শিলচৰ: মঙলবাৰে নিশা কাছাৰৰ বৰখলা ৰায়পুৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নদীত বাগৰি পৰে এখন অল্টো বাহন । এই ভয়ংকৰ দুৰ্ঘটনাত নদীৰ পানীত নিখোঁজ হয় বাহনখনত থকা মাতৃ আৰু এবছৰীয়া কন্যাশিশু । অৱশেষত বুধবাৰে পুৱা উদ্ধাৰ হয় দুৰ্ঘটনাগ্ৰস্ত বাহনখন । বাহনখনৰ পৰা উদ্ধাৰ হয় হেলিনা বেগম বৰভূঞা নামৰ মহিলাগৰাকীৰ সৈতে তেওঁৰ এবছৰীয়া কন্যা জন্নত আৰা বেগম ৷
জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া বৰখলা মোহনপুৰৰ ৰইছ উদ্দিন নামৰ এজন লোকে নিজ অল্টো বাহনেৰে তেওঁৰ পত্নী আৰু এবছৰীয়া কন্যাশিশুক লগত লৈ চিকিৎসাৰ বাবে শিলচৰ চহৰলৈ গৈছিল । চিকিৎসকক দেখুৱাই নিশা শিলচৰ চহৰৰ পৰা বৰখলা মোহনপুৰস্থিত নিজঘৰলৈ উভতি অহাৰ সময়ত ৰায়পুৰত হঠাৎ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা বৰাক নদীত বাগৰি পৰে ।
ইফালে বাহনখন নৈত পৰি যোৱাৰ পাছত বাহনৰ আইনা ভাঙি কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি ৰইছ উদ্দিন ওলাই আহে যদিও বাহনখনত থকা তেওঁৰ পত্নী আৰু শিশুকন্যা বাহনসহ পানীত ডুব যায় । ভয়ংকৰ এই দুৰ্ঘটনাৰ খবৰ পাই নিশাতেই ঘটনাস্থলীত উপস্থিত হয় কাছাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাসহ আৰক্ষী আৰু এছ ডি আৰ এফৰ লগতে বহু স্থানীয় লোক ।
আনহাতে, স্থানীয় ৰাইজৰ সহযোগত এছ ডি আৰ এফে ওৰে নিশা নৈত মাতৃ-কন্যাক বিচাৰি অভিযান চলায় যদিও বাহনসহ মাতৃ-কন্যাৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল অভিযানকাৰী দলে । ইয়াৰ পিছত বুধবাৰে পুৱাতে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয় । অৱশেষত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ লগতে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।
ইপিনে ভয়ংকৰ এই দুৰ্ঘটনাত ৰইছ উদ্দিন নামৰ লোকজনো আহত হৈ বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ মৰ্মান্তিক এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ।
কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয়, "যোৱা নিশা প্ৰায় 11.30 মান বজাত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় ৷ এটা পৰিয়াল গাড়ীসহ নদীত সোমাই যায় ৷ বাহনখনত থকা এজন ব্যক্তি কোনোমতে ওলাই আহে ৷ তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে ৷ গোটেই ৰাতি এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলোৱা হয় ৷"