ETV Bharat / state

ৰীলত নহয় বাস্তৱত দেখুৱাইছে পাঁচ বান্ধৱীয়ে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন - SELF RELIANT STORY

পাঁচগৰাকী বান্ধৱীৰ এক প্ৰেৰণাদায়ক কাহিনী । টিউচন কৰি পোৱা টকাৰ অযথা খৰচ নকৰি পাঁচ বান্ধৱীয়ে পদূলিতেই আৰম্ভ কৰিছে ব্যৱসায় ।

Tinsukia Tutors turn entrepreneur opens snack shop
ৰীলত নহয় বাস্তৱত দেখুৱাইছে পাঁচ বান্ধৱীয়ে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 5:26 PM IST

Updated : Nov 21, 2024, 6:08 PM IST

তিনিচুকীয়া: পুৱা স্থানীয় ছাত্ৰ-ছাত্ৰীক টিউচন কৰে, দিনত নিজে শিক্ষাগ্ৰহণ কৰিবলৈ মহাবিদ্যালয়লৈ যায় আৰু আবেলিৰ পৰা সন্ধিয়ালৈ ঘৰৰ পদূলিৰ মুখতে পকৰী আৰু ঘুগুনীৰ দোকান দিয়ে পাঁচগৰাকীকৈ বান্ধৱীয়ে ।

আচলতে টিউচন কৰি পোৱা টকাৰে পাঁচ বান্ধৱীয়ে আৰম্ভ কৰিলে পদূলিতে নতুন ব্যৱসায় । পাঁচ বান্ধৱী ক্ৰমে জুৰিস্মিতা, বৰষা, শিখা, মধুস্মিতা আৰু নীহাৰিকা । এই পাঁচগৰাকী বান্ধৱীৰ প্ৰেৰণাদায়ক কাহিনীয়ে চুই যাব আপোনাৰো মন-প্ৰাণ ।

ৰীলত নহয় বাস্তৱত দেখুৱাইছে পাঁচ বান্ধৱীয়ে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন (ETV Bharat Assam)

"কেৱল ল'ৰাইহে পাৰে নেকি ? আমি ছোৱালীবোৰেও পাৰো ।" দিনত কলেজলৈ যায়, আবেলি পদূলিতে দিয়ে পকৰী আৰু ঘুগুনীৰ দোকান । ৰীলছ বনাই সময় নষ্ট কৰাতকৈ হ'ব খুজিছে আত্মনিৰ্ভৰশীল । টিউচন কৰি পোৱা সাঁচতীয়া টকাকেইটাৰে সৰুকৈ আৰম্ভ কৰিছে ব্যৱসায় । হয়, পাঁচগৰাকী উচ্চ শিক্ষিত যুৱতী ওলাই আহিছে ব্যৱসায় কৰিবলৈ । সৰুৰে পৰা একেলগে উমলি-জামলি ডাঙৰ হোৱা পাঁচোগৰাকী বান্ধৱীয়ে বুকুত সাহস লৈ পদাৰ্পণ কৰিছে ন-ব্যৱসায়ত ।

সামাজিক মাধ্যমে চিন্তাধাৰা সলনি কৰি পেলালে এই উচ্চ শিক্ষিতা যুৱতী কেইগৰাকীৰ । বিভিন্নজনৰ প্ৰেৰণাদায়ক কাহিনী দেখি উৎসাহিত হৈ নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰি দিলে ফাষ্টফুড দোকানৰ ব্যৱসায় । পাঁচগৰাকী যুৱতীৰ জুৰিস্মিতা কাকতিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি থকাৰ সমান্তৰালভাৱে ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি আছে । লগতে টিউচন কৰে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক । ঠিক তেনেদৰেই বাকীকেইগৰাকী যুৱতীৰো কোনোৱে যদি নাৰ্ছিং কৰি আছে, কোনোবাই কৰি আছে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ ।

তিনিচুকীয়া জিলাৰ পানীতোলাৰ নাহৰণি গাঁৱৰ পাঁচ বান্ধৱী ক্ৰমে জুৰিস্মিতা, বৰষা, শিখা, মধুস্মিতা আৰু নীহাৰিকাই কলেজৰ পৰা আহি পোৱা আজৰি সময়কণত দিছে এতিয়া ফাষ্টফুডৰ দোকান । কেৱল দোকানেই নহয়, পুৱাৰ ভাগত টিউচন কৰিও হাত খৰচ উলিয়াই আটাইকেইগৰাকীয়ে । আনহাতে কেউগৰাকী উদ্যমী যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবেও প্ৰস্তুতি চলাই আহিছে ।

পঢ়াশুনাৰ সমানে সমানে সকলোবোৰ কাম কৰি যাবলৈ সক্ষম হোৱা পানীতোলাৰ এই পাঁচগৰাকী যুৱতীৰ কৰ্ম-সংস্কৃতিয়ে বৃহত্তৰ অঞ্চলটোত এতিয়া চৰ্চা লাভ কৰিছে । নাৰী সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা এই পাঁচ বান্ধৱীৰ কৰ্মৰাজিয়ে এতিয়া বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে । পাঁচগৰাকীকৈ বান্ধৱীয়ে সময়ৰ সঠিক ব্যৱহাৰ কৰা কাৰ্যই সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে স্থানীয় লোক তথা পৰিয়ালৰ লোকেও শলাগ লৈছে । পাঁচ বান্ধৱীয়ে একেলগে থকাৰ লগতে বিভিন্ন কাম কৰাৰ বাবে পৰিয়ালে Five Sister নামো দিছিল ।

লগতে পঢ়ক: পানীও লগোৱা নাই, পোৰাও নাই; জাবৰৰ পৰা প্ৰস্তুত কৰিলে পৰিৱেশ অনুকূল ইটা

প্ৰধানমন্ত্ৰী সৌৰঘৰ যোজনা কিমান সফল হৈছে অসমত ?

Last Updated : Nov 21, 2024, 6:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.