ETV Bharat / state

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা; কেনে প্ৰস্তুতি চলাইছে তিনিচুকীয়া প্ৰশাসনে ? - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 11:19 AM IST

ADRE : ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ তৃতীয় বৰ্গৰ বাছনি পৰীক্ষাৰ বাবে তৎপৰ তিনিচুকীয়া জিলা প্ৰশাসন । জিলাখনত উপস্থিত হৈ অসম চৰকাৰে নিযুক্তি দিয়া পৰ্যবেক্ষকে পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লৈছে । বিভিন্ন পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰিছে ।

ADRE 2024
তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা (ETV Bharat)

তিনিচুকীয়া, ১৪ ছেপ্টেম্বৰ : ১৫ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব । ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । তিনিচুকীয়া জিলা প্ৰশাসনেও বিভিন্ন স্থানত প্ৰস্তুতি চলাইছে । পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে নিয়োগ কৰা পৰ্যবেক্ষক ইতিমধ্যে জিলাখনত উপস্থিত হৈছে ।

ADRE 2024
তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা (ETV Bharat)

স্বাস্থ্য বিভাগৰ সচিব বৰ্ণালী শৰ্মাক অসম চৰকাৰে অসম প্ৰত্যক্ষ নিয়ুক্তি পৰীক্ষাৰ তিনিচুকীয়া জিলাৰ বাবে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে । জিলাখনত উপস্থিত হৈয়ে তেওঁ শুকুৰবাৰে আবেলি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকৰ আয়োজন কৰে । য'ত সংশ্লিষ্ট সকলো বিষয়া বৈঠকত উপস্থিত থাকে ।

  • পৰীক্ষাকেন্দ্ৰ পৰিদৰ্শন পৰ্যবেক্ষকৰ

বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্ত স্বপ্নীল পালে পৰ্যবেক্ষকগৰাকীক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে লিখিত পৰীক্ষাৰ সমগ্ৰ ব্যৱস্থাটোৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যবেক্ষকগৰাকীক অৱগত কৰে । সভাত আৰক্ষী অধীক্ষক গৌৰব অভিজিৎ দিলিপ, অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইন, চিন্ময় পাঠকৰ উপৰিও জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল আৰু কেইবাগৰাকী পৰীক্ষা কেন্দ্ৰত নিয়োজিত ছুপাৰভাইজিং বিষয়া উপস্থিত থাকে ।

ADRE 2024
তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা (ETV Bharat)

পৰ্যবেক্ষকগৰাকীয়ে সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোৱে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কেতবোৰ পৰামৰ্শ আগবঢ়ায় । ইয়াৰ পিচতে পৰ্যবেক্ষকগৰাকীয়ে জিলাখনৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰে ।

  • প্ৰশাসনৰ প্ৰস্তুতি

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে ইতিমধ্যে জিলা আয়ুক্ত স্বপ্নীল পালেও যোৱা দুদিনৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া জিলাখনৰ ৭৬ টা কেন্দ্ৰৰ প্ৰায় আটাইবোৰেই পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লৈছে । তেওঁ প্ৰতিটো কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ছুপাৰভাইজিং বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ প্ৰতিটো কেন্দ্ৰৰে সুবিধা-অসুবিধাৰ বুজ লৈছে আৰু অসুবিধাসমূহৰ ততাতৈয়াকৈ আঁতৰ কৰাৰ বাবে যাৱতীয় নিৰ্দেশ দিছে ।

  • পৰীক্ষাকেন্দ্ৰৰ বাহিৰত গুৰুত্বপূৰ্ণ বেনাৰ

উল্লেখ্য যে তিনিচুকীয়া জিলাত অহা ১৫ ছেপ্টেম্বৰৰ প্ৰথমটো পৰীক্ষাত ৩৭,০১০ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব । এই পৰীক্ষাত কোনেও যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিছে । পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ প্ৰাৰ্থীসকলে কি কি সামগ্ৰী লৈ যাব নোৱাৰিব সেই সম্পৰ্কে এখন তালিকা প্ৰস্তুত কৰা হৈছে আৰু সেই তালিকা পৰীক্ষা কেন্দ্ৰৰ সন্মুখত আৰু ইয়াৰ ওচৰে-পাজৰে বেনাৰ হিচাপে আঁৰি দিয়া হৈছে ।

তালিকাত উল্লেখ কৰা মতে এডমিট কাৰ্ড, পৰিচয় পত্ৰ, কলম আৰু সীমিত পৰিমাণৰ ধনৰ বাহিৰে আন সামগ্ৰী নিয়াত বাৰণ কৰা হৈছে । পৰীক্ষা শেষ নোহোৱালৈকে কোনো প্ৰাৰ্থীয়ে পৰীক্ষাকেন্দ্ৰৰ বাহিৰলৈ যাব নোৱাৰিব । স্বাস্থ্যজনিত বিশেষ জৰুৰী সমস্যাৰ বাবে কোনো প্ৰাৰ্থী ওলাই আহিবলগীয়া হ'লে তেওঁ প্ৰশ্নকাকত আৰু ওএমআৰ ছীট (OMR Sheet) জমা দি থৈ আহিব লাগিব আৰু উভতি যাব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত নিষেধাজ্ঞা - Assam govt ADRE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.