ETV Bharat / state

লেখাপানীৰ চেইণ্টপল স্কুলৰ ছাত্ৰৰ সন্দেহজনক মৃত্যু : ঘটনাস্থলীত উপস্থিত আৰক্ষী অধীক্ষক - Tinsukia Student death - TINSUKIA STUDENT DEATH

Tinsukia Student death : উদয়পুৰ চেইণ্টপল ইংলিছ স্কুলৰ ছাত্ৰাবাসত এজন ছাত্ৰৰ মৃতদেহ ৰহস্যজনকভাৱে ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিচত অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷ আজি ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ ৷

Tinsukia Student death
ছাত্ৰৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 9:39 PM IST

তিনিচুকীয়া, 3 আগষ্ট : বিগত 1 আগষ্টত তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰ চেইণ্টপল ইংলিছ স্কুলৰ ছাত্ৰাবাসত এজন ছাত্ৰৰ মৃতদেহ ৰহস্যজনকভাৱে ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিচত অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷ বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতেই অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনাৰ ৷ ইযাৰ পিচতে আজি ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ ৷

ছাত্ৰৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি লেখাপানী আৰক্ষী থানাত সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে এই পৰ্যন্ত সমগ্ৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে আৰু সঠিক দিশত আগুৱাই গৈছে বুলি মন্তব্য কৰে ৷ লগতে তেওঁ তদন্ত সম্পূৰ্ণ কৰিবৰ বাবে অতি কমেও 30 দিন সময়ৰ প্ৰয়োজন হ’ব বুলি জানিবলৈ দিয়ে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে, এই ঘটনাৰ তদন্ত মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়াই কৰাৰ লগতে তিনিচুকীয়াৰ পৰা এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকক নিয়োগ কৰা হৈছে ৷

লগতে পঢ়ক : লেখাপানী উদয়পুৰ টায়াৰ জ্বলাই প্ৰতিবাদ ৰাইজৰ - Tinsukia Student death

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, এই পৰ্যন্ত তদন্তত আৰক্ষীয়ে যিসমূহ তথ্য লাভ কৰিছে তাৰ ভিত্তিত এয়া এক আত্মহত্যা যদিও সেয়া নিশ্চিত নহয় ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো মৃত্যুৰ কাৰণ আত্মহত্যা বুলিয়েই প্ৰকাশ পাইছে ৷ কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰমাণপত্ৰৰ ভিত্তিত তদন্ত নিৰ্ভৰ নকৰে বুলি কয় তেওঁ ৷

শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, তদন্ত সঠিকভাৱে সম্পন্ন হ’ব ৷ ঘটনাস্থলীত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ বাবে তদন্তৰ গতি কিছু লেহেমীয়া হৈছে ৷ আজি ছাত্ৰজনে ব্যৱহাৰ এটা ম’বাইল উদ্ধাৰ কৰা হৈছে, য’ত বহু তথ্য লাভ কৰাৰ সম্ভাৱনা আছে ৷ গতিকে যদি কোনো ব্যক্তিৰ ওচৰত এই ঘটনাৰ সন্দৰ্ভত তথ্য থাকে লিখিতভাৱে প্ৰদান কৰি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক : আত্মহত্যা নে আন কিবা ! বিদ্যালয়ৰ আৱাসিক এলেকাত ৰহস্যজনকভাৱে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ - Tinsukia suicide news

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.