তেজপুৰ, 25 এপ্ৰিল : তেজপুৰৰ বামপৰ্বতীয়া অঞ্চলত অচিন কীটৰ সন্ত্ৰাসত হাহাকাৰ পৰিস্থিতি ৷ বিগত চাৰি-পাঁচদিন ধৰি এবিধ ক’লা বৰণৰ কীটৰ বাবে ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে ৷ অসংখ্য কীটে অঞ্চলটোৰ কেবাটাও পৰিয়ালৰ ঘৰৰ বাহিৰে-ভিতৰে অৱৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ কৰিছে ৷ দেখাত উৰহ আৰু গান্ধী পোকৰ সৈতে সাদৃশ্য থাকিলেও স্থানীয় ৰাইজৰ বাবে একেবাৰে অচিনাকী এইবিধ কীট ৷
তেজপুৰ বামপৰ্বতীয়াৰ কেবাটাও পৰিয়ালত আতংকৰ সৃষ্টি কৰা এই পোকবিধৰ উপদ্ৰৱৰ পৰা কীটনাশক প্ৰয়োগ কৰিও ৰক্ষা পোৱা নাই ৷ বিগত চাৰিদিনে বিনিদ্ৰ ৰজনী অতিবাহিত কৰা একাংশ পৰিয়ালৰ লোকে আনকি নিজ গৃহ ত্যাগ কৰি আন স্থানত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ হঠাতে এই পোকবিধৰ আৱিৰ্ভাৱ কেনেদৰে হ’ল ইয়াৰ নিশ্চিত উৎসৰ সন্ধান ওলোৱা নাই যদিও ৰাইজৰ মতে অঞ্চলটোত কোটোৰা বাঁহত ফুল ফুলাৰ লগতে ইয়াত উৎপন্ন হোৱা চাউলৰ দৰে বীজ খাবলৈয়ে এইবিধ অচিনাকী কীটৰ (Melay Bug বুলি বৈজ্ঞানিক নাম ) অঞ্চলটোত আৱিৰ্ভাৱ হৈছে ৷
উল্লেখ্য যে,বাঁহনিৰ সমীপৰ বাসগৃহ সমূহৰ বাহিৰে ভিতৰে চানি ধৰিছে এইবিধ পোকে ৷ কিন্তু বাঁহ ফুলিলে এন্দুৰ-নিগনিৰ উপদ্ৰৱ বৃদ্ধি পালেও এইদৰে এবিধ কীটৰ এনে আচৰিত উপদ্ৰৱৰ অভিজ্ঞতা পূৰ্বে কোনো লোকৰে নাছিল ৷ আনহাতে তেজপুৰৰ কেৱল এই অঞ্চলতে নহয়,আন কেতবোৰ অঞ্চলতো বাঁহ ফুলিছে যদিও আনবোৰ অঞ্চলত এইবিধ কীট তথা পোকৰ আৱিৰ্ভাৱৰ বিষয়ে জানিব পৰা হোৱা নাই ৷ কিন্তু বামপৰ্বতীয়া অঞ্চলত এইবিধ কীটৰ উপদ্ৰৱত ত্ৰস্তমান পৰিয়ালসমূহে বাঁহৰ বীজৰ বাবেই পোকবিধৰ আগমন হোৱা বুলি ভাবিবলৈ বাধ্য হৈছে ৷ উল্লেখযোগ্য যে,পাকঘৰ, বিচনা সকলোতে ছানি ধৰা এইবিধ কীট মানুহৰ শৰীৰত বগোৱাৰ পিচত খজুৱাই বুলি একাংশ লোকে প্ৰকাশ কৰাৰ বিপৰীতে পোকবিধে নাকামোৰে বুলিও জানিবলৈ দিয়ে ৷
এই কীটসমূহক কীটনাশক প্ৰয়োগ কৰাৰ উপৰিও জুইৰ দ্বাৰাও নিঃশেষ কৰিব নোৱাৰি বিপদত পৰিছে স্থানীয় ৰাইজে ৷ জাকে জাকে নিধন কৰাৰ পাচতো ইয়াতকৈ দুগুণে চানি ধৰা এই কীটে বিচনা চাদৰৰ দৰে স্থানীয় লোকৰ বিচনাত বগাই ফুৰাই নহয়, এগৰাকী কিশোৰীৰ কাণতো সোমোৱাত আতংকিত হৈ পৰিছে ৰাইজ ৷ খোৱা-শোৱা ত্যাগ কৰিবলগীয়া হোৱা ভুক্তভোগী লোকসকলে এতিয়া আনৰ ঘৰলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে ৷ উল্লেখযোগ্য যে, এইবিধ অচিনাকী কীট নিৰ্মূলৰ ব্যৱস্থা শীঘ্ৰেই নহ’লে কাষৰীয়া আন অঞ্চল নতুবা সমগ্ৰ তেজপুৰতে বিয়পি পৰাৰ সম্ভাৱনা আছে বুলি একাংশ লোকে প্ৰকাশ কৰিছে ৷ লগতে এই ঘটনাৰ বিষয়ে সংবাদমাধ্যমৰ জৰিয়তে জানিব পাৰি একাংশ লোকে আশংকা ব্যক্ত কৰিছে যে, বিগত সময়ছোৱাত কম পৰিমাণে হ’লেও বৰষুণ হোৱাত সেমেকা পৰিৱেশৰ বাবেও এইবিধ কীটৰ আৱিৰ্ভাৱ উদ্বেগজনক ভাবে হ’ব পাৰে অঞ্চলটোত ৷ অৱশ্যে শীঘ্ৰেই যদিহে আৰু অধিক পৰিমাণৰ বৰষুণ হয় তেনেহলে এইবিধ কীট নিঃশেষ হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্নজনে ৷
লগতে পঢ়ক : বাৰিষাৰ পূৰ্বেই ডিব্ৰুগড়ৰ মোহনাঘাটত বৰলুইতত জাহ গৈছে ইটোৰ পিচত সিটো বাসগৃহ - Erosion In Dibrugarh