ETV Bharat / state

সোণাৰিত আত্মসমৰ্পণ আলফা (স্বা) কেডাৰৰ

ULFA I Surrender : সোণাৰিত আত্মসমৰ্পণ কৰিছে সংযুক্ত মুক্তি বাহিনী অসমৰ (স্বাধীন) সদস্যই । বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ সৈতে সোণাৰিত আত্মসমৰ্পণ কৰিছে আলফা স্বাধীনৰ কেডাৰজনে ৷

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 7:33 AM IST

Ulfa I cadre surrender in Sonari
সোণাৰিত আত্মসমৰ্পণ আলফা (স্বা) কেডাৰৰ

মৰাণ, 3 ফেব্ৰুৱাৰী: বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ সৈতে সোণাৰিত আত্মসমৰ্পণ আলফা স্বাধীন কেডাৰৰ ৷ আলফা-চৰকাৰৰ শান্তি চুক্তি সম্পূৰ্ণ হোৱাৰ পাচতো পৰেশ বৰুৱাৰ নেতৃত্বত আলফা স্বাধীনে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ নিৰৱচ্ছিন্নভাৱে চেষ্টা অব্যাহত ৰাখিছে । আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ আহিবলৈ চৰকাৰে আহ্বান জনাই থকাৰ সময়ত সংগঠনটোত যোগদান অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ।

ইয়াৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰিত আলফা স্বাধীনৰ এজন কেডাৰে আত্মসমৰ্পণ কৰে । সোণাৰি আৰক্ষীৰ ওচৰত শনিবাৰৰ নিশা আত্মসমৰ্পণ কৰে অজিত চাংমাই ওৰফে নিতুল অসমে । আত্মসমৰ্পণৰ সময়ত নিতুল অসমে এটা MQ81 ৰাইফল, 2 NOS মেগজিন আৰু 60 জাঁই বুলেট সোণাৰি আৰক্ষীৰ ওচৰত জমা দিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আত্মসমৰ্পণকাৰী নিতুল অসমৰ ঘৰ সোণাৰিৰ 7 নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে । আত্মসমৰ্পণৰ পাচতে সোণাৰিত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আলফা কেডাৰজনক । উল্লেখযোগ্য যে, শেহতীয়াকৈ আলফা স্বাধীন সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছিল ।

অসম আৰক্ষীৰ হৈ আলফা স্বাধীনত যোগদান কৰা মানস বৰগোহাঁই আটক হৈছিল আলফা স্বাধীনৰ শিবিৰত । আলফা স্বাধীনৰ শিবিৰত আটক হোৱা মানস বুঢ়াগোহাঁইৰ কেইবাটাও বিস্ফোৰক ভিডিঅ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰি অসমৰ সংবাদ মাধ্যম শিৰোনাম দখল কৰিছিল আলফা স্বাধীনৰ বিভিন্ন বিস্ফোৰক বাতৰিয়ে । এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই চৰাইদেউৰ সোণাৰিত এইজন আলফা কেডাৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰাটো আলফা স্বাধীনৰ বাবে বৃহৎ ক্ষতি বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক: ULFA surrender:অৰুণাচলৰ টিৰাপত আত্মসমৰ্পণ দুই আলফা (স্বাধীন)সদস্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.