ETV Bharat / state

বাইকত উঠি সৰ্বানন্দ সোণোৱালে দিলে ‘ভাৰত মাতা কি জয়' ধ্বনি - Union Minister Sarbananda Sonowal

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 7:05 PM IST

Har Ghar Tiranga : তিনিচুকীয়াত ৰাষ্ট্ৰীয় পতাকালৈ ‘ভাৰত মাতা কি জয়,’ ‘বন্দে মাতৰম’ আদি বিভিন্ন দেশপ্ৰেমমূলক শ্লোগান দিলে শ শ যুৱকে । 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই ৰেলীৰ আয়োজন কৰা হয় ।

Minister Sarbananda Sonowal
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

তিনিচুকীয়া, ১২ আগষ্ট: তিনিচুকীয়াত জাতিৰ পিতা মহাত্মা গান্ধীৰ চৰণ পখালি মাল্যাৰ্পণৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সোমবাৰে তিনিচুকীয়াৰ শ্বহীদ খৰ্গেশ্বৰ বজাৰস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিস্থলীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত উপস্থিত হৈ ত্ৰিৰংগা বাইক ৰেলীৰ শুভ উদ্বোধন কৰে ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ যুৱকে এই ত্ৰিৰংগা বাইক ৰেলীত অংশগ্ৰহণ কৰে ।

এই ত্ৰিৰংগা বাইক ৰেলীৰ শুভ উদ্বোধন কৰি স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় বিজেপিৰ নিৰ্দেশ অনুসৰি ত্ৰিৰংগা বাইক ৰেলীত অংশগ্ৰহণ কৰা বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে চলোৱা মটৰচাইকেলত উঠি সৰ্বানন্দ সোণোৱালে ত্ৰিৰংগা বাইক ৰেলীত অংশগ্ৰহণ কৰে ৷

প্ৰধানমন্ত্ৰীৰ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ লগত সংগতি ৰাখি তিনিচুকীয়া চহৰৰ চলিহা নগৰৰ পৰা উলিওৱা ত্ৰিৰংগা ৰেলীটো চহৰখনৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথেৰে তিনিকোণীয়া পুখুৰীৰ সমীপেৰে ঘূৰি এ টি ৰ’ডেৰে চিৰাপট্টী হৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ আগেৰে পুনৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত সামৰণি মাৰে ৷

হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ তিনি শতাধিক লোকে এই ৰেলীত অংশগ্ৰহণ কৰে । এই ৰেলীত অংশ লৈ 'ভাৰত মাতা কী জয়',' বন্দে মাতৰম ' শ্ল’গানেৰে তিনিচুকীয়াৰ আকাশ বতাহ মুখৰিত কৰি তোলে ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ স্বাধীনতা আন্দোলনৰ স’তে অৱদান থকা প্ৰতিগৰাকী মহান ব্যক্তিলৈ ত্ৰিৰংগা বাইক ৰেলীৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক:সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে ধেমাজিত ব্যাপক প্ৰস্তুতি - INDEPENDENCE DAY 2024

সমাগত স্বাধীনতা দিৱস: বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত বিশাল বাইক ৰেলী - INDEPENDENCE DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.