গুৱাহাটী, ২২ ছেপ্টেম্বৰ : ফেচবুক, ইষ্টাগ্ৰামত আকৰ্ষণীয় ৰীল দেখি যিকোনো যুৱতীৰে বন্ধুত্ব গঢ়িবলৈ গ’লে বিপদ অনিবাৰ্য ৷ টিনা, পৰী আৰু জিনা আদিৰ পৰা সাৱধান হওক ৷ টিনা, পৰী, জিনা আদি চলনাময়ী যুৱতীৰ জালত আপুনিও পৰিব পাৰে, হ’ব পাৰে সৰ্বস্বান্ত ৷
টিনা, পৰী, জিনাৰ ব্লেকমেইলিঙৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে এগৰাকী ব্যৱসায়ীয়ে ৷ ছদ্মবেশী মডেল টিনা, পৰী, জিনাই গোপন ফটো ভাইৰেল কৰাৰ ভাবুকিৰে ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপিত হৈছে গুৱাহাটীৰ ব্যৱসায়ীক ৷
হানী ট্ৰেপিঙত এইবাৰ ছদ্মৰূপী মডেল জড়িত হোৱাৰ অভিযোগ ব্যৱসায়ীৰ ৷ ছদ্মৰূপী মডেলৰ বিৰুদ্ধে ১২ লাখ লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে গুৱাহাটীৰ ব্যৱসায়ীগৰাকীয়ে ৷ উত্থাপিত হৈছে হানী ট্ৰেপিঙৰ কৌশলেৰে বিগত এবছৰ ধৰি লুণ্ঠন কৰাৰ ৷
অভিযোগ অনুসৰি ছদ্মবেশী এগৰাকী মডেলৰ সৈতে প্ৰথমে বন্ধুত্ব হৈছিল ব্যৱসায়ীগৰাকীৰ ৷ তাৰ পিচত লাহে লাহে সেই সম্পৰ্ক প্ৰেমলৈ পৰিণত হ’ল দুটি সন্তাৰ পিতৃৰ ৷ তাৰ পিচতে অন্তৰংগ মুহুৰ্ত পাৰ কৰি এতিয়া বিপদ পৰিছে ব্যৱসায়ীগৰাকী ৷ মডেলগৰাকীয়ে ব্যৱসায়ীগৰাকীৰ গোপন ফটো ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি ব্লেকমেইলিঙৰ জৰিয়তে লুণ্ঠনৰ জাল পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যৱসায়ীগৰাকীৰ পত্নীয়ে ৷ টিনা, পৰী আৰু জিনা আদি বিভিন্ন নামেৰে পৰিচয় দিয়াৰ অভিযোগ যুৱতীগৰাকীৰ বিৰুদ্ধে ৷ ব্যৱসায়ীৰ পৰা লাখে লাখে টকা সৰকোৱাৰ লগতে বিলাসী আইফোনপৰ্যন্ত ক্ৰয় কৰি লৈছিল যুৱতীগৰাকীয়ে ৷
বিভিন্ন প্ৰতিষ্ঠিত ব্যৱসায়ীক টাৰ্গেট কৰাৰ অভিযোগো আছে মডেল যুৱতীগৰাকীৰ বিৰুদ্ধে ৷ মাহে মাহে ভাৰাঘৰ সলাই ফুৰা অভিযুক্ত যুৱতীগৰাকীক এতিয়াও বিচাৰি পোৱা নাই আৰক্ষীয়ে ৷
লগতে পঢ়ক : সাৱধান ! অচিনাকী সুন্দৰীৰ ৰূপত ভোল নাযাব; ধন-সন্মান সকলো হেৰুৱাই সৰ্বস্বান্ত হ’ব আপুনি
হানী ট্ৰেপিঙৰ জালত পৰিল IPS বিষয়া, 50 লাখ টকা বিচাৰি ব্লেকমেইল