ETV Bharat / state

অনলাইন ট্ৰেডিং কেলেংকাৰীৰ জালত নপৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে এই পৰামৰ্শ... - Online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 2:05 PM IST

Online Trading Scam : অনলাইন ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত সৰৱ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা ৷ এই কেলেংকাৰীৰ লগত জড়িত সকলো গ্ৰেপ্তাৰ হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ লগতে ঠগ-প্ৰৱঞ্চনাৰ বলি হৈ নিজৰ কষ্টৰ ধন যাতে নেহেৰুৱায় তাৰ বাবে ৰাইজক দিলে এক বিশেষ পৰামৰ্শ ৷

Fraud in online trading
অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত সকলো গ্ৰেপ্তাৰ হ’ব : মুখ্যমন্ত্ৰী (ETV Bharat)

মৰাণ, ৫‌ ছেপ্টেম্বৰ : ‘‘অসমত যিমান এনেকুৱা কাম চলি আছে, আমি গোটেই ব্যৱস্থাটো নোহোৱা কৰিম । ৰাইজে আমাক জনাব লাগে ৷ আমি ৰাইজৰ পৰা সহযোগিতা বিচাৰিছো । কিন্তু ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে যাতে নিজৰ টকা-পইচা জমা কৰে ৷ নহ'লে বাৰে বাৰে এনেকুৱা ঠগ-প্ৰৱঞ্চনাৰ বলি হৈ থাকিব লাগিব ।’’ বৰ্তমান ৰাজ্যৰ বতাহ গৰম কৰি থকা অনলাইন ট্ৰেডিঙৰ প্ৰসংগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই ৷

মুখ্যমন্ত্ৰী ড৹ শর্মাই আৰু কয়, ‘‘ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ কোনেও আমাৰ দেশত বিত্তীয় লেন-দেন কৰিব নোৱাৰে ৷ ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ যিয়ে এই কাম কৰিছে, সকলো গ্ৰেপ্তাৰ (arrest) হ’ব ৷ মই কাৰো নাম নলওঁ, কিন্তু অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীত জড়িত সকলো গ্ৰেপ্তাৰ হ'ব ।’’

লগতে পঢ়ক : প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশাল ফুকনৰ সকলো সম্পত্তি জব্দ কৰাৰ সম্ভাৱনা - Bishal Phukan Trading Scam

তেওঁ আৰু কয়, ‘‘SIT গঠনৰ কথা ভবা নাই ৷ DGP য়ে সকলো চাই আছে ৷ SIT সন্দৰ্ভত DGP য়ে সিদ্ধান্ত ল’ব ৷ কেৱল অসমতে নহয়, ভাৰতৰ আন ৰাজ্যতো এনে ঘটনা চলি আছে ৷ ইতিমধ্যে ভাৰত চৰকাৰক এই সন্দৰ্ভত অৱগত কৰোৱা হৈছে ৷’’

লগতে পঢ়ক : আৰক্ষীৰ আগত বিশালে দিলে বায়েকৰ 'ডেষ্টিনেশ্যন ৱেডিঙ'ৰ খৰচৰ হিচাপ - Online trading scam

উল্লেখ্য যে, উজনি ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হয় ডিব্ৰুগড়ত । তাৰ পাচতে তেওঁ ডিব্ৰুগড়ৰ আন্তৰ্জাতিক কৃষ্ণভাৱনামৃত সংঘ বা ইস্কনৰ প্ৰচাৰ কেন্দ্ৰৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া ইস্কন মন্দিৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণৰ লগতে আধাৰশিলা কৰে । ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰত অৱস্থিত চাউথ জালান নগৰ চাহ বাগিছাৰ প্ৰায় তিনি বিঘা ভূমিত এই মন্দিৰৰ অনুষ্ঠানিকভাৱে নির্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইস্কন মন্দিৰ নিৰ্মাণকাৰ্য শুভাৰম্ভনি অনুষ্ঠানৰ এক আধ্যাত্মিক হোম যজ্ঞ, ধর্মীয় কার্যসূচীতো অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত অংশ কৰিবলৈ পাই নিজেই ধন্য মানিছো বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । এই মন্দিৰৰ জৰিয়তে ডিব্ৰুগড় আৰু উজনি অসমৰ ৰাইজে আধ্যাত্মিক প্ৰশান্তি লাভ কৰিব বুলি তেওঁ কয় ।

লগতে পঢ়ক : বহু ধনৰ লোভত পৰি মূলো গ’ল: অনলাইন ট্ৰেডিঙৰ ভয়ংকৰ জাল অসমত, ৩৬ জনক গ্ৰেপ্তাৰ - Online trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.