ETV Bharat / state

বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ ফলাফললৈ ৰূপান্তৰিত কৰাৰ দাবী আছুৰ - Implementation of Assam Accord

author img

By ETV Bharat Assamese Team

Published : 6 hours ago

AASU on Biplab Kumar Sharma Committee report: অসম চুক্তিৰ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন কমিটীৰ সকলো পৰামৰ্শৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আগবাঢ়ি অহাৰ আহ্বান ৷ সকলো পৰামৰ্শৰ কাৰ্যকৰী কৰি ফলাফল দিব লাগিব বুলি মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

AASU on Biplab Kumar Sharma Committee report
বিপ্লৱ কুমাৰ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ ফলাফললৈ ৰূপান্তৰিত কৰাৰ দাবী (ETV Bharat Assam)

গুৱাহাটী, ১৯ ছেপ্টেম্বৰত: অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন কমিটীৰ ৫২ টা পৰামৰ্শ অসম চৰকাৰে কাৰ্যকৰী কৰিব বুলি সদৰী কৰিছিল মুখ্যমন্ত্ৰী‌ হিমন্ত‌ বিশ্ব শৰ্মাই ৷ ইয়াৰ বিপৰীতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কমিটীৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰাৰ দাবী কৰিছে । উল্লেখ্য যে যোৱা প্ৰায় তিনি বছৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে অসম চুক্তিৰ ৬ নং দফা সম্পর্কত গঠন হোৱা কমিটীৰ প্ৰতিবেদনক লৈ হোঁহোকা-পিছলা কৰি আহিছিল ।

লখিমপুৰত যোৱা চাৰি ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন গুৰুত্বসহকাৰে বিশ্লেষণ কৰা হৈছিল ৷ প্ৰতিবেদনৰ ৬৭টা পৰামৰ্শৰ ভিতৰত ৫৭টা পৰামৰ্শই ৰাজ্যৰ কেবিনেটে অনুমোদন দিছিল ৷

তাৰ পিছত মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি কমিটীৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫২ টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ এক্তিয়াৰৰ ভিতৰত পৰে বুলি উল্লেখ কৰিছিল । তাৰ ভিতৰত যিসমূহ বিষয় বি টি আৰ, বৰাক আৰু ডিমা‌ হাছাও এলেকাত সামৰি আছে সেই বিষয়সমূহ পৰৱৰ্তী সময়ত আলোচনাৰ মাধ্যমেৰে কৰা হ'ব‌ বুলি সদৰী কৰিছিল ।

তেওঁ কৈছিল যে ২০২৫ চনৰ এপ্ৰিলৰ ভিতৰত ৫২ টা পৰামৰ্শ বাস্তৱায়িত কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰি আছুৰ লগত আলোচনা কৰি আগবঢ়া হ’ব । বাকী ১৫ টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ ভিত্তিত সমাধান কৰা হ’ব ।

ইপিনে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এখন‌ সংবাদমেল সম্বোধন কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয়, ‘‘২০২৫ চনৰ এপ্ৰিলৰ ভিতৰত ৫২ টা পৰামৰ্শ বাস্তৱায়িত কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰি আছুৰ লগত আলোচনা কৰি আগবঢ়া কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে কোৱাটো আমি ইতিবাচক হিচাপে লৈছো । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা পৰামৰ্শসমূহ সমান্তৰালভাৱে আগবঢ়াই নিব লাগিব । কাৰ্যকৰী কৰি ফলাফল দিব লাগিব ।’’

তেওঁ কয়, ‘‘এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আগুৱাই আহিব লাগিব । ৰাজ্য চৰকাৰে বিষয়টো আগুৱাই নিব লাগিব । দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব । আমাৰ দাবী হ’ল বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ ফলাফলৈ ৰূপান্তৰিত হ’ব লাগিব । তাৰ‌ বাবে আছুৱে যুঁজি যাব ।’’

ইপিনে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এদিন পূৰ্বে সংবাদমেলত কয় যে বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ ৫৭ টা পৰামৰ্শ ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব বুলি কৈছে যদিও এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে অদ্যাপি কোনো বক্তব্য প্ৰকাশ কৰা নাই । লোকসভা আৰু বিধানসভাৰ আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰা, বিধান পৰিষদ গঠন কৰা, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা, উন্মুক্ত সীমান্ত ছীল কৰা আদি বিষয়বোৰত সিদ্ধান্ত নহ’লে ছয় নং দফাৰ ৰূপায়ণ হ’ব নোৱাৰে । প্ৰতিবেদনখন দাখিলৰ বিগত চাৰিবছৰ ধৰি মৌন হৈ থকাৰ দৰে গৃহ মন্ত্ৰণালয়ে এতিয়াও মৌন হৈ থকাটোৱে চৰকাৰৰ উদ্দেশ্যৰ প্ৰতি সন্দেহ জন্মাইছে বুলি ভূপেন বৰাই সংবাদমেলত প্ৰশ্ন কৰিছিল ।

লগতে পঢ়ক : ২০২৬ক লক্ষ্য কৰি ৬নং দফা ৰূপায়ণৰ ভেঁকো-ভাওনা মুখ্যমন্ত্রীৰ

এপ্ৰিলৰ ভিতৰত ৰূপায়ণ হ'ব ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৫২ টা পৰামৰ্শ : মুখ্যমন্ত্ৰী

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেবিনেটৰ কৰ্তৃত্বক লৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.