ETV Bharat / state

পুনৰ সন্ধানহীন 2 শ্ৰমিক : আৰক্ষীৰ অভিযান অব্যাহত - Suspected kidnapping case

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 8:52 AM IST

Kidnapping in Dim Hasao : পথ নিৰ্মাণ সংস্থাৰ দুই শ্ৰমিকক অপহৰণৰ সন্দেহ ৷ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও সন্ধান উলিয়াব পৰা নাই অপহৃতৰ ।

Two workers engaged in road construction work suspected to have been abducted from Dima hasao
পুনৰ সন্ধানহীন 2 শ্ৰমিক: আৰক্ষীৰ অভিযান অব্যাহত (ETV Bharat)

হাফলং, 29 জুলাই : ডিমা হাছাও জিলাত সংঘটিত হৈছে পুনৰ অপহৰণৰ ঘটনা । পাহাৰীয়া জিলাখনত পথ নিৰ্মাণৰ কামত যুক্ত এটা নিৰ্মাণ সংস্থাৰ দুই কৰ্মীক অচিনাক্ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যায় বুলি অভিযোগ উত্থাপন হৈছে । জানিব পৰা মতে, এই অপহৰণৰ ঘটনা সংঘটিত হয় শুকুৰবাৰৰ নিশা । এতিয়ালৈকে ডিমা হাছাও আৰক্ষীয়ে এই অপহৰণ সংক্ৰান্ত কোনো তথ্য সদৰী কৰা নাই সংবাদ মাধ্যমৰ আগতে ।

প্ৰাপ্ত তথ্য অনুসৰি, মাহুৰ তামিংলং পথ নিৰ্মাণৰ কামত যুক্ত অনুচা প্ৰজেক্ট প্ৰাইভেট লিমিটেডৰ দুগৰাকী কৰ্মীক মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিয়ানগ্লো পুনগাঁৱৰ ৰেহিৰ কেম্পৰ পৰা শুকুৰবাৰ নিশা 9/10 মান বজাত 10/12 জনীয়া দুৰ্বৃত্তৰ দলে বন্দুকৰ ভাবুকি প্ৰদানেৰে অপহৰণ কৰি লৈ যায় ।

এই সন্দৰ্ভত অৱগত হোৱাৰ পাচতে আৰক্ষীয়ে নিৰ্মাণ সংস্থাৰ দুই কৰ্মীক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে নিৰ্মাণ সংস্থাৰ কৰ্মী দুগৰাকীৰ কোনো সন্ধান ওলোৱা নাই বুলি জানিব পৰা গৈছে ।

বিতং খবৰৰ অপেক্ষাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.