালচুঙী প্ৰাথমিক বিদ্যালয়ত নিৰ্বাচন (ETV Bharat Assam)

টীয়ক, 22 মে’: এক ব্যতিক্ৰমী দৃশ্য দেখা গ’ল টীয়কৰ এখন চৰকাৰী বিদ্যালয়ত ৷ নেতৃত্ব দিয়াৰ যোগ্যতা অৰ্জনৰ লগতে গণতান্ত্ৰিক দেশৰ নিৰ্বাচনী শিক্ষালাভৰ স্বাৰ্থত বিদ্যালয়খনত গ্ৰহণ কৰা হ’ল বিশেষ পদক্ষেপ ৷

দেশত চলি থকা সাধাৰণ নিৰ্বাচনৰ মাজতে টীয়কৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত ব্যতিক্ৰমীভাৱে সম্পন্ন হ'ল ছাত্ৰ সংসদৰ নিৰ্বাচন ৷ দেশৰ ৰাজনৈতিক ৰথী-মহাৰথীৰ ভাগ্য নিৰ্ণয়ৰ সময়ছোৱাতে ৫০৯ নং গড়োৱালচুঙী প্ৰাথমিক বিদ্যালয়তো বুধবাৰে দেখিবলৈ পোৱা গ’ল নিৰ্বাচনী উৎসৱ ।

পুলিং, প্ৰিজাইডিং বিষয়াৰ পৰা আৰম্ভ কৰি ভোটাৰৰ দীঘলীয়া শাৰীলৈকে দেখা গ’ল বিদ্যালয়খনত ৷ মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয়খনত বিগত এসপ্তাহে চলা নিৰ্বাচনী প্ৰচাৰৰ অন্তত আজি সম্পন্ন হ’ল ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ সংসদৰ নিৰ্বাচন ।

মূলতঃ শিশু অৱস্থাতেই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত এটা সঠিক জ্ঞান দিয়া আৰু নেতৃত্ব সৃষ্টিৰ লক্ষ্যৰে বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰে এই নিৰ্বাচন ৷ ইপিনে যোৱা এসপ্তাহ ধৰি কেৱল বিদ্যলয়তেই আৱদ্ধ নাথাকি শিশু প্ৰাৰ্থীসকলে সহপাঠীৰ ঘৰে ঘৰে গৈও চলালে নিৰ্বাচনী প্ৰচাৰ ।

বিদ্যালয়ৰ চৌহদত ফটো সম্বলিত বেনাৰ, পোষ্টাৰো আঁৰিলে প্ৰাৰ্থীয়ে । বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে ক'লে, ‘‘এই নিৰ্বাচনে শিশুসকলৰ মনত দায়বদ্ধতা বঢ়াই তুলিব । তদুপৰি থাকিব একতা আৰু সমন্বয়ো ।’’ তদপুৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে জনাই যে যোৱা প্ৰায় দহদিন ধৰি তেওঁলোক এই নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যস্ত হৈ থাকে ৷ দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ ধাৰণা এটা যাতে কণ-কণ শিক্ষাৰ্থীসকলক এতিয়াৰে পৰা দিব পৰা যায় তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হয় ৷

ইফালে কণমানি প্ৰাৰ্থীসকলকো দেখা গ’ল তেওঁলোক যথেষ্ট আত্মবিশ্বাসী ৷ দুগৰাকীমান প্ৰাৰ্থীৰ পৰা মতামত গ্ৰহণ কৰা হৈছিল, য’ত দেখা গ’ল যে যথেষ্ট ভোট লাভ কৰি তেওঁলোক জয়ী হ’ব বুলি আছে আত্মবিশ্বাস ৷

লগতে পঢ়ক: কাঠৰ টুকুৰাক প্ৰাণ দিবলৈ আমিষ আহাৰ ত্য়াগ কৰা এগৰাকী কাৰুশিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.