ETV Bharat / state

লখিমপুৰৰ তৃতীয়টো বোমা ক'লৈ গ'ল ? সন্ধ্যা পৰ্যন্ত উদ্ধাৰ নহ'ল তৃতীয়টো বোমা - ULFA I bomb plans

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 10:42 PM IST

ULFA I bomb plans: নিষিদ্ধ ঘোষিত আলফাই ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে লখিমপুৰ জিলাতো বোমা সংস্থাপন কৰা বুলি প্ৰকাশ কৰিছিল । নগৰ এলেকাকে ধৰি তিনিটা স্থানত বোমা সংস্থাপন কৰা বুলি আলফাই উল্লেখ কৰিলেও আৰক্ষীয়ে ইয়াৰে দুটাহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তন্নতন্নকৈ তালাচী চলায়ো সন্ধ্যা পর্যন্ত তৃতীয়টো বোমাৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

Third bomb planted by ULFA not recovered in Lakhimpur till evening
সন্ধ্যা পৰ্যন্ত উদ্ধাৰ নহ'ল তৃতীয়টো বোমা (ETV Bharat Assam)

লখিমপুৰ,১৫ আগষ্ট: দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী(স্বা) অসমে সামৰিক প্ৰতিবাদ জনাব বুলি সকীয়নি দিছিল । সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এক ভিডিঅ' বাৰ্তাযোগে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনা শদিয়াৰ পৰা ধুবুৰীলৈ সামৰিক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিছিল । সেইদিনা তেওঁ ৰাইজক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছিল ।

পিচে স্বাধীনতা দিৱসৰ দিনটোৰ পতাকা উত্তোলনৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাৰ পিছত সকলোৱে স্বস্তিৰ উশাহ লৈছিল যদিও দুপৰীয়া ভাগত হঠাৎ সংগঠনটোৰ তৰফৰ পৰা প্ৰকাশিত এক বাৰ্তাই জোকাৰণি তোলে সমগ্র ৰাজ্যত । ৰাজ্যৰ বিভিন্ন স্থানত বোমা সংস্থাপন কৰা আৰু কাৰিকৰী কাৰণত বোমাসমূহ বিস্ফোৰিত নোহোৱা বুলি বাৰ্তাটোত উল্লেখ কৰি বোমা সংস্হাপনৰ স্থানসমূহো উল্লেখ কৰে সংগঠনটোৱে ।

ইয়াকে লৈ আৰক্ষী বিভাগ জঁপিয়াই পৰে যুদ্ধকালিন তৎপৰতাৰে । আৰক্ষীৰ বিশেষ শাখা, অৰ্ধসামৰিক বাহিনীয়ে কঠোৰ সতৰ্কতামূলক ব্যবস্থাৰে বোমা উদ্ধাৰৰ অভিযান চলায় । মেটেল ডিটেক্টৰৰ পৰা স্নিফাৰ ডগৰো সহায় লৈ নিৰাপত্তা বাহিনীয়ে বোমা উদ্ধাৰৰ অভিযানত নামে । বোমা থকা বুলি চিহ্নিত স্থানৰ কাষৰ পৰা সুৰক্ষামূলক ব্যবস্থামৰ্মে সাধাৰণ লোকক আঁতৰাই পঠোৱা হয় ।

লখিমপুৰত তিনিস্থানত সংস্থাপন কৰিছিল বোমা:

উল্লেখ্য আলফাৰ বাৰ্তাটোৰ মতে লখিমপুৰ জিলাৰ তিনি ঠাইত বোমা সংস্থাপন কৰা আছিল । লালুকৰ পৰিদৰ্শন বঙলা, লখিমপুৰ নগৰৰ ৰাজ্যিক পৰিবহন নিগমৰ কাৰখানাৰ এখন বাছত আৰু লখিমপুৰৰ স্বাধীনতা দিৱস উদযাপনস্থলীৰ চৌহদত থকা এখন এনএইচপিচিৰ পৰিত্যক্ত ট্ৰাকত বোমা সংস্থাপন কৰা আছে বুলি প্ৰকাশ কৰিছিল । লগে লগে বোমাৰ সন্ধানত জঁপিয়াই পৰে নিৰাপত্তা বাহিনীসমূহ ।

লালুক পৰিদৰ্শন বঙলাৰ সমীপৰ এখন পদপথৰ দোকানৰ তলত প্রথমটো বোমা উদ্ধাৰ হয় । দ্বিতীয়টো বোমা উদ্ধাৰ হয় লখিমপুৰ নগৰ এলেকাৰ হাতীলুং বান্তৌত । আলফাৰ তালিকাৰ উল্লিখিত স্থানত এই বোমাটো উদ্ধাৰ হোৱাৰ বিপৰীতে সংগঠনটোৱে উল্লেখ কৰা পৰিবহণ নিগমৰ কাৰখানাৰ পৰা কিছু নিলগত এখন পৰিত্যক্ত ট্ৰাকত এই বোমাটো উদ্ধাৰ হয় ।

উদ্ধাৰ হোৱা নাই তৃতীয়টো বোমা:

আনহাতে বাতৰি সংগ্ৰহৰ সময়লৈকে তৃতীয়টো বোমাৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে । আলফাৰ তালিকা অনুসৰি এই বোমাটো স্বাধীনতা দিৱস উদযাপন কৰা খেলপথাৰৰ চৌহদৰ ভিতৰত থকা এন এইচ পি চিৰ পৰিত্যক্ত এখন ট্ৰাকত সংস্থাপন কৰা আছিল । কিন্তু আৰক্ষী, অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ বিশেষ শাখাই তন্ন তন্নকৈ বিচাৰিও এই বোমাটোৰ সন্ধান উলিয়াব পৰা নাই ।

মেটেল ডিটেক্টৰ, স্নিফাৰ ডগ আদিৰ সহায় লৈয়ো আৰক্ষীয়ে বোমাটো বিচাৰি পোৱা নাই । কেৱল ট্ৰাকখনতে নহয় । সমগ্র খেলপথাৰখনৰ লগতে কাষতে থকা শিশু উদ্যান পৰ্যন্ত আৰক্ষীয়ে বোমা বিচাৰি চলাথ কৰিছে যদিও সন্ধ্যা পৰ্যন্ত বোমাটো ধৰা নপৰিল ।

শংকিত লখিমপুৰবাসী:

প্ৰকৃততে যদি এই বোমাটো বিস্ফোৰিত হ'লহেতেন তেন্তে ধেমাজিকাণ্ডৰ পুনৰাবৃত্তি ঘটিলহেতেন । বৰং তাতোকৈয়ো পৰিস্থিতি অধিক ভয়াবহ হ'লহেতেন । মন্ত্রী ৰণোজ পেগুৱে পতাকা উত্তোলন কৰা এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত শ শ লোকৰ সমাৱেশ ঘটিছিল । তেনে অৱস্থাত বোমা বিস্ফোৰণ হোৱা হ'লে কেনে পৰিস্থিতি সৃষ্টি হ'লহেতেন সেয়া অকল্পনীয় ।

সম্প্ৰতি এই খেলপথাৰখন আৰু দাতিকাষৰীয়া ঠাইত আৰক্ষীয়ে বোমাৰ সন্ধানত সন্ধ্যা পর্যন্ত অভিযান চলাই আছে যদিও বোমাটো উদ্ধাৰ হোৱা নাই । তেনেহ'লে ক'লৈ গ'ল বোমাটো ? নে আলফাই ভুলকৈ বোমা থকা স্থান উল্লেখ কৰিলে বিবৃতিত । এয়া এক স্বাভাবিক প্ৰশ্ন হৈ পৰিছে । অন্যহাতে যিহেতু আলফাই উল্লেখ কৰা মতে দুটাকৈ বোমা উদ্ধাৰ হৈছে সেয়ে তৃতীয়টো বোমা থকাটোও সত্য বুলি চৰ্চা চলিছে । যাৰ বাবে এতিয়া বোমাটো উদ্ধাৰ নোহোৱাৰ বাবে ৰাইজ শংকিত হৈ নগৰখনত চলাফুৰা কৰি লগীয়া হৈছে । এই শংকা বা উৎকন্ঠা কেতিয়া অন্ত পৰিব সেয়া এক উত্তৰবিহীন প্ৰশ্ন ।

লগতে পঢ়ক: নগাঁৱত উদ্ধাৰ হোৱা নাই বোমা: বোমাৰ সন্দেহত কি উদ্ধাৰ হ'ল ? - 78th Independence day

২৫ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বা)ৰ: উপযুক্ত তদন্তৰ নিশ্চয়তা দিলে ডিজিপি জি পি সিঙে - bomb plan by ULFA I

বোমাৰ সন্ধানত তৎপৰ আৰক্ষী: গুৱাহাটীৰ দিছপুৰ আৰু শৰণীয়াত অভিযান - 78th Independence day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.