ETV Bharat / state

অসমৰ বাহিৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে চাকৰিৰ ক্ষেত্ৰত হ’ব অতিৰিক্ত পৰীক্ষা - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 5:36 PM IST

Himanta Biswa Sarma on USTM : ইউ এছ টি এমক শ্ল’ পইজন দিয়াৰ পণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ মেঘালয়ৰ বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে অসমত চাকৰি লাভৰ বাবে অতিৰিক্ত পৰীক্ষা দিব লাগিব ৷ ইউ এছ টি এমক এশিকনি দিয়াৰ এই পদক্ষেপত সামৰি লোৱা হ’ব অসমৰ বাহিৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীকো ৷

Himanta Biswa Sarma on USTM
ইউ এছ টি এম সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ২১ আগষ্ট : এইবাৰ আকৌ মেঘালয়ত থকা ইউ এছ টি এম শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতি মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰ ইউ এছ টি এমৰ প্ৰতি যুদ্ধ ঘোষণা কৰে । গুৱাহাটীত বান হোৱাৰ ক্ষেত্ৰত ইউ এছ টি এমকে মুখ্যতঃ দোষাৰোপ কৰা মুখ্যমন্ত্ৰীয়ে এইবাৰ ইউ এছ টি এমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক অসমত চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ কথা ঘোষণা কৰিছে ।

দিছপুৰত বুধবাৰে সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ ইউ এছ টি এমত উত্তীৰ্ণ হোৱাসকলে অসমত পোনপোটীয়াকৈ চাকৰি নাপায় ৷ চৰকাৰী চকৰি পোৱাৰ ক্ষেত্ৰত অসমত আকৌ তেওঁলোকে অতিৰিক্ত পৰীক্ষা কৰিব দিব লাগিব । এইক্ষেত্ৰত অসম চৰকাৰে নিয়ম কৰিব ।’’ তেওঁ কয় ‘‘ইউ এছ টি এমে মোক আৰু অসমৰ ৰাইজক প্ৰত্যাহ্বান জনাইছে । অসমীয়া ল’ৰাই ইউ এছ টি এমত পঢ়িব নালাগে । লাগিলে গুৱাহাটী বিশ্ববিদ্যালয়ত আসন বঢ়াই দিম ।‌’’ মুখ্যমন্ত্ৰীয়ে দাবী কৰি কয়, ‘‘ ইউ এছ টি এমত দুৰ্নীতি আছে । ইউ এছ টি এমে মেডিকেল কলেজ খুলিছে । তাত এগৰাকীও ৰোগী নাই ।’’

অসমত বাহিৰৰ শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰত আইন :

অসমত এতিয়া জধেমধে কোনো অসমৰ‌ বাহিৰৰ অনুষ্ঠানে শিক্ষানুষ্ঠান স্থাপন কৰিব নোৱাৰিব । এই কথা স্পষ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, ‘‘ কেৰালাৰ দুখন‌ বিশ্ববিদ্যালয়ে বৰাক আৰু ধুবুৰীত বিশ্ববিদ্যালয়ত স্থাপন কৰিব খুজিছে । অসম আৰক্ষীৰ বিশেষ শাখাই এই দুখন বিশ্ববিদ্যালয়ৰ গোপন তথ্য লাভ কৰিছে । গতিকে এইক্ষেত্ৰত অসম চৰকাৰ সতৰ্ক হৈছে ।’’

মুখ্যমন্ত্ৰীগৰাকীয় কয়, ‘‘এতিয়াৰ পৰা অসমত বাহিৰৰ অনুষ্ঠানে শিক্ষানুষ্ঠান পতাৰ ক্ষেত্ৰত নিৰাপত্তাজনিত আপত্তিবিহীন প্ৰমাণপত্ৰ লাগিব । এইক্ষেত্ৰত আইন আহি আছে । বাহিৰৰ মেডিকেল আৰু নাৰ্ছিংহোম, বিশ্ববিদ্যালয় অসমত খুলিব খুজিলে এই আইন প্ৰযোজ্য হ'ব । দুই-তিনিমাহৰ ভিতৰত অসমত এই আইন আহিব ।’’

লগতে পঢ়ক : আমি কেনেকৈ কাম কৰিলে ভাল হয় মুখ্যমন্ত্ৰীয়ে দিহা পৰামৰ্শ দিয়ক: মহবুবুল হক

গুৱাহাটীত ইউ এছ টি এমৰ পানী, ডিব্ৰুগড়ত কাৰ পানী ? ৰকিবুল হুছেইনৰ প্ৰশ্ন

ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি: দিছপুৰত ঘোষণা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.