ETV Bharat / state

লিডুৰ অবৈধ কয়লাখনিত পুনৰ দুজন শ্ৰমিকৰ মৃত্যু : পাটকাই পাহাৰৰ বুকুত অব্যাহত কয়লা খনন ! - Coal mine workers died

Coal mine in Ledo: পাটকাই পাহাৰৰ বুকুত বৰ্তমানেও কলয়াৰ অবৈধ খনন চলি থকাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে সোমবাৰে কয়লাখনিত কাম কৰা দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Coal mine in Ledo
COAL MINE WORKERS DIED (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 10:02 PM IST

তিনিচুকীয়া, ২ জুলাই: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডুৰ পাহাৰ অঞ্চলৰ ঝৰ্ণা বস্তিত চাঞ্চল্যকৰ ঘটনা ৷ এখন তামোলবাৰীৰ সমীপত সোমবাৰে মুৰ্মূৰ্ষু অৱস্থাত দুজন লোক উদ্ধাৰ ঘটনাটোৱে যথেষ্ট এক ৰহস্যৰ সৃষ্টি কৰিছে । পৰৱৰ্তী পৰ্যায়ত লিডু কলপৰাৰ যুৱক সন্তোষ মাঝিয়ে তেওঁৰ লগৰীয়াৰ সৈতে মিলি লোক দুজনক চিকিৎসাৰ বাবে পিক্ আপ ভেন এখনৰ দ্বাৰা মাৰ্ঘেৰিটাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিছিল যদিও লোক দুজনৰ ইতিপূৰ্বে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ।

পিচত মৃত লোক দুজনৰ মৃতদেহ মাৰ্ঘেৰিটা আৰক্ষীয়ে নিশাই থানালৈ লৈ যায় । সন্তোষ মাঝি নামৰ যুৱকজনৰ ভাষ্য অনুযায়ী তেওঁ তামোলৰ বেপাৰ কৰে । সেই উদ্দেশ্যে সোমবাৰেও তেওঁ অঞ্চলটোলৈ তামোল সংগ্ৰহৰ বাবে যাওঁতে লোক দুজনক তামোল বাৰীখনৰ সমীপত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । সন্তোষে সেই সময়ছোৱাত লোক দুজনক অলপ অলপ কপি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । সেই বাবেই তেওঁ ততাতৈয়াকৈ লোক দুজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে ।

তাৰ বিপৰীতে একাংশ লোকৰ ভাষ্য অনুযায়ী লিডু ঝৰ্ণা বস্তিৰ সমীপৰ তামোল বাৰীখনৰ সমীপত লোক দুজন মৃত অৱস্থাত পৰি আছিল । মৃত লোক দুজন মেঘালয়ৰ গাৰো সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে । লোক দুজনে কয়লা শ্ৰমিক ৰূপে অঞ্চলটোত আশ্ৰয় লৈ আছিল বুলিও চৰ্চিত হৈছে যদিও এই পৰ্যন্ত পৰিচয় উদ্ধাৰ হোৱা নাই ।

লগতে পঢ়ক: Miners die in coal mine : আকৌ অঘটন; লিডুৰ কয়লাখনিত দুই শ্ৰমিকৰ মৃত্যু

লোক দুজন মৃত্যুৰ পূৰ্বলৈকে ৰেট হ’ল মাইনিঙত কয়লাৰ অবৈধ খননৰ সৈতে জড়িত আছিল বুলি সূত্ৰত প্ৰকাশ । জনৈক অজয় প্ৰধানৰ দ্বাৰা পৰিচালিত ৰেট হ’ল মাইনিং এটাত কয়লাৰ অবৈধ খনন চলাই থকা অৱস্থাত বিষাক্ত গেছ নিৰ্গত হৈ শ্ৰমিক দুজনৰ মৃত্যু হোৱা বুলি অঞ্চলটোত সৰব চৰ্চা চলিছে । ইতিমধ্যে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ যে প্ৰায়ে কায়লাৰ অবৈধ খনিত শ্ৰমিক হিচাপে কৰ্মৰত হ'বলৈ আহি বহু শ্ৰমিকৰ মৃত্যু ঘটিছে যদিও এই অবৈধ বেহাৰ সৈতে জড়িত এজনকো আজি পৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই । ফলত আৰক্ষীৰ এনে নীৰৱ ভূমিকাক সচেতন মহলে কঠোৰ ভাষাৰে সমালোচনা কৰিছে ।

লিডু আৰক্ষী চকীৰ সন্মুখতে দিনে-নিশাই কয়লাৰ চোৰাং বেহা অব্যাহত আছে যদিও আৰক্ষী প্ৰশাসনে সম্পূৰ্ণ চকু মুদা কুলিৰ ভাও ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । মাৰ্ঘেৰিটা মহকুমাৰ কয়লাক্ষেত্ৰসমূহ পৰিদৰ্শনৰ বাবে যোৱা ২১ জুনত অহা অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ কমিটীৰ দলটোৱে তাৎক্ষণিকভাৱে ৰেট হ'ল মাইনিং বন্ধৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ।

লগতে পঢ়ক: অবৈধ কয়লাৰ বেহাৰ সৈতে জড়িত মাফিয়াক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - Laborers Trapped IN COAL MINES

এই দলটোত আছিল ক্ৰমে জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, প্ৰদীপ হাজৰিকাৰ লগতে তেৰচ গোৱালা, সুৰেন ফুকন, ৰফিকুল ইছলাম, সুমন হৰিপ্ৰিয়া আৰু শিবামণি বৰা ।

এই নিৰ্দেশ দিয়াৰ পাচতো জিলা প্ৰশাসন তথা লিডু, লেখাপানী আৰক্ষী প্ৰশাসনৰ গা নলৰা বিষয়টোক লৈ সৰৱ চৰ্চা হৈছে । চোৰাং কয়লা বেপাৰী আৰু আৰক্ষীৰ গোপন মিতিৰালিৰ বাবেই লিডু, লেখাপানী আৰক্ষী থানাৰ এলেকাত কয়লাৰ চোৰাং বেহা অবাধে চলিছে বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিছে ।

ইতিপূৰ্বেই বহুকেইজন কয়লা শ্ৰমিকৰ মৃত্যুৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে যদিও চৰকাৰ প্ৰশাসনৰ ৰাষ্ট্ৰীয় সম্পদ কয়লা তথা শ্ৰমিকৰ জীৱনৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাত মানৱ অধিকাৰ ভংগৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে ।

যিহেতু চোৰাং কয়লা ব্যৱসায়ীয়ে বন আইন অমান্য কৰি পাহাৰ তথা জংঘল এফালৰ পৰা ধ্বংস কৰি গৈছে, এইক্ষেত্ৰত অসম চৰকাৰ তথা ভাৰত চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । দুজন কয়লা শ্ৰমিকৰ মৃত্যুৰ খবৰে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ অসম বিধানসভাৰ বিধায়ক - Illegal coal mines in Margherita

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.