লখিমপুৰ, ২৬ মাৰ্চ : ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৫ টাকৈ লোকসভা সমষ্টিৰ শাসক-বিৰোধীৰ মনোনয়ন দাখিলৰ হেতুকে মঙলবাৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অসমৰ ৫ টা সমষ্টিৰ ৪ টা সমষ্টিৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চই নিজা আয়োজন প্ৰস্তুত কৰিছে ।
লখিমপুৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্রেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই মঙলবাৰে মনোনয়ন পত্র দাখিল কৰে । প্ৰাৰ্থীগৰাকীৰ সৈতে উপস্থিত থাকে ৰিপুণ বৰাও ।
মনোনয়ন পত্ৰ দাখিল কৰি চুতীয়াই কয় যে, বিজেপিৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিকল্প হৈ ঠিয় দিছে তৃণমূল কংগ্রেছ ।
তৃণমূল কংগ্রেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই কয় যে, দেশৰ জটিল সন্ধিক্ষণত ৰাইজে তৃণমূল কংগ্রেছক বিকল্প হিচাপে গ্ৰহণ কৰিছে । অসমত এইবাৰ তৃণমূল কংগ্রেছে চাৰিখন আসন দখল কৰিব । বিজেপিয়ে গাড়ী আৰু টকা পইচা দি মনোনয়ন দিবলৈ দলীয় সমৰ্থকক আনিছে । কিন্তু তৃণমূলৰ কৰ্মী সকল স্বতঃস্ফুতভাৱে ওলাই আহিছে । বাহ্যিক দৃষ্টিত বিজেপিৰ লগত কৰ্মী আছে যদিও এক আন্দাৰ কাৰেন্টে ক্ৰিয়া কৰি আছে। দেখুৱাই বিজেপিক সমৰ্থন কৰিলেও ভিতৰি তৃণমূলহে ৷ বিজেপিয়ে এনে বহু কৰ্মীৰ সমৰ্থন পাব বুলি ৰিপুণ বৰাই ব্যংগ কৰি কয় ৷
লগতে শেহতীয়াকৈ কংগ্রেছ দলত্যাগ কৰা ভৰত নৰহ অথবা ৰাণী নৰহ তৃণমূল দললৈ আহিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয় যে, ৰাজনীতিত সকলো সম্ভৱ । তৃণমূল কংগ্রেছৰ দুৱাৰ সকলোৰে বাবে খোলা আছে ৷
ইণ্ডি এলায়েন্সৰ প্ৰসংগত তেওঁ কয় যে, ৰাজ্য বিশেষে মিত্ৰতা নাই যদিও সৰ্বভাৰতীয় পৰ্যায়ত মিত্রতা অব্যাহত আছে। অসমত চাৰিখন আসন তৃণমূল কংগ্রেছে নিশ্চিতভাৱে দখল কৰিব বুলি তেওঁ দাবী কৰে ৷
লগতে পঢ়ক: কংগ্ৰেছৰ কোনে, ক’ত, কেতিয়া দিব মনোনয়ন ? - Lok Sabha Elections