ETV Bharat / state

অসম-মিজোৰাম সীমান্তত আৰক্ষী-উগ্ৰপন্থীৰ প্ৰচণ্ড গুলীয়াগুলী; 3 মাৰ উগ্ৰপন্থী নিহত - Hmar militants killed

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:51 AM IST

Police firing at Mizoram border: কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ ভূবন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থী দলৰ মাজত ভয়ংকৰ গুলীয়াগুলী । আৰক্ষীৰ গুলীত মৃত্যু তিনি মাৰ উগ্ৰপন্থী কেডাৰৰ ।

Police firing at Mizoram border
আৰক্ষী-উগ্ৰপন্থীৰ প্ৰচণ্ড গুলীয়াগুলী (ETV Bharat Assam)

শিলচৰ, 17 জুলাই: কাছাৰত অসম আৰক্ষী আৰু উগ্ৰপন্থী কেডাৰৰ মাজত ভয়ংকৰ গুলীয়াগুলী ৷ যোৱা নিশা কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ ভূবন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটি হয় । এই গুলীয়াগুলীৰ ঘটনাত নিহত হৈছে তিনিটা মাৰ উগ্ৰপন্থী কেডাৰ ।

জানিব পৰা মতে, মঙলবাৰে বিয়লি এক গোপন সূত্ৰৰ পম খেদি কাছাৰ জিলাৰ ধলাই গংগা নগৰত কাছাৰ আৰক্ষীয়ে অভিযান চলাই এটা AK-47, এটা পিষ্টল আৰু কেবাজাঁই গুলীসহ আটক কৰিছিল তিনিজন যুৱকক ৷ আটকাধীন তিনি যুৱক উগ্ৰপন্থী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা হৈছিল ।

লগতে পঢ়ক: হাতত AK-47 আৰু পিষ্টল লৈ গৈ আছিল তিনি যুৱক, বাটতে পালে আৰক্ষীয়ে

নিশা ধৃত তিনি উগ্ৰপন্থী সদস্যক লগত লৈ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত কাছাৰ আৰক্ষীৰ এটা দল অসম-মিজোৰাম সীমান্তৰ ভূবন পাহাৰত অভিযানত নামিছিল ৷ সেই সময়তে অভিযানৰ উমান পাই হঠাৎ পাহাৰত লুকাই থকা আন উগ্ৰপন্থী সংগঠনটোৰ আন কেডাৰসকলে আৰক্ষীক লক্ষ্য কৰি অতৰ্কিতে গুলীবৰ্ষণ আৰম্ভ কৰে । প্ৰতুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে ।

প্ৰায় ১ ঘণ্টা সময় ধৰি আৰক্ষী আৰু উগ্ৰপন্থীৰ দলৰ মাজত চলে এই গুলীয়াগুলী । দুই পক্ষৰ মাজত চলা প্ৰচণ্ড গুলীচালনাত গুলীবিদ্ধ হৈ মৃত্যু হয় আৰক্ষীয়ে লগত লৈ যোৱা তিনি উগ্ৰপন্থী কেডাৰৰ । মৃত তিনি উগ্ৰপন্থী কেডাৰৰ মাজৰ দুজন কাছাৰৰ আৰু এজন মণিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

ইফালে এই ঘটনাত আহত হৈছে তিনিজন আৰক্ষী কৰ্মীও । লগতে গুলীবৰ্ষণৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে কাছাৰ আৰক্ষীৰ কেইবাখনো বাহন । মৃত তিনি যুৱক মাৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ডবকাত আৰক্ষীৰ গুলীত আহত গো-মাংস ব্যৱসায়ী, আটক ৭ - Encounter in Doboka

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.