ETV Bharat / state

কলিয়াবৰত পথ দুৰ্ঘটনাত তিনি বছৰীয়া শিশুৰ মৃত্যু : পাঁচজন গুৰুতৰভাৱে আহত - Road Accident

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 9:06 AM IST

Road Accident at Kaliabor : আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এটি শিশুৰ ৷ কিশোৰসহ 5 জন আহত ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন ডি আই বাহনৰ ৷ পঢ়ক বিতং খবৰ...

Road Accident
পথ দুৰ্ঘটনা (ETV Bharat Assam)

কলিয়াবৰ, 6 আগষ্ট : কলিয়াবৰৰ আমবাগানত সোমবাৰে নিশা প্ৰায় 8.30 বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰবেগী ডি আই বাহনে খুন্দিয়াই মহতিয়াই নিয়ে এখন যাত্ৰীবাহী ই-ৰিক্সাক ৷

দুৰ্ঘটনাটোত শিশু-মহিলাসহ মুঠ ছয়জনকৈ গুৰুতৰভাৱে আহত হয় ৷ আহতসকলক ততাতৈয়াকৈ জখলাবন্ধাস্থিত কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে আহত এটি শিশুৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে ৷ লগতে আন পাঁচজনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: শদিয়াৰ পৰা ধুবুৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা: বৃদ্ধি পাইছে দুৰ্ঘটনা - National highway

জানিব পৰা মতে, প্ৰায় 10 জন যাত্ৰী লৈ আমবাগানৰ পৰা কাৱৈমাৰীলৈ ৰিক্সাখন গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা এখন ডি আই বাহনে তীব্ৰবেগেৰে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷ ঘটনা সংঘটিত কৰিয়েই ডি আই বাহনখনে পলায়ন কৰে ৷ আমবাগান আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত আহতসকলক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰে ৷

মৃত্যু হোৱা শিশুটিৰ নাম নাজিয়া বেগম (3) ৷ এই ঘটনাটোত 14 বছৰীয়া কিশোৰ মক্‌ছিদুল ইছলামৰ এখন হাত ছিঙি যায় ৷ দুৰ্ঘটনাটোত আহত হোৱা আন ব্যক্তিকেইজন হ'ল ক্ৰমে- ৰূপহীহাট আৰক্ষী চকীৰ অন্তৰ্গত মাগুৰমাৰীৰ জিয়াউৰ ইছলাম (16), চুলতানা খাতুন (34), হাফিছা খাতুন (22), মুছিকুল ইছলাম (14) আৰু জাহানাৰা বেগম ৷

উল্লেখ্য যে, যাতায়াত ব্যৱস্থা সূচল কৰাৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ পিছতো বহুসময়ত চালকৰ নিয়ন্ত্ৰণহীনতা তথা অত্যধিক গতিবেগৰ বাবে পথ দুৰ্ঘটনাসমূহ সংঘটিত হোৱা দেখা যায় ৷ ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ তথ্য মতে, বিগত পাঁচ বছৰত ৰাজ্যখনত সংঘটিত হৈছে 37,627 টা পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত মৃত্যু হৈছে 14,833 গৰাকী লোকৰ ।

লগতে পঢ়ক: কাজিৰঙাৰ দুৰ্গাপুৰত পথ দুৰ্ঘটনা: তিনিখন বাহন ক্ষতিগ্ৰস্ত - Road Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.