ETV Bharat / state

যুৱতীয়ে পেট্ৰ'ল ঢালি জ্বলালে ৰাজপথত ৰখাই থোৱা স্কুটী

কাকপথাৰত ভয়ংকৰ কাণ্ড । দিন দুপৰতে ৰাজপথত ৰখাই থোৱা স্কুটী জ্বলালে উদণ্ড যুৱক-যুৱতীয়ে ।

Three youths set ablaze a scooty parked on the highway at Kakopathar
যুৱতীয়ে প্ৰেট্ৰ'ল ঢালি জ্বলালে ৰাজপথত ৰখাই থোৱা স্কুটী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 4:19 PM IST

তিনিচুকীয়া: একাংশ যুৱক-যুৱতীৰ উপদ্ৰৱৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত । দিন দুপৰতে ৰাজপথত তাণ্ডৱ চলাইছে উদণ্ড যুৱক-যুৱতীয়ে । এইবাৰ স্পৰ্ধাৰ চৰম সীমা অতিক্ৰম কৰিলে কাকপথাৰত । বৃহস্পতিবাৰে উপদ্ৰৱৰ সীমা অতিক্ৰম কৰি তিনিচুকীয়া জিলাৰ কাকপথাৰত দুই যুৱতীয়ে ৰাজপথতে পেট্ৰ’ল ঢালি জ্বলাই দিলে এখন স্কুটী ।

এই সমগ্ৰ শিহৰণকাৰী দৃশ্যাংশ বন্দী হ’ল কেমেৰাত । অভিযোগ অনুসৰি, দুই যুৱতীসহ কুলদ্বীপ মৰাণ নামৰ কাকপথাৰৰ এজন যুৱকে নিজৰ AS-23-Z-6483 নম্বৰৰ এল্ট’ বাহনখনেৰে গৈ কাকপথাৰ-তালাপ বাইপাছ পথত ৰৈ আছিল । সেই সময়তে ব্যৱসায় সূত্ৰে দীপাংকৰ মৰাণ নামৰ যুৱকজনে নিজৰ স্কুটীৰে উক্ত স্থান অতিক্ৰম কৰিছিল । তেতিয়াই কুলদ্বীপ মৰাণে দীপাংকৰ মৰাণক ৰ'বলৈ দিয়ে ।

যুৱতীয়ে প্ৰেট্ৰ'ল ঢালি জ্বলালে ৰাজপথত ৰখাই থোৱা স্কুটী (ETV Bharat Assam)

তাৰ পাছত কিছু সাধাৰণ কথাতে দুয়োৰে মাজত বাক-বিতণ্ডা হয় আৰু তাৰ পাছতে কুলদ্বীপ মৰাণ আৰু দুই যুৱতীয়ে পেট্ৰ’ল ঢালি ৰাজপথতেই জ্বলাই দিয়ে দীপাংকৰ মৰাণৰ AS-23-AF-7138 নম্বৰৰ স্কুটীখন । পৰৱৰ্তী সময়ত উক্ত ঘটনা সন্দৰ্ভত কাকপথাৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ততাতৈয়াকৈ উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰে ।

তদন্ত চলাই স্কুটীখন জ্বলোৱা কাৰ্যত জড়িত তিনিচুকীয়া জিলাৰ এগৰাকী আৰু ডিব্ৰুগড় জিলাৰ এগৰাকী যুৱতীসহ কুলদ্বীপ মৰাণক ডিব্ৰুগড় জিলাৰ লাহোৱালত আটক কৰে কাকপথাৰ আৰক্ষীয়ে । ইফালে তিনি যুৱক-যুৱতীয়ে নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, তিনিচুকীয়া জিলাখনৰ লগতে কাকপথাৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলন, যাৰ বাবে বৃদ্ধি পাবলৈ ধৰিছে মাৰাত্মক HIV ত আক্ৰান্ত ৰোগীৰ সংখ্যা ।

লগতে পঢ়ক: স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ

পৰিকল্পনা আছিল গঁড় চিকাৰ; পিচে নিজেই জালত পৰিল চিকাৰী ৰছিদুল আৰু ছিবে আলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.