ETV Bharat / state

ডিব্ৰুগড়ৰ প্ৰান্তে প্ৰান্তে ঘূৰি বানৰ খবৰ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:30 PM IST

Sarbananda Sonowal in Dibrugarh: বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বান সমস্যা নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস ৷

Union Minister Sarbananda Sonowal
Assam Flood 2024 (ETV Bharat Assam)

ডিব্ৰুগড়, 3 জুলাই: ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পাচতে এটা সপ্তাহে পানীৰ তলত ডিব্ৰুগড় চহৰ । নেৰা-নেপেৰা বৰষুণৰ ফলত এতিয়া ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত সমগ্ৰ ডিব্ৰুগড় চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথো ঠায়ে ঠায়ে বুৰ গৈছে পানীত । ডিব্ৰগড় জিলাখনৰো বহু স্থানত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (ETV Bharat Assam)

বুধবাৰে ডিব্ৰুগড় চহৰৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত পদপথেৰে খোজকাঢ়ি ৰাইজৰ লগত মত বিনিময় কৰি সকলো সমস্যাৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত হোৱা ভয়ংকৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে সোণোৱালে ।

লগতে পঢ়ক: জনতাৰ : প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ভিন্ন স্থানত - Assam Flood 2024

ডিব্ৰুগড় চহৰত হোৱা ভয়ংকৰ বান পৰিস্থিতিৰ স্থায়ী সমাধানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে মুখ্য সচিবৰ লগত আলোচনা কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে ৷

ডিব্ৰুগড় চহৰৰ পানী নিষ্কাশনৰ বাবে থকা নলা সমূহ বিজ্ঞানসন্মত নোহোৱা বাবে এই সমস্যা হৈছে । সেয়ে ডিব্ৰুগড়ৰ পানী নিষ্কাশনৰ ব্যৱস্থা বিজ্ঞানসন্মতভাৱে কৰা হ'ব বুলি তেওঁ আশ্বাস দিয়ে । লগতে ডিব্ৰুগড় চহৰখন বানমুক্ত কৰিবলৈ আৰু জনসাধাৰণক কেনেদৰে নিৰাপত্তা দিব পৰা যাব ইয়াৰ ওপৰত লক্ষ্য ৰাখি এখনি নাগৰিক সভা আহ্বান কৰিবলৈ স্থানীয় বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ড৹ চৈকত পাত্ৰক নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক: বান সমস্যাৰ সমাধান আছেনে ? বান সমস্যাৰ মূল কাৰণসমূহ কি কি ? - Assam Flood 2024

ইয়াৰ পাচতে বান পৰিস্থিতি বুজ ল'বলৈ টেঙাখাটত উপস্থিত হয় সোণোৱাল । বিধায়ক তেৰছ গোৱালাৰ সৈতে প্ৰথমে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টেঙাখাট মহাবিদ্যালয়ত স্থাপন কৰা শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে । পিচত টেঙাখাটত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ লগত বাৰ্তালাপ কৰাৰ লগতে উক্ত অঞ্চলত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা চিকিৎসা শিবিৰতে জন্ম হ’ল সন্তান - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.