ETV Bharat / state

বনকৰ্মীৰ গুলীত নিহত দুই মাছমৰীয়া - ENCOUNTER

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 10:02 AM IST

Forest Department Encounter : চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে কঠোৰ বন বিভাগ । বন কৰ্মীৰ এনকাউণ্টাৰত নিহত দুই মাছমৰীয়া ।

FOREST DEPARTMENT ENCOUNTER
বনকৰ্মীৰ গুলীত নিহত দুই মাছমৰীয়া (ETV BHARAT ASSAM)

নগাঁও, 22 জুন : ৰাজ্যৰ বনাঞ্চলসমূহৰ সুৰক্ষাৰ বাবে তৎপৰ হৈছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বনাঞ্চলসমূহত চোৰাং চিকাৰীৰ উপদ্ৰৱ হ্ৰাস কৰিবলৈ বন বিভাগক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল ৷

এইবাৰ ইয়াৰ মাজতে নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে । লাওখোৱা অভয়াৰণ্যত শুকুৰবাৰে নিশা চোৰাং মাছমৰীয়ালৈ লক্ষ্য কৰি এনকাউণ্টাৰ কৰিলে বনকৰ্মীয়ে ।

লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা । প্ৰাপ্ত খবৰ অনুসৰি নিশা লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাৰ ৰৌমাৰী বিলত চোৰাংভাৱে মাছ মাৰিব গৈছিল নিহত দুই ভাতৃ আব্দুল জলিল আৰু ছমিৰ উদ্দিন । জুৰীয়াৰ ধিং বৰি চাপৰি গাঁৱৰ আব্দুল জলিল আৰু ছমিৰ উদ্দিনে নিশা প্ৰায় 12 বজাত মাছ মাৰিবলৈ গৈছিল ৷

তেনে সময়তেই টহলদাৰী বনকৰ্মীৰ চকুত পৰে মাছমৰীয়া দুজন । লগে লগে মাছমৰীয়া দুজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে টহলদাৰী বনকৰ্মীৰ দলে । বনকৰ্মীৰ গুলীত থিতাতে নিহত হয় দুই মাছমৰীয়া আব্দুল জলিল আৰু ছমিৰ উদ্দিন ।

লগে লগে নিশাই বন বিভাগে নিহত হোৱা দুই মাছমৰীয়াৰ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৎস্য ব্যৱসায়ৰেই পৰিয়াল পোহপাল দিয়া দুই ব্যৱসায়ী আব্দুল জলিল আৰু ছমিৰ উদ্দিনৰ বনকৰ্মীৰ গুলীত মৃত্যু হোৱাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

পৰৱৰ্তী সময়ত অভয়াৰণ্যখনৰ ৰৌমাৰী বিলৰ সমীপত নিশাৰ পৰাই বৃহৎ আৰক্ষী, বন বিভাগৰ লোক মোতায়েন কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক: কুশ কুটুমৰ এনকাউণ্টাৰ: যোৰহাট আৰক্ষীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ - Jorhat encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.