গুৱাহাটী, ১১ আগষ্ট: কাহিলীপাৰাস্থিত ভাউৰী দেৱী চেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হোষ্টেলৰ পৰা পৰা সন্ধানহীন হোৱা তিনিজন ছাত্ৰৰ ভিতৰত দুজনক দেওবাৰে উদ্ধাৰ কৰা হৈছে । এই বিদ্যালয়খনৰ ভকেশ্যনেল ট্ৰেইনিং চেন্টাৰৰ পৰা উদ্ধাৰ কৰে বিদ্যালয় কৰ্তৃপক্ষই । ভকেশ্যনেল ট্ৰেইনিং চেন্টাৰৰ বন্ধ কোঠাত সোমাই আছিল ছাত্ৰ দুজন । অৱশ্যে বিদ্যালয় কৰ্তৃপক্ষই যোৰহাটৰ ২০ বছৰীয়া আন এজন ছাত্ৰৰ এতিয়াও সন্ধান লাভ কৰা নাই ৷ আজি এইবিষয়ে সদৰী কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।
ক'ত লুকাই আছিল দুই ছাত্ৰ ?
বিদ্যালয়ৰ কৰ্তৃপক্ষই এই প্ৰসংগত উল্লেখ কৰা মতে,ভাউৰী দেৱী চেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰৰ হোষ্টেলৰ পৰা দেওবাৰে পুৱাৰে পৰা তিনিজন ছাত্ৰ সন্ধানহীন হৈ আছিল । সন্ধানহীন হোৱা ছাত্ৰকেইজনৰ এজনৰ ঘৰ ধুবুৰীত । আন দুজনৰ ঘৰ নলবাৰী আৰু যোৰহাটত । কালি এই ছাত্ৰ কেইজন বিদ্য়ালয়ৰ হোষ্টেলৰ পৰা সন্ধানহীন হোৱাত হাহাকাৰ লাগে বিদ্যালয়ত ।
সন্ধান নাই তৃতীয়জন ছাত্ৰৰ :
বিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ পিচতেই তেওঁলোকৰ সন্ধানৰ বাবে অভিযান চলায় । ইয়াৰ মাজতেই ধুবুৰী আৰু নলবাৰীৰ ছাত্ৰ দুজনক বিদ্যালয়ৰ কৰ্তৃপক্ষই ভকেশ্যনেল ট্ৰেইনিং চেন্টাৰৰ বন্ধ কোঠাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু যোৰহাটৰ ছাত্ৰজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই । গ্ৰীষ্মৰবন্ধ খোলাৰ পিছত অভিভাৱকে শনিবাৰে হোষ্টেললৈ লৈ আহিছিল যোৰহাটৰ ছাত্ৰজনক । ঘৰৰ পৰা হোষ্টেললৈ আহিবলৈ অমান্তি হৈ আছিল এই ছাত্ৰজন । সেয়েহে ছাত্ৰজনে পুনৰ ঘৰলৈ উভতি যোৱাৰ সন্দেহ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।