কলিয়াবৰ, 19 মে’ : ক’ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভতো সৰ্বসাধাৰণৰ মনত সন্দেহৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰতিক্ৰিয়া আগবঢ়াইছে ৷
কভাক্সিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে বিশেষজ্ঞই কৈছে নে সংবাদ মাধ্যমে কৈছে এই বুলি প্ৰশ্ন উত্থাপন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ তেওঁ কয়, "বিশেষজ্ঞৰ মতামত আমিও লৈছো ৷ বিষয়টোত চৰকাৰেও বিশেষজ্ঞৰ লগত আলোচনা কৰিছে ৷ কিন্তু চৰকাৰক সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ দৰে মত প্ৰকাশ কৰা নাই বিশেষজ্ঞই । ভেকচিনৰ পাৰ্শ্বক্ৰিয়া কিছুদিনৰ ভিতৰতে হয়, এনে ক্ষেত্ৰত যথেষ্ট দিন পাৰ হৈ যোৱাৰ পিছত পাৰ্শ্বক্ৰিয়া হোৱাৰ কোনো তথ্য নাই ৷"
উল্লেখ্য যে, দেশ তথা ৰাজ্যত ক'ভিড প্ৰতিষেধক ক'ভিশ্বিল্ডৰ বিতৰ্ক মাৰ নৌযাওঁতেই কভাক্সিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়টোৱেও সংবাদ তথা সামাজিক মাধ্যমত তুমুল চৰ্চা চলা পৰিলক্ষিত হৈছে ।
বন্ধ হ’ল ক’ভিশ্বিল্ড :
লক্ষণীয় বিষয় যে, ক’ভিশ্বিল্ড পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিচত অৱশেষত বজাৰৰ পৰা আঁতৰাবলৈ বাধ্য হৈছিল এই প্ৰতিষেধক ৷ সমগ্ৰ বিশ্বৰ পৰা ক’ভিডৰ প্ৰতিষেধক বিধ প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰা বুলি এষ্ট্ৰাজেনেকা নামৰ বহুজাতিক ঔষধ প্ৰস্তুত আৰু জৈৱ প্ৰযুক্তি কোম্পানীটোৱে ঘোষণা কৰে ।
এষ্ট্ৰাজেনেকা নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা ক’ভিড-19 ৰ প্ৰতিষেধক বিধে ৰক্তবাহী নলীত তেজ গোটমৰা অৱস্থাৰ সৃষ্টি কৰাৰ লগতে প্লেটলেটৰ সংখ্যা কম হোৱাৰ সম্ভাৱনাৰ কথাও কোম্পানীটোৱে স্বীকাৰ কৰে ৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত এষ্ট্ৰাজেনেকা নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা প্ৰতিষেধকবিধ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্বৰে ভাৰতত ক’ভিশ্বিল্ড নামেৰে প্ৰদান কৰা হৈছিল ৷
আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই বিশ্বৰ বজাৰৰ পৰা ক’ভিশ্বিল্ড বাণিজ্যিক কাৰণত আঁতৰোৱা হৈছে বুলি অৱগত হোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল ৷
লগতে পঢ়ক: প্ৰস্তুতকৰ্তা কোম্পানীয়েই বন্ধ কৰিলে ক’ভিশ্বিল্ড, দৰ্শালে কাৰণ - Withdrawal of Covishield