ETV Bharat / state

মৰাণত আহোমসকলৰ পৰম্পৰাগত তৰাচিঙা বিহু - tora singa bihu

Tora singa bihu: মৰাণত উলহ-মালহেৰে চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু অনুষ্ঠিত কৰিলে ৰাইজে ৷

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 7:58 PM IST

Tora singa bihu celebration in Moran
তৰাচিঙা বিহু উদযাপন
তৰাচিঙা বিহু উদযাপন

ডিব্ৰুগড়, 22 মাৰ্চ : মৰাণৰ ঊষাপুৰত শুকুৰবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় টাই আহোমসকলৰ পৰম্পৰাগত তৰাচিঙা বিহু ৷ মৰাণ ঊষাপুৰ মহিলা সমাজ, মৰাণ মহিলা মঞ্চৰ উদ্যোগত টাই আহোম যুৱ পৰিষদৰ মৰাণ আঞ্চলিক সমিতি, মৰাণ শিল্পী সমাজ আৰু মৰাণৰ বিভিন্ন দল-সংগঠনৰ সহযোগত মৰাণ ঊষাপুৰ খেলপথাৰত আয়োজন কৰা হৈছে এই চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু ৷

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰাৰ পাচতে দুপৰীয়া পৰম্পৰাগত দোলা যাত্ৰা উলিওৱা হয় । দোলা যাত্ৰা শুভ উদ্বোধন কৰে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় চন্দন ৰাজকোঁৱৰে ৷ এই দোলা যাত্ৰাত টাই আহোম, সোণোৱাল কছাৰী, মিচিং, চাহ জনগোষ্ঠীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ৷

এই দোলা যাত্ৰাৰ পাচতে তৰাগছ স্থাপন কৰি টাই আহোমৰ পৰম্পৰাগত তৰাচিঙা বিহুৰ থাপনা পতা হয় । ইয়াৰ পিচতে বিহুৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে, কেৱল ধৰ্মীয় পৰম্পৰা ৰীতি-নীতিৰ মাজেৰেই পালন কৰি অহা হৈছে তৰা চিঙা বিহু । তৰা চিঙা বিহু ৰঙালী বিহুৰ মাতৃ স্বৰূপ ৷ এই বিহু আৰম্ভ কৰিছিল চাওলুং চ্যুকাফাই । এই বিহুত দোলা যাত্ৰাৰে তৰাগছ আনি আসনত স্থাপন কৰা হয় । আজি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰি দোলা যাত্ৰাৰে তৰাগছ আনি আসনত স্থাপন কৰা পাচতে এই তৰাচিঙা বিহুৰ সামৰণি অনুষ্ঠান ৭ ব'হাগত অনুষ্ঠিত হ'ব ৷ এই তৰা চিঙা বিহু অনুষ্ঠানত অঞ্চলটোৰ ৰাইজে উলহ-মালহেৰে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : কোন শিল্পীয়ে কিমান টকাৰ মাননিত এইবাৰ বিহুমঞ্চ কঁপাবলৈ সাজু হৈছে ? - Highest Paid Artist On Bihu Stage

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.