ETV Bharat / state

দীপাৱলীৰ নিশা খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা; দুই যুৱক-যুৱতীৰ মৃত্যু

খানাপাৰৰ হোটেল ভিভাণ্টাৰ সন্মুখৰ ফুটব্ৰীজৰ তলতে ভয়ংকৰ দুৰ্ঘটনা ৷ নিহত দুই যুৱক-যুৱতী ৷

Two Dead Two Injured In Head on Collision Between Two Vehicles in Guwahati Khanapara
দীপাৱলীৰ নিশা খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা; দুই যুৱক-যুৱতীৰ মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 1:19 PM IST

গুৱাহাটী : দীপাৱলীৰ আনন্দৰ মাজতে নিশা মহানগৰীৰ খানাপাৰাত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত প্ৰাণ গ’ল দুই যুৱক-যুৱতীৰ । দুখন স্ক’ৰপিঅ’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে থিতাতে নিহত হয় এজন যুৱক আৰু এগৰাকী যুৱতী । লগতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন দুই যুৱক ৷ জানিব পৰা মতে, আহত দুয়োকে নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।

তথ্য মতে, খানাপাৰৰ হোটেল ভিভাণ্টাৰ সন্মুখৰ ফুটব্ৰীজৰ তলতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । এখন ক’লা আৰু এখন বগা ৰঙৰ স্ক’ৰপিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয় । খানাপাৰা দিশৰ পৰা তীব্ৰ বেগত আহিছিল ক’লা ৰঙৰ স্ক’ৰপিঅ’খন । ছয় মাইল ফালৰ পৰা পৰা আহি আছিল বগা ৰঙৰ স্ক’ৰপিঅ’খন ।

দীপাৱলীৰ নিশা খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা (ETV Bharat)

বগা ৰঙৰ স্ক’ৰপিঅ’খনে খানাপাৰৰ ফুটব্ৰীজৰ তলতে চাইন্স মিউজিয়ামৰ ফালে সোমাব লওঁতেই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ক’লা ৰঙৰ স্কৰপিঅ’খনে । ফলত ৰেলিং ভাঙি ফুটব্ৰীজৰ ওপৰলৈ উঠি যায় ক’লা স্ক’ৰপিঅ’খন । ফুটব্ৰীজৰ ওপৰত খুন্দা মাৰি পুনৰ তলত পৰে বাহনখন । মাত্ৰ তিনিদিন পূৰ্বে ক্ৰয় কৰিছিল ক’লা ৰঙৰ স্ক’ৰপিঅ’খন ।

বাহনখনত আছিল দুগৰাকী যুৱতীসহ এজন যুৱক । ইয়াৰে দুই যুৱক-যুৱতীৰ থিতাতে মৃত্যু হয় । বাহনখনত থকা আন এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয় । আহত যুৱতীগৰাকীক সংকটজনক অৱস্থাত GMCH ত ভৰ্তি কৰোৱা হয় ।

উল্লেখ্য যে, দীপাৱলীৰ নিশা বাৰৰ পৰা ওলাই আহিছিল ক’লা স্ক’ৰপিঅ’খনত থকা তিনি যুৱক যুৱতী । কিয়নো তিনি যুৱক-যুৱতীৰ হাতত আছিল বাৰৰ এণ্ট্ৰী টেগ । ইউ-টাৰ্ণ লোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই আনখন বাহনত প্ৰচণ্ড খুন্দা মাৰে স্কৰপিঅ’খনে । দ্ৰুতবেগী স্কৰপিঅ’ৰ খুন্দাত ভাঙি চূৰমাৰ হৈ পৰে খানাপাৰাৰ ফুটব্ৰীজখন ।

ইফালে বগা ৰঙৰ স্কৰপিঅ’খনৰ চালকজনো গুৰুতৰভাৱে আহত হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । নিহত নিহত যুৱতীগৰাকীৰ নাম কনামিকা নাৰ্জাৰী । গুৱাহাটীত কোচিং কৰি থকা কনামিকাৰ ঘৰ কোকৰাঝাৰৰ ঝাড়াগুৰিত বুলি জানিব পৰা গৈছে । নিহত যুৱকজনৰ নাম দীপিত দে’ । তেওঁৰ ঘৰ খ্ৰীষ্টানবস্তিৰ শ্ৰীনগৰত । ইফালে দুৰ্ঘটনাটোত আহত যুৱতীগৰাকীৰ নাম নেহা বসুমতাৰী ।

লগতে পঢ়ক : দীপাৱলীৰ দিনাই ৰাজ্যৰ বিভিন্ন স্থানত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.