কলিয়াবৰ, 17 জুন: গাড়ী চলাওঁতে আপোনাৰ বাৰু টোপনি আহে নেকি ? গাড়ী চলাওঁতে চালকৰ টোপনি অহাৰ ফলতেই সংঘটিত হয় বহু শোকাৱহ দুৰ্ঘটনা ৷ কিন্তু ইয়াৰ এক সমাধানসূত্ৰ বিচাৰি উলিয়াইছে দুগৰাকী কিশোৰে ৷ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ কৌশিক নেওগী আৰু শশাংক দাসে উদ্ভাৱন কৰিছে এযোৰ বিশেষ চশমা ৷
এই চশমা পিন্ধিলে আপোনাৰ চকু জাপ খোৱাৰ তিনি চেকেণ্ডৰ পিচতেই চকুৰ পতাত পৰিব এক বিশেষ ৰশ্মি আৰু বাজি উঠিব এক সংকেত ৷ লগে লগে আপোনাৰ চকু মেল খাব ৷
লগতে পঢ়ক: বানত হ’ব সাহয়: পানীতো চলাব পৰা চাইকেল উদ্ভাৱন অসমীয়া ছাত্ৰৰ - Aqua Cycle in Assam
কেনেকৈ মনলৈ আহিল এই চশমাৰ কথা: ছাত্ৰ কৌশিকে কয় যে, কেবছৰমান পূৰ্বে তেওঁলোকৰ ঘৰৰ ওচৰত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাইছিল ৷ তেতিয়াই তেওঁৰ মনলৈ আহিছিল, কেনেকৈ পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত কাম কৰিব পৰা যায় ! ইন্টাৰনেটৰ যোগেদি এই বিষয়ে অধ্যয়ন কৰি ছাত্ৰজনে জানিব পাৰিলে যে বাহন চলোৱাৰ সময়ত যাতে টোপনি নাহে, তাৰ বাবে পৰিধান কৰিব পৰাকৈ এযোৰ বিশেষ চশমা পোৱা যায় ৷ কিন্তু সেইযোৰৰ দাম বেছি আৰু গধুৰ ৷ সেয়ে তেনে এযোৰ চশমা উদ্ভাৱনৰ কথা চিন্তা কৰিলে কৌশিকে ৷
সহপাঠী শশাংক দাসৰ সৈতে কিশোৰ নেওগীয়ে ইউটিউবত চালে কেনেকৈ এই চশমা নিৰ্মাণ কৰা হৈছিল ৷ তাৰ পিচত এযোৰ ছানগ্লাছ আৰু কেতবোৰ সামগ্ৰী যোগাৰ কৰি এই চশমাযোৰ দুয়ো প্ৰস্তুত কৰে ৷
লগতে পঢ়ক: আপুনিও বিচাৰে নেকি শীত-তাপ নিয়ন্ত্ৰিত বিচনাত শুই চাব ? - Air conditioned bed
কেনেকৈ কাম কৰে এইযোৰ চশমাই: চশমাযোৰত এটা ছেন্সৰ স্থাপন কৰা আছে ৷ যেতিয়াই আপুনি এইযোৰ পিন্ধি থকা অৱস্থাত চকু মুদিব, ঠিক 3 ছেকেণ্ডৰ পিচত এক বিশেষ ৰশ্মি আপোনাৰ চকুৰ পতাত পৰিব আৰু লগে লগে বাজি উঠিক এক সংকেত ৷ তেতিয়াই আপুনি সতৰ্ক হৈ পৰিব বা আপোনাৰ চকুৰ পতা মেল খাব ৷ বেটাৰী সংযোগ কৰা এই চশমাযোৰ এবাৰ চাৰ্জ দিলে 7 ঘন্টা পৰ্যন্ত একেৰাহে ব্যৱহাৰ কৰিব পৰা যাব বুলি ছাত্ৰ দুজনে জনাইছে ৷
গাড়ী চালকৰ সহায় হ’ব: বিভিন্ন বিজ্ঞান প্ৰদৰ্শনীত এই চশমাযোৰ প্ৰদৰ্শন কৰি পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছে মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই দুই ছাত্ৰ কৌশিক আৰু শশাংক ৷ তেওঁলোকৰ এই উদ্ভাৱনৰ শলাগ লৈছে শিক্ষকসকলেও ৷ গাড়ী চালকৰ বাবে এই চশমাযোৰ সহায়কাৰী হ’ব বুলি আশা প্ৰকাশ কৰিছে দুই ছাত্ৰৰ লগতে শিক্ষকসকলে ৷ অৱশ্যে শিক্ষাৰ্থীয়ে পঢ়া-শুনা কৰাৰ সময়ত টোপনি নাহিবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰে বুলি ছাত্ৰ দুজনে জনাইছে ৷
লগতে পঢ়ক: ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কম খৰচী ড্ৰায়াৰ উদ্ভাৱন