ETV Bharat / state

আৰক্ষীৰ হাৰাশাস্তিৰ অভিযোগ নিৰুদ্দেশ ঘটনাৰ লগত সাঙোৰ খোৱা অভিযুক্তৰ পিতৃৰ

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 5:52 PM IST

সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা বিকিৰ পিতৃৰ ৷ এই ঘটনাৰে তেওঁৰ পুত্ৰ কোনো কাৰণতে জড়িত নহয় বুলি দাবী কৰে তেওঁ ৷

Students Missing From Mariani
মৰিয়নীৰ ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনা

ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা বিকি আৰু পিতৃৰ প্ৰতিক্ৰিয়া

যোৰহাট, 19 ফেব্ৰুৱাৰী : মৰিয়নীৰ পৰা দুগৰাকীকৈ ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা মৰিয়নীৰ আন এগৰাকী ছাত্ৰীয়ে এই সমগ্ৰ ঘটনাৰ লগত মৰিয়নীৰ নিজৰাপাৰৰ বিকি নামৰ এজন যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পিচতে অভিযুক্ত বিকিৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অভিযুক্ত বিকিৰ পিতৃয়ে কয় যে, দুই ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাৰ লগত তেওঁৰ পুত্ৰ কোনো কাৰণতে জড়িত নহয় ৷ মিছাতেই তেওঁৰ পুত্ৰৰ নাম এই ঘটনাৰ লগত প্ৰীতিশা নামৰ ছাত্ৰী গৰাকীয়ে জড়িত কৰাইছে বুলি অভিযোগ কৰে তেওঁ ৷

আনহাতে এই ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাৰ সৈতে অনাহকত তেওঁৰ পুত্ৰক জড়িত কৰোৱাৰ পিচৰ পৰাই আৰক্ষীয়ে তেওঁক ঘৰত আহি হাৰাশাস্তি কৰিছে বুলিও অভিযোগ উত্থাপন কৰে অভিযুক্ত বিকিৰ পিতৃয়ে ৷ ইয়াৰ বাবে কৰ্মস্থানত সুচাৰুৰূপে কামত মনোনিৱেশ কৰিব পৰা নাই বুলিও অভিযোগ উথাপন কৰে তেওঁ ৷ ইফালে বাংগালুৰুৰ পৰা এক ভিডিঅ’ যোগে এই ঘটনাৰ সৈতে জড়িত নহয় বুলি স্পষ্ট কৰি দিছে অভিযুক্ত বিকি নামৰ যুৱকজনে ৷

উল্লেখ্য যে, 12 ফেব্ৰুৱাৰীৰ পৰা মৰিয়নীৰ দুগৰাকীকৈ ছাত্ৰী নিৰুদ্দেশ হৈ আছিল ৷ আনহাতে নিৰুদ্দেশ হোৱা ছাত্ৰী দুগৰাকীয়ে শনিবাৰে নিশা ঘৰলৈ ফোন কৰি অসমৰ বাহিৰত অৰ্থাৎ কলকতাৰ আশে-পাশে আছিল বুলি জনোৱাৰ লগতে 19 ফেব্ৰুৱাৰীত ট্ৰেইনেৰে ঘৰলৈ উভতি অহাৰ কথা জানিবলৈ দিছিল ৷ ইতিমধ্যে এই নিৰুদ্দেশ হোৱাৰ ঘটনাৰ দিন বাগৰাৰ লগে লগে অধিক ৰহস্য ঘন হৈ পৰাৰ লগতে অধিক লোকৰ নাম এই ঘটনাত জড়িত হৈ পৰিছে ৷ এই ঘটনাৰে কোন কোন জড়িত আছে সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্তহে স্পষ্ট হৈ পৰিব ৷

লগতে পঢ়ক : মৰিয়নীৰ ছাত্রী নিৰুদ্দেশ: ঘটনাৰে জড়িত তিনি যুৱক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.