ETV Bharat / state

শোৱাপাটীৰ পৰাই নোহোৱা হ’ল দুই ছাত্ৰী: স্থানীয় যুৱতীৰে কি সম্পৰ্ক এই ঘটনাৰ ? - Sex Racket

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 9:38 PM IST

Sex Racket in Dhemaji : শোৱাপাটীৰ পৰাই নোহোৱা হ’ল ধেমাজিৰ দুগৰাকী কিশোৰী ৷ কিশোৰী দুগৰাকী নোহোৱা হোৱাত সহায় কৰিলে স্থানীয় যুৱতীয়ে ৷ আৰক্ষীৰ জালতো পৰিল বিশেষ যুৱতীগৰাকীৰ লগতে আন দুই লোক ৷

Sex Racket in Dhemaji
ধেমাজিত নাৰীদেহ ব্যৱসায়ৰ ঘটনা (ETV Bharat)

ধেমাজি, 1 ছেপ্টেম্বৰ : পুৱতি নিশা শোৱাপাটীৰ পৰাই হঠাৎ নিৰুদ্দেশ হ’ল দশমশ্ৰেণীৰ ছাত্ৰী দুগৰাকী ৷ ঘৰৰ দৌদিশে বিচাৰিও কোনো শুংসূত্ৰ লাভ কৰা নগ’ল ৷ পৰিয়ালৰ লোকে বাৰে ফোনকল, মেছেজ কৰিও লাভ নকৰিলে সঁহাৰি ৷ এয়া ধেমাজিৰ এটা ঘটনা ৷

ধেমাজিত নাৰীদেহ ব্যৱসায়ৰ ঘটনা (ETV Bharat Assam)

এনেদৰে সহপাঠী দুগৰাকী নিৰুদ্দেশ হোৱাৰ পিচতে পৰিয়ালৰ লোক কাষ চাপিল আৰক্ষীৰ ৷ ধেমাজিৰ নিৰুদ্দিষ্ট ছাত্ৰী দুগৰাকীৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিলে অভিযান ৷ ধেমাজি আৰক্ষীয়েও তাৎক্ষণিকভাৱে দেখুৱালে তৎপৰতা ৷ লগে লগে ছাত্ৰীগৰাকীৰ ফোনৰ ল’কেশ্যন ট্ৰেক কৰা হ’ল ৷ ধেমাজি আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ ম’বাইল ফোনৰ লোকেশ্যন ট্ৰেক কৰি ইটানগৰলৈ নি থকা বুলি গমপাই অৰুণাচল আৰক্ষীৰ সহায় বিচাৰে ৷ কিন্তু কিশোৰী দুগৰাকীক লৈ যোৱা চক্ৰটোৱে আৰক্ষীৰ অভিযানৰ খবৰ পাই ইটানগৰৰ পৰা তেজপুৰ হৈ গুৱাহাটীলৈ পলায়ন কৰাৰ চেষ্টা কৰে ৷ প্ৰায় তিনিদিন নিৰুদ্দেশ হৈ থকা কিশোৰী দুগৰাকীক অৱশেষত কলীয়াভোমোৰা দলঙৰ সমীপত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

ছাত্ৰী দুগৰাকী নিৰুদ্দেশ হোৱাৰ আঁৰত আছিল নাৰীদেহ ব্যৱসায় ৷ ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে ধেমাজিৰ কিশোৰীসকলো যে নাৰীদেহ ব্যৱসায়ীৰ চক্ৰত পৰিছে, সেই কথা প্ৰমাণিত হ’ল ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হাউলী আৰু বালিজান গাঁৱৰ কিশোৰী দুগৰাকীৰ এই ঘটনাৰ পিচতে ৷ নাৰীদেহ চক্ৰটোৰ তিনিগৰাকী লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

AS01 FO 2556 নম্বৰৰ এখন মাৰুটি আৰ্টিগা গাড়ীৰ পৰা কিশোৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে বাক্সাৰ মুক্তাৱ আলী আৰু বঙাইগাঁৱৰ মুবাৰক আলী নামৰ দুই নাৰীদেহ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ আনহাতে উদ্ধাৰ হোৱা দুই কিশোৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত ধেমাজিৰ আন এগৰাকী যুৱতীকো আটক কৰে ধেমাজি আৰক্ষীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকীয়ে দুই ছাত্ৰীক টকাৰ প্ৰলোভন দি ঘৰৰ পৰা লৈ যোৱা বুলি জানিব পৰা গৈছে ৷ তাৰ পিচতে উক্ত টকাৰ বাবদ অনৈতিক কাৰ্য কৰিবলৈ কোৱা হৈছিল ছাত্ৰী দুগৰাকীক ৷ এই কথা প্ৰকাশ কৰে নাৰীদেহ ব্যৱসায়ীৰ চক্ৰত পৰা এগৰাকী কিশোৰীৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰী অপহৰণৰ অপচেষ্টা, গ্ৰেপ্তাৰ দুই অভিযুক্ত

ছাত্ৰ অপহৰণ-হত্যাকাণ্ডৰ তদন্তৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ পথ অৱৰোধ

বৰপথাৰ টেঙানীৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰী, শোকত ভাঙি পৰিছে মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.