ETV Bharat / state

ভৱিষ্যতে সেনা বিষয়া হোৱাৰ সপোন কণ কণ শিক্ষাৰ্থীৰ, সৰুপথাৰৰ ছাত্ৰৰ সাফল্য - NTA AISSEE 2024

সৈনিক স্কুলৰ প্ৰৱেশ পৰীক্ষাত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ দুজন ছাত্ৰৰ সাফল্য ৷ গোৱালপাৰাৰ সৈনিক স্কুলত অধ্যয়ন কৰিবলৈ সাজু হৈছে ছাত্ৰ দুজনে ৷

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 2:53 PM IST

NTA AISSEE 2024
সেনা বিষয়া হোৱাৰ সপোন
সৰুপথাৰৰ দুই ছাত্ৰৰ সাফল্য

সৰুপথাৰ, 13 এপ্ৰিল : অসমৰ এখন আগশাৰীৰ বিদ্যালয় হৈছে গোৱালপাৰা সৈনিক স্কুল ৷ য'ত ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ পৰাও শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰে ৷ ভৱিষ্যতে এজন সুদক্ষ সেনা বিষয়া হোৱাৰ সপোন দেখি এই বিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহে বিভিন্ন প্ৰান্তৰ বহু শিক্ষাৰ্থী ৷ ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকৰ সপোন পূৰণ হোৱাৰ ক্ষেত্ৰত লগতে তেওঁলোকক একোজন মানৱ সম্পদ ৰূপে গঢ় দিয়াত বিদ্যালয়খনে অহোপুৰুষাৰ্থ কৰি আহিছে ৷

বিগত 9 এপ্ৰিল তাৰিখে ঘোষণা হোৱা সৈনিক স্কুলৰ প্ৰৱেশ পৰীক্ষাত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ দুজন ছাত্ৰৰ সাফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ গোৱালপাৰা সৈনিক স্কুলৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ সৈনিক বিদ্যালয়ত পঢ়িবলৈ সুযোগ লাভ কৰিছে ছাত্ৰ দুজনে ৷ সৰুপথাৰৰ বাৰঘৰীয়াৰ মৌচুম শইকীয়া আৰু সৰুপথাৰ নগৰৰ ধ্ৰুৱ কুমাৰ ঠাকুৰ নামৰ দুজন ছাত্ৰই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে দুয়োজন ছাত্ৰই একে সময়তে দেশৰ আগশাৰীৰ বিদ্যালয় জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাতো উত্তীৰ্ণ হৈছে ৷

দুয়োজন ছাত্ৰই এতিয়া গোৱালপাৰাৰ সৈনিক স্কুলত অধ্যয়ন কৰিবলৈ নিজকে সাজু কৰিছে ৷ এইক্ষেত্ৰত বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিছে সৰুপথাৰৰ ৰাকেশদ্বীপ দুৱৰা নামৰ এজন শিক্ষিত যুৱকে ৷ ৰাকেশদ্বীপ দুৱৰাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি বিগত বছৰসমূহত সৈনিক স্কুলকে ধৰি জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ ধনশিৰি মহকুমাৰ পৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে আগশাৰীৰ বিদ্যালয়ত শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিছে ৷ উল্লেখ্য যে 2022 চনত 3 জন শিক্ষাৰ্থী সৈনিক স্কুলৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে চলিত বৰ্ষতো সৰুপথাৰৰ পৰা দুজন ছাত্ৰই সাফল্য লাভ কৰিছে ৷ লগতে নবোদয় বিদ্যালয়ত কেইবাজনো ছাত-ছাত্ৰীয়ে পঢ়িবলৈ সুযোগ লাভ কৰিছে ৷

লগতে পঢ়ক : গোলাঘাটত মিচিং গুমৰাগ নৃত্য কৰ্মশালাৰ সফল সামৰণি - Mising Gumrag

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.