ETV Bharat / state

দহদিনে বাঘৰ আতংকত দিন কটাইছে জুৰীয়া-ধিঙৰ ৰাইজে; বাঘটোক খেদিব পৰা নাই বন বিভাগে - Tiger scare in Nagaon

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 1:01 PM IST

Tiger scare in Nagaon: বিগত দহ দিনে বাঘৰ আতংকত জুৰীয়াবাসী । দহটা দিনত বৃহত্তৰ জনাঞ্চল বাঘমুক্ত কৰিব নোৱাৰিলে বন বিভাগে । পুনৰ বাঘৰ আক্ৰমণত এজন আহত । জুৰীয়াৰ বিভিন্ন অঞ্চলত বাঘৰ আক্ৰমণত আহতৰ চাৰিজনলৈ বৃদ্ধি। ব্যৰ্থ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ বন বিভাগৰ ।

Tiger scare continues in Nagaon, one injured in tiger attack again
দহদিনে জুৰীয়াবাসীক বাঘৰ আতংকৰ পৰা মুক্ত কৰিব নোৱাৰিলে বন বিভাগে (ETV Bharat Assam)

নগাঁও,১৪ জুলাই: বিগত দহ দিন ধৰি নগাঁৱৰ জুৰীয়াৰ বিভিন্ন অঞ্চলত আতংকৰ সৃষ্টি কৰি অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াক পিঞ্জৰাবদ্ধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে নগাঁৱৰ বন বিভাগ । যাৰ পলত বিগত দহটাকৈ দিন ধৰি আতংকৰ মাজতে দিন কটাবলগীয়া হৈছে জুৰীয়াৰ জেঙনি, জাৰমাৰী, মেলেকাধিঙকে ধৰি বিভিন্ন অঞ্চলৰ লোকে । দেওবাৰে পুৱা পুনৰ বাঘৰ আক্ৰমণত আন এজন লোক আহত হোৱা ঘটনাই অধিক আতংকিত কৰি তুলিছে জুৰীয়াবাসীক ।

দেওবাৰে পুৱা পথাৰত কাম কৰিবলৈ যোৱা পুঠিমাৰী অঞ্চলৰ আব্দুল ৰেজ্জাক নামৰ লোকজনক পাচফালৰ পৰা আক্ৰমণ চলাই ঢেকীয়াপতীয়াটোৱে । বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় আব্দুল ৰেজ্জাক নামৰ লোকজন । লগে লগে আহত ৰেজ্জাক নামৰ কৃষকজনক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বাঘৰ আক্ৰমণত আহত আব্দুল ৰেজ্জাক ।

উল্লেখযোগ্য যে, প্ৰথমেই ৩ জুলাই তাৰিখে জুৰীয়াৰ জেঙনি অঞ্চলত প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘটোৱে মুক্ত বিচৰণ কৰা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে । প্ৰথমে তিনিজনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিল বাঘটোৱে । দিনটো জেঙনি অঞ্চলতেই থাকি আতংকৰ সৃষ্টি কৰি নিশা স্থান সলনি কৰা বাঘটো এটা দিন পাছতেই জাৰামাৰী অঞ্চলত প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে ।

সম্প্ৰতি পুঠিমাৰী, মেলেকাধিং অঞ্চলত বিচৰণ কৰি থকা বাঘটো ট্ৰেংকুলাইজ অথৱা পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই নগাঁৱৰ বন বিভাগ । যাৰ বাবে বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বৃহত্তৰ এলেকাৰ ৰাইজ । বানৰ কবলত পৰা লাওখোৱা অভয়াৰণ্যৰ পৰা বাঘটো ওলাই আহি জনাঞ্চলত আতংকৰ সৃষ্টি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক: এফালে বান-আনফালে বাঘ : নগাঁৱত বাঘৰ আক্ৰমণত আহত দুজন - Tiger scare in Nagaon

কলিয়াবৰত ঢেকীয়াপতীয়াৰ মুক্ত বিচৰণ; কেমেৰাত অৱদ্ধ বাঘৰ গতিবিধি - Royal Bengal Tiger Roaming Freely

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.