ETV Bharat / state

হাৰমতীত ছুপাৰ আৰু কিয়া বাহনৰ মুখামুখি সংঘৰ্ষ: গুৰুতৰভাবে আহত যাত্ৰী - kaziranga accident

horrific road accident: কলিয়াবৰৰ হাৰমতীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নামবৰ ছুপাৰ আৰু কিয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষত গুৰুতৰভাবে আহত তিনি যাত্ৰী ৷

Two vehicles collide head-on at Harmati kaziranga
মুখামুখি সংঘৰ্ষ
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 9:45 AM IST

Updated : Feb 19, 2024, 1:04 PM IST

মুখামুখি সংঘৰ্ষ

কাজিৰঙা/কলিয়াবৰ, 19 ফেব্ৰুৱাৰী: সোমবাৰে পুৱা কলিয়াবৰৰ হাৰমতীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নামবৰ ছুপাৰ আৰু কিয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে । জানিব পৰা মতে, দে’ ছুপাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই কিয়া বাহনখনত খুন্দা মাৰে ।

দুৰ্ঘটনাটোত তিনিজনকৈ লোক আহত হোৱাৰ খবৰ আহি পৰিছে ৷ কিয়া বাহনৰ আৰোহী এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ততাতৈয়াকৈ তিনিওকে জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অৱশ্যে ছুপাৰখনৰ যাত্ৰী হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, ছুপাৰখন গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল আৰু কিয়া বাহনখন নগাঁৱৰ পৰা যোৰহাট দিশে গৈ আছিল । দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS 05AC 1600 আৰু কিয়া বাহনখনৰ নম্বৰ AS 01EY 6665 ৷

হাৰমতীত হোৱা এই মুখামুখি সংঘৰ্ষটোৱে অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে ৷ পথ-দুৰ্ঘটনাৰ পিচতে উক্ত ঠাইত স্থানীয় ৰাইজে ভিৰ কৰেহি ৷ কিছু সময়ৰ বাবে যান-জঁটৰ সৃষ্টি হয় কিয়নো ঘটনাৰ গম ল’বলৈ উক্ত বাটেৰে অহা-যোৱা গাড়ীসমূহো কিছু সময়ৰ বাবে ৰৈছিল ৷ ঘটনাৰ উমান পাই আৰক্ষীও তাত উপস্থিত হয় ৷ আৰক্ষীৰ উপস্থিতিতে স্থানীয়ে ৰাইজে আহত কেইজনক হাস্পতাললৈ পঠোৱাৰ ব্যৱস্থা কৰে ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বৰ্তমানে আহত কেইজনৰ চিকিৎসা চলি আছে আৰু তেওঁলোকৰ স্বাস্থ্য সন্দৰ্ভত মতামত দিয়াটো কঠিন ৷ বাতৰি যুগুত কৰা পৰলৈকে পৰিয়ালৰ কোনো লোক আহি উপস্থিত হোৱা নাই ৷

ৰাজ্যত যেন ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে দুৰ্ঘটনাৰ সংখ্যা ৷ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত পথ-সজাগতা অভিযান বিগত বছৰৰ পৰা চলি অহাৰ পিচতো এই ধৰণৰ দুৰ্ঘটনাই ভীতিগ্ৰস্ত কৰি তুলিছে সাধাৰণ জনসাধাৰণক ৷

লগতে পঢ়ক : বাইকৰ খুন্দাত পহু নিহত

Last Updated : Feb 19, 2024, 1:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.