ETV Bharat / state

বাংলাদেশত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'লে আলফা (স্বা) অধিক সক্ৰিয় হ’ব : আভিজিৎ শৰ্মা - ULFA I Bomb plans failed

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 5:30 PM IST

Updated : Aug 16, 2024, 8:59 PM IST

APW Press Meet : বাংলাদেশত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'লে আলফা (স্বা) অধিক সক্ৰিয় হ’ব বুলি মন্তব্য কৰিছে অসম পাব্লিক ৱৰ্কছৰ সভাপতি আভিজিৎ শৰ্মাই ৷ এটা সময়ত বাংলাদেশত আলফাৰ নেতাসকলৰ ব্যৱসায় আছিল ৷ তেওঁলোকে যদি বাংলাদেশত সোমাবলৈ সুবিধাটো পাই তেন্তে পুনৰ অসমৰ পৰিৱেশ ৰক্তাক্ত হ’ব বুলি মন্তব্য এ পি ডব্লিউৰ সভাপতিগৰাকীৰ ৷

APW PRESIDENT ABHIJIT SARMA
এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, 16 আগষ্ট : "পৰেশ বৰুৱাৰ শান্তিপূৰ্ণ বোমা বিস্ফোৰণ সফল নহ’ল ৷ পৰেশ দাদা আৰু মুখ্যমন্ত্ৰী ভাইটি, এই দাদা-ভাইটিৰ লিলিমাই বন্ধ কৰক ৷" এই মন্তব্য অসম পাব্লিক ৱৰ্কছৰ সভাপতি আভিজিৎ শৰ্মাৰ ৷ 15 আগষ্টৰ দিনটোত অসম কেবাঠাইটো নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ই কৃটাঘাতৰ লক্ষ্যৰে বোমা সংস্থাপন কৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম পাব্লিক ৱৰ্কছ চমুকৈ এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে এই মন্তব্য কৰে ৷ গুৱাহাটী প্ৰেছ ক্লাবত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক সমালোচনা কৰে তেওঁ ৷ লগতে বাংলাদেশত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'লে আলফা (স্বা) অধিক সক্ৰিয় হোৱাৰ আশংকা প্ৰকাশ কৰিছে আভিজিৎ শৰ্মাই ৷

মুখ্যমন্ত্ৰী আৰু পৰেশ বৰুৱাক সমালোচনা আভিজিৎ শৰ্মাৰ (ETV Bharat Assam)

বাংলাদেশত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'লে আলফা (স্বা) অধিক সক্ৰিয় হোৱাৰ আশংকা :

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি আভিজিৎ শৰ্মাই কয়, " বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'লে পৰেশ বৰুৱাই তাত পুনৰ স্থান পাব ৷ যিটো আমাৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী ৷ ম্যানমাৰ বা বৰ্তমান তেওঁলোক য’ত আছে তাতকৈ বাংলাদেশত বেছি সুৰক্ষিত ৷ এটা সময়ত বাংলাদেশত আলফাৰ নেতাসকলৰ ব্যৱসায় আছিল ৷ তেওঁলোকে যদি বাংলাদেশত সোমাবলৈ সুবিধাটো পাই তেন্তে পুনৰ অসমৰ পৰিৱেশ ৰক্তাক্ত হ’ব ৷"

আলফাক কঠোৰভাৱে দমন কৰক :

সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই আভিজিৎ শৰ্মাই কয়, "মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিম 'পৰেশ দাদা', পৰেশ বৰুৱাক অনুৰোধ কৰিম 'মুখ্যমন্ত্ৰী ভাইটি' এই দাদা-ভাইটিৰ লিলিমাই বন্ধ কৰক ৷ এয়া গুৰুত্ব সহকাৰে লওক, এয়া ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি ৷ যিয়ে পৰেশ বৰুৱাক জানে তেওঁ ভালকৈ জানে যে, যদি তেওঁ হাঁহি কিবা এটা কৈছে তেন্তে গম পাব যে তেওঁ পিছফালে বেলেগ কিবা অংক কৰি আছে ৷ সেয়েহে মুখ্যমন্ত্ৰী ভাইটি আৰু পৰেশ দাদা এইবোৰ লিলিমাই বন্ধ কৰি কঠোৰভাৱে আলফাৰ এই ঘৃণনীয় কাৰ্য বন্ধ কৰক ৷"

আভিজিৎ শৰ্মাই লগতে কয় যে, "যি যি স্থানত আলফাই বোমা সংস্থাপন কৰিছিল সেই ঠাইৰ আৰক্ষী অধীক্ষকক সোধপোচ কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ অসমত চোৰাংচোৱা বিভাগ আছে, ডাইনেমিক আৰক্ষী সঞ্চালক প্ৰধান থকাৰ পিছত কেনেকৈ বোমা সংস্থাপন কৰা সম্ভৱ হ'ল ?"

লগতে পঢ়ক : আলফা(স্বা)ৰ বিস্ফোৰণৰ পৰিকল্পনা বিফল: অসমৰ বিকাশৰ স্বাৰ্থত পৰেশ বৰুৱালৈ পুনৰ শান্তিৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ - ULFA I Bomb plans failed

Last Updated : Aug 16, 2024, 8:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.