ETV Bharat / state

সাৱধান হওক ! যিকোনো সময়ত আপোনাৰ গোপন মুহূৰ্ত কেমেৰাত আৱদ্ধ কৰিব পাৰে অসৎ চক্ৰই - INVASION OF PRIVACY

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 10:17 AM IST

Crime in Nagaon: নগাঁৱত ভয়ংকৰ কাণ্ড । ঘৰৰ গৰাকীৰ গোপন মুহূৰ্ত কেমেৰাত আৱদ্ধ কৰাৰ অভিযোগ ভাৰাতীয়া যুৱকৰ বিৰুদ্ধে । আৰক্ষীৰ জিম্মাত অভিযুক্ত ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ৷

two youth arrested after allegedly recording video secretly in a bathroom in nagaon
গোপন মুহুৰ্ত কেমেৰাত আৱদ্ধ কৰাৰ অভিযোগত নগাঁৱত গ্ৰেপ্তাৰ দুজন (Etv Bharat)

নগাঁও, 15 জুলাই : সাৱধান মহিলাসকল ! গা ধোৱাৰ পূৰ্বে অথবা কাপোৰ সলোৱাৰ পূৰ্বে ঘৰৰ খিৰিকী, ভেন্টিলেটৰ আদি ভালদৰে পৰীক্ষা কৰক । অকণমান অৱহেলা অথবা অসাৱধনতাই এগৰাকী মহিলাৰ বাবে হৈ পৰিব পাৰে ডাঙৰ বিপদৰ কাৰণ ৷ যিকোনো পৰ্ণ ছাইটত গম নোপোৱাকৈয়েই যিকোনো মুহূৰ্ততে আপলোড হৈ যাব পাৰে আপোনাৰ উলংগ ভিডিঅ’ ।

শেহতীয়াকৈ এনে এক ভয়ংকৰ কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে নগাঁৱত । পৰ্ণ ছাইটত মহিলাৰ অশ্লীল ভিডিঅ’ আপলোড কৰি সহজতে ধন ঘটাৰ লক্ষ্যৰে গঢ়ি উঠিছে এটা চক্ৰ । দেওবাৰে নগাঁৱৰ খুটিকটিয়াত এনে এক চক্ৰ জালত পৰাৰ পাচতেই পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ।

অভিযাগ অনুসৰি, নগাঁও চহৰৰ খুটিকটিয়াৰ এজন যুৱকৰ ঘৰত ভাৰাতীয়া হিচাপে থাকিবলৈ লোৱা দুই যুৱকে আন এজন যুৱকৰ সৈতে মিলি ঘৰৰ গৰাকীৰ পত্নীৰ ব্যক্তিগত মুহূৰ্ত ম’বাইলত আৱদ্ধ কৰাৰ চেষ্টা চলাইছিল । দেওবাৰে ঘৰটোৰ গৰাকীৰ পত্নীয়ে স্নানাগাৰত গা ধোৱাৰ সময়ত স্নানাগাৰৰ ভেন্টিলেটৰত এটা ম’বাইল ফোন প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে ৷ তেতিয়াই অসৎ মনোবৃত্তিৰ যুৱকৰ দলটোৱে পলায়নৰ চেষ্টা কৰে ৷

অৱশ্যে পৰিয়ালৰ আন সদস্যসকলৰ সহায়ত এই কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা দুই যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও এজন পলাই যাবলৈ সক্ষম হয় ৷ দুই অভিযুক্ত নচিবুদ্দিন আৰু মোৰতাজা হাছান বুলি জানিব পৰা গৈছে । ধৃত অভিযুক্তৰ পৰা জব্দ কৰা ম’বাইলত আন বহুতো মহিলা, যুৱতীৰ আপত্তিজনক দৃশ্য থকা বুলি সংবাদ মাধ্যমক জনায় ভুক্তভোগী পৰিয়ালটোৱে ৷

ইয়াৰ পাচতেই ভুক্তভোগী পৰিয়ালটোৱে স্থানীয় হয়বৰগাঁও আৰক্ষী চকীক ঘটনা সন্দৰ্ভত অৱগত কৰি যুৱক দুজনক গতাই দিয়ে । ধৃত যুৱক দুজনক হয়বৰগাঁও আৰক্ষীয়ে মাৰাথান জেৰা চলাইছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ভূমি বিবাদ: যুৱতীক জীৱন্তে সমাধিস্থ কৰাৰ চেষ্টা - Land Dispute in Pune

ঘৰৰ ভিতৰতে উদ্ধাৰ পত্নীৰ মৃতদেহ, মুমূৰ্ষু অৱস্থাত উদ্ধাৰ স্বামীক - Mysterious murder case

নগাঁও: কিছু কমিছে অপৰাধ; তৰিৎ গতিত সংগ্ৰহ কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.