ETV Bharat / state

মৰিগাঁৱত জাপানীজ এনকেফেলাইটিছত শিশুসহ তিনিজনৰ মৃত্য়ু - Japanese Encephalitis

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 2:22 PM IST

Japanese Encephalitis outbreak: ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰকোৰ ৷ মৰিগাঁৱত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপত আতংক ।

Japanese Encephalitis outbreak
জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ (ETV Bharat Assam)

মৰিগাঁও, ২৪ জুলাই : ৰাজ্যত বানৰ পিচতেই ভয়াৱহ হাৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ । ৰাজ্য়ৰ উজনি,নামনি সকলোতে এতিয়া জাপানীজ এনকেফেলাইটিছৰ আতংক । সাধাৰণতে অসমত জুলাই আৰু আগষ্ট মাহত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায় । ইতিমধ্য়ে ৰাজ্য়ৰ প্ৰায়ভাগ জিলাতেই এই ৰোগত বহুতো লোক আক্ৰান্ত হৈছে । আন জিলাৰ লগতে মৰিগাঁৱতো ভয়াবহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ জিলাখনত বুধবাৰে শিশুসহ তিনিজনৰ মৃত্যু হয় ।

মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এই ৰোগত এটি ৭ বছৰীয়া শিশুৰ লগতে এজন ২২ বছৰীয়া যুৱক আৰু এগৰাকী ৬৫ বছৰীয়া লোকে প্ৰাণ হেৰুৱাইছে । মৰিগাঁৱৰ গীতানগৰৰ ৰাজামণি মেধি (২২) নামৰ যুৱকজন যোৱা ৭ দিন ধৰি গুৱাহাটীত চিকিৎসাধীন অৱস্থাত আছিল । কিন্তু বুধবাৰে যুৱকজনৰ মৃত্য়ু হোৱাত গীতানগৰত শোকৰ ছাঁ পৰিছে ।

জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এই ৰোগত আক্ৰান্ত হৈ ঝাৰগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অধীনৰ গাগল মাৰীৰ এটি শিশুৰো মৃত্য়ু হয় । তদুপৰি ভূৰবন্ধা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত মিকিৰভেটা শিমলুগুৰিৰ ভৱকান্ত নাথ (৬৫) নামৰ লোকজনে এই ৰোগত প্ৰাণ হেৰুওৱাত জিলাখনত ৰাইজৰ মাজত আতংক বৃদ্ধি পাইছে । আনহাতে, বানপানীৰ পিচত জিলাখনত মেলেৰীয়াত আক্ৰান্ত হৈছে পাঁচজন । ইতিমধ্যে মেলেৰীয়াত আক্ৰান্ত হোৱা সকল ক্ৰমে সুস্থ হোৱা বুলি সদৰী কৰিছে জিলা স্বাস্থ্য বিভাগৰ বাহকজনিত ৰোগ নিয়ন্ত্ৰণ বিভাগৰ বিষয়া সুপ্ৰিয়া দাসে ।

জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱাত স্বাস্থ্য বিভাগে ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । স্বাস্থ্য বিভাগে বিভিন্ন ঠাইত ধোঁৱা দিয়াৰ ব্য়ৱস্থা কৰিছে ।

লগতে পঢ়ক:বানৰ পাচত ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: বৰপেটা আৰু যোৰহাটত ৰোগীৰ মৃত্যু - Japanese Encephalitis

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ছাত্ৰ: আৰোগ্য নোহোৱাকৈয়ে যাবলৈ দিয়া হ’ল AMCHৰ পৰা - Japanese Encephalitis In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.