ETV Bharat / state

ধনদাবী কৰা দুজন ভুৱা আছু নেতাক আটক : আন সংগঠনৰ নামতো ধনদাবী কৰি অহাৰ অভিযোগ - Fake AASU leader

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 9:43 PM IST

Fake AASU leader in Dibrugarh : আছুৰ ভুৱা পৰিচয়ৰে টেঙাখাতৰ দুখন চাহ বাগিচাত ধনদাবী কৰি আৰক্ষীৰ জালত পৰিল দুজন ৷ টেঙাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন ভুৱা আছুকৰ্মীক ৷ বিভিন্ন সংগঠনৰ নামত ভুৱাকৈ ধন সংগ্ৰহ কৰি অহাৰো অভিযোগ ৷

Fake AASU leader in Dibrugarh
ধনদাবী কৰা দুজন ভুৱা আছুনেতাক আটক (ETV Bharat Assam)

ডিব্ৰুগড়, ৪ ছেপ্টেবৰ : অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে ধন ঘটি ৰাজ্যত এজনৰ পিছত আন এজন আৰক্ষীৰ জালত পৰা পিছত এইবাৰ ডিব্ৰুগড়ত ওলাইছে ভুৱা আছুকৰ্মী । ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ বেলবাৰীত দুজনে ভুৱা আছু নেতাৰ পৰিচয়ৰে ধন দাবী কৰে টেঙাখাতৰ দুখনকৈ বাগিচাত ৷

ধনদাবী কৰা দুজন ভুৱা আছু নেতাক আটক (ETV Bharat Assam)

সভাপতি বিশ্বজিৎ গগৈ আৰু সাধাৰণ সম্পাদক নিপন গগৈ স্বাক্ষৰিত পত্ৰৰে ধনদাবী বেলবাৰীৰ দক্ষিণ বৰবাম চাহ বাগিচা আৰু সাধনা চাহ বাগিচাত ৷ টেঙাখাতৰ ধৰীয়া-দীঘলীয়া অঞ্চলৰ নিবাসী হেম গগৈৰ পুত্ৰ নৱ গগৈ (৩২ বছৰ) আৰু ভৈৰৱ সন্দিকৈৰ পুত্ৰ বুন সন্দিকৈয়ে (২২ বছৰ) দাবী অনুসৰি ধন সংগ্ৰহ কৰিবলৈ যাওঁতে বুধবাৰে বেলবাৰীস্থিত সাধনা চাহ বাগিচাৰ কাৰ্যালয়ত হাতে-লোটে কৰায়ত্ব কৰে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ।

টেঙাখাতৰ ধৰীয়াৰ নিবাসী নৱ গগৈ আৰু বুন সন্দিকৈয়ে দীৰ্ঘদিনৰ পৰা এনে কাৰ্য কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সন্থাৰ বিষয়ববীয়াই । আৰক্ষীৰ জালত পৰাত নিজেই আছুকৰ্মী নহয় বুলি কোৱাৰ লগতে বিশ্বজিৎ গগৈ আৰু নিপন গগৈ নামৰ কোনো ব্যক্তি নাই বুলি স্বীকাৰ কৰে ভুৱা আছু নেতাকেইজনে ।

আছুৰ অভিযোগ অনুসৰি এই দুই প্ৰৱঞ্চকে দীৰ্ঘদিন ধৰি আছুৰ লগতে বিভিন্ন সংগঠনৰ নামত ভুৱাকৈ ধন সংগ্ৰহ কৰি আহিছে চাহ বাগিচাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ৷ এই দুই প্ৰৱঞ্চকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা পিছতে টেঙাখাত আৰক্ষীয়ে আটক কৰিছে । আছুৰ জিলা সম্পাদক অৰ্জুন ছেত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি চাহ বাগিচা কেইখনত দুয়োজন প্ৰৱঞ্চকে এটা অনুষ্ঠানত খাদ্য যোগান ধৰিব লাগে বুলি বাগিচা কৰ্তৃপক্ষক ধনদাবী পত্ৰ দিছিল । সেই কথা গম পাই আছুৰ এটা দলে সাধনা চাহ বাগিচাত আগৰ পৰা ৰৈ থকাত হাতে-লোটে ধৰা পৰে এই ভুৱা আছু নেতা কেইজন ।

আছুৰ নামত এনে দুষ্কাৰ্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাই জিলা ছাত্ৰ সন্থাৰ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক : মহানগৰীত এইবাৰ ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ : জব্দ নকল পিষ্টল-পৰিচয়পত্ৰ

দেহত খাকী, গাড়ীত ৰঙা লাইট লগাই ভুৱা এচিপি পৰিল সঁচা আৰক্ষীৰ জালত

মৰিগাঁৱত ভুৱা শিক্ষক : গোচৰৰ তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.