ETV Bharat / state

উন্নয়নৰ নামত গুৱাহাটীত তিনি বছৰত কটা হ'ল তিনি হেজাৰ জোপা গছ - PROTEST AGAINST CUTTING OF TREES

গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰে নহয়, গুৱাহাটীৰ কোনো স্থানৰে গছ কাটিব নোৱাৰিব চৰকাৰে । হুংকাৰ ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

Three thousand trees cut in Guwahati in three years for roads and construction of flyovers
তিনি বছৰত কটা হ'ল তিনি হেজাৰ গছ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 8:09 PM IST

গুৱাহাটী: পথ বহলোৱা আৰু উৰণ সেতু নিৰ্মাণৰ নামত বিগত তিনি বছৰত গুৱাহাটীত মহানগৰীত প্রায় তিনি হেজাৰ জোপা গছ কটা হৈছে । বন বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা পোৱা তথ্য অনুসৰি, জালুকবাৰীৰ পৰা খানাপাৰালৈ চাৰিলেনৰ ৰাষ্ট্ৰীয় ঘাইপথটো ছয়লেন কৰিবলৈ ১৬.৫ কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱাত ২০২২ চনত প্রায় ২,৫০০ জোপা বিভিন্ন ধৰণৰ গছ কাটি তহিলং কৰিলে চৰকাৰে । মহানগৰীৰ নিকটৱৰ্তী পলাশবাৰীতো পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনত পথ বহলোৱাৰ নামত ২৫৪ জোপা গছ কটা হৈছিল ।

একেদৰে ধাৰাপুৰৰ পৰা বিমানবন্দৰৰ দিশে পথ বহলোৱাৰ নামতো বহু পুৰণি গছ কাটি পেলোৱা হ'ল । তদুপৰি চলিত বৰ্ষতে ৰুক্মিণী গাঁৱত উৰণ সেতু নিৰ্মাণৰ নামত কেইবাডালো পুৰণি গছ কাটি পেলোৱা হৈছে । বিভাগীয় সূত্রে জানিব পৰা মতে, ২০২২ চনত জু-ৰোডৰ কমাৰ্চ পইণ্টৰ পৰা সুন্দৰপুৰলৈ নিৰ্মিত শ্ৰদ্ধাঞ্জলি উৰণ সেতুৰ নামতো ১৫ জোপা পুৰণি গছ কাটিছিল লোকনির্মাণ বিভাগৰ অনুৰোধত বন বিভাগে ।

উন্নয়নৰ নামত গুৱাহাটীত তিনি বছৰত কটা হ'ল তিনি হেজাৰ জোপা গছ (ETV Bharat Assam)

আনহাতে, অসম সচিবালয়ৰ সন্মুখৰ পৰা আৰম্ভ হোৱা উৰণ সেতুৰ নামত চৰকাৰে ৫৪ জোপা, ফাঁচীবজাৰৰ ফুট অভাৰব্ৰীজৰ নামত ৯ জোপা, খানাপাৰাৰ ফুট অভাৰব্ৰীজৰ নামত ৬ জোপা পুৰণি গছ কাটিছিল চৰকাৰে । এবছৰ পূৰ্বে নাৰেংগী তিনিআলিৰ পৰা বোন্দালৈ ৰাস্তা বহলোৱাৰ নামত ৭৩ জোপা, গুৱাহাটী শোধনাগাৰৰ সমীপৰ পথৰ পথ বহলোৱাৰ নামত ৩০ জোপা গছ কাটিছিল ।

শেহতীয়াকৈ উৰণসেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ পাৰত ২১ জোপা আৰু ভৰলুমুখত ৭৪ জোপা পুৰণি গছ কাটিবলৈ সিদ্ধান্ত লৈ দীঘলীপুখুৰীৰ লোকনির্মাণ বিভাগে গছত কাটিবলৈ বিচৰাৰ চিহ্ন লগাইছিল । তাৰ পিছতেই ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । মহানগৰীৰ গছ কটা সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- "গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰে নহয়, গুৱাহাটীৰ কোনো স্থানৰে গছ কাটিব নোৱাৰিব চৰকাৰে । উন্নয়ন আমাক লাগিব কিন্তু গুৱাহাটীৰ ঐতিহ্যৰ লগত হেতালি খেলিব নোৱাৰিব ।"

আনহাতে, চিটিজেন ফ'ৰাম ফৰ গ্ৰীণ গুৱাহাটীৰ আহ্বায়ক সুব্ৰত তালুকদাৰে কয়, "উন্নয়নৰ নামত হাজাৰ হাজাৰ গছ কাটি পেলোৱা হৈছে । ইয়াৰ ফলত বিভিন্ন প্ৰাকৃতিক সমস্যাৰ সৃষ্টি হৈছে । উন্নয়নৰ নামত গছ কটাৰ প্ৰতিযোগিতা চলিছে । গৰম বৃদ্ধি পাইছে । গৰম গহ্বৰ সৃষ্টি কৰা হৈছে । তাৰ আঁৰত আছে কমিচনলোভী ৰাজনৈতিক নেতাৰ স্বাৰ্থ । দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বিৰুদ্ধে যি গণ আন্দোলনৰ সৃষ্টি হ'ল ঠিক একেদৰে অসমৰ বিভিন্ন স্থানত উন্নয়নৰ নামত গছ কটা, পাহাৰ-পৰ্বত ধ্বংসৰ বিৰুদ্ধে আন্দোলনৰ সৃষ্টি হওক । পৰিৱেশ নাথাকিলে গছ-গছনি বচাব নোৱাৰিলে পৰৱৰ্তী প্ৰজন্মৰ বাবে ডাঙৰ অভিশাপ হ'ব ।"

লগতে পঢ়ক: উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰৱ গুৱাহাটীবাসী: দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ

বিকল্পৰ সন্ধান মুখ্যমন্ত্ৰীৰ; দীঘলীপুখুৰীৰ পাৰৰ গছবোৰ নাকাটাকৈ উৰণ সেতু নিৰ্মাণৰ চিন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.