চামগুৰি: জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি অমাত জীৱ । মানুহৰ স্বাৰ্থৰ বাবেই মাতৃস্নেহৰ পৰা বঞ্চিত হ'ল দুদিন পূৰ্বে জন্ম পোৱা পাঁচটিকৈ মৰমলগা কুকুৰ পোৱালি । নিথৰ হৈ পৰি ৰোৱা মাতৃৰ মৃতদেহত গাখীৰৰ ব্যৰ্থ সন্ধান দুদিনীয়া পোৱালি কেইটাৰ ।
এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ পুৰণিগুদামৰ মিকিৰহাট হাতীগাঁৱত । ঘটনা অনুসৰি মিকিৰহাট হাতীৰ গাঁৱৰ দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ লোকজনে ব্ৰইলাৰ ফ্ৰাৰ্ম খুলি মোকলাইছিল জীৱিকাৰ পথ ।
কিন্তু সেই ব্ৰইলাৰ ফাৰ্মত সোমাই কুকুৰজনীয়ে ব্ৰইলাৰ খোৱা বুলি অভিযোগ উত্থাপন কৰি সেই অপৰাধতে কুকুৰজনীক অতি নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে বুলি জনাই অভিযুক্ত দাদুলে । পিচে দাদুলৰ আক্ৰমণত মৃত্যু হোৱা কুকুৰজনীৰ নিথৰ দেহত গাখীৰৰ সন্ধান কৰি কাষতে ঘূৰি ফুৰে পোৱালিকেইটা ।
যি দৃশ্য দেখি চকু সেমেকি উঠিছে সকলোৰে । এই ঘটনা পোহৰলৈ অহাৰ পাছতে স্থানীয় মহিলাসকলে ন্যায় বিচাৰি ওলাই আহিল মৃত কুকুৰজনীৰ কাষলৈ । পোৱালিকেইটাই মাকক বিচাৰি হাবাথুৰি খোৱা দৃশ্য দেখি কান্দি কান্দি ব্যাকুল হৈ পৰিল অঞ্চলটোৰ মহিলাসকল । মাতৃত্বৰ বেদনা উপলব্ধি কৰা মহিলাসকলে ন্যায় বিচাৰি পুৰণিগুদাম আৰক্ষীৰ চকীৰ কাষ চাপে ।
ইফালে কুকুৰজনীক হত্যা কৰি অলপো অনুতপ্ত হোৱা পৰিলক্ষিত নহ'ল অভিযুক্ত দিব্যজ্যোতি শইকীয়া ওৰফে দাদুলক । তাৰ পৰিৱৰ্তে ওভতগোৰে নচা যুক্তিৰে দায় সাৰিবলৈ চেষ্টা চলাই দাদুল তথা তেওঁৰ পত্নীয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় মহিলাসকলে ।