ETV Bharat / state

লখিমপুৰত পুনৰ নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ দুই - FAKE GOLD SEIZED IN LAKHIMPUR

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 1:27 PM IST

Fake Gold Smuggling: ৰাজ্যজুৰি চোৰাংভাৱে সৰবৰাহ কৰা সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ সময়তে ক্ৰমাৎ বৃদ্ধি হৈছে নকল সোণৰ সৰবৰাহৰ ঘটনা । ৰাজ্য়ৰ ভিতৰতেই লখিমপুৰত সংঘটিত হৈ আছে এনে ঘটনা ।

Fake Gold Smuggling
নকল সোণৰ সৰবৰাহ (ETV Bharat Assam)

লখিমপুৰ, ১৩ আগষ্ট: নকল সোণৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ কঠোৰ অভিযান চলি থকাৰ মাজতো এতিয়াও একাংশ অসাধু লোকে অব্যাহত ৰাখিছে এই সোণৰ সৰবৰাহৰ প্ৰচেষ্টা ৷ আৰক্ষীয়ে এনে বেপাৰীক গ্ৰেপ্তাৰৰ বাবে অভিযান চলোৱাৰ মাজতেই লখিমপুৰত পুনৰ নকল সোণৰ নাও জব্দ । আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত দুটা বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য় যে এদিন পূৰ্বে লখিমপুৰৰ বঙালমৰাত একাধিক নকল সোণৰ নাও উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । ধনদাবীৰ গোচৰত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা হাছিনা বেগমৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে নকল সোণৰ নাও আৰু নগদ ধন উদ্ধাৰ কৰিছিল । মাথো এদিন পূৰ্বে এনেদৰে আৰক্ষীয়ে নকল সোণৰ নাও উদ্ধাৰ কৰাৰ পাছত যোৱা সোমবাৰে নিশাও আন এক অভিযানত আৰক্ষীয়ে নকল সোণৰ নাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

নকল সোণৰ নাও কেনেকৈ উদ্ধাৰ হ'ল ?

এইবাৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ ম'হঘুলিত উদ্ধাৰ হৈছে নকল সোণৰ নাও । সোমবাৰে নিশা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত আৰক্ষীৰ দলে উত্তৰ ম'হঘুলিত চলোৱা অভিযানত এখন নকল সোণৰ নাও উদ্ধাৰ হয় । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ধৃত বেপাৰী দুটা হৈছে- আব্দুল বাচাৰ আৰু ইমদাদুল ইছলাম । আৰক্ষীয়ে এই অভিযুক্ত দুটাৰ পৰা তিনিটা মোবাইল ফোনো জব্দ কৰে । সম্প্রতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে আব্দুল বাচাৰ আৰু ইমদাদুল ইছলামক জেৰা চলাই আছে ।

উল্লেখ্য যে, নিতৌ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত বিশেষকৈ বঙালমৰাৰ ভিন্ন ঠাইত অভিযান চলাই নকল সোণ আদি উদ্ধাৰ কৰাৰ লগতে কেইবাটাও বেপাৰীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:যুঁজিছিল অবৈধ বেহাৰ বিৰুদ্ধে: পিছে হাছিনাৰ ঘৰতে ওলাল নকল সোণৰ নাও - Fake Gold seized

গোলাঘাটত নকল সোণসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Fake Gold Seized

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.