ETV Bharat / state

পানীত পৰি একেটা পৰিয়ালৰ দুই শিশুৰ মৃত্যু - Two Child Death By Drowning

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 10:45 PM IST

Two Child Death By Drowning: গোৱালপাৰাত মৰ্মান্তিক ঘটনা । লেওৱাবাৰী গাঁৱত পানীত পৰি একেটা পৰিয়ালৰ দুই শিশুৰ মৃত্যু । শিশু দুটিক মামুন আহমেদ(৩) আৰু আফ্ৰিন চুলতানা (২) বুলি চিনাক্ত । ঘৰৰ পিচফালৰ দ' গাতত বৰষুণৰ জমা হোৱা পানীত ওপঙি আছিল দুই শিশু ।

Two Child Death By Drowning
পানীত পৰি একেটা পৰিয়ালৰ দুই শিশুৰ মৃত্যু (ETV BHARAT ASSAM)

গোৱালপাৰা, ১ জুন: গোৱালপাৰাত সংঘটিত হৈছে অতি মৰ্মান্তিক ঘটনা । একেটা পৰিয়ালৰ দুই শিশুৱে পানীত পৰি অকাল মৃত্যুক আঁকোৱালি লয় । মৃত শিশু দুটা ক্ৰমে মামুন আহমেদ (৩) আৰু আফ্ৰিন চুলতানা (২) বুলি জানিব পৰা হৈছে । জিলাখনৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত লেওৱাবাৰীত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো ৷

জানিব পৰা মতে, আজি অৰ্থাৎ শনিবাৰে বিয়লি ভাগত একেটা পৰিয়ালৰ দুই ভাই-ভগ্নীয়ে ঘৰৰ চোতালত খেলি আছিল । খেলি থকা অৱস্থাত হঠাৎ দুই শিশু ঘৰৰ চৌহদৰ পৰা নোহোৱা হোৱাত ঘৰখনত এক হূলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ পৰিয়ালৰ লোকে গাঁওখনৰ কেইবাঠাইত বিচাৰ-খোচাৰ কৰে যদিও শিশু দুটাৰ কোনো সন্ধান লাভ কৰাত ব্যৰ্থ হয় ৷

ইয়াৰ পাছত পৰিয়ালৰ লোকে ঘৰৰ পিচফালে থকা দ' গাঁতত শিশু দুটাৰ মৃতদেহ ওপঙি থকা লক্ষ্য কৰে ৷ ইয়াৰ পাছতেই সমগ্ৰ ঘৰখনত এক শোকাকুল পৰিবেশ সৃষ্টি হয় ৷ ঘৰৰ পিচফালে থকা দ' গাতটোত বিগত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত পানী জমা হৈ আছিল আৰু সেই গাতত পৰি শিশু দুটাই অকাল মৃত্যুক আঁকোৱালি লয় ৷

লগে লগে সন্ধিয়াৰ ভাগত স্থানীৰ ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে দুই শিশুক উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইতিমধ্যে দুই শিশুৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ মৃত্যু শিশু দুটা মুস্তাফিজুৰ ৰহমানৰ পুত্ৰ মামুন আহমেদ(৩) আৰু কনিষ্ঠ ভাতৃ ইলাহিৰ কন্যা আফ্ৰিন চুলতানা (২) বুলি জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক: Two child death by drowning: নলবাৰীত ভাতৃ-ভগ্নীৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.