ETV Bharat / state

দিহিং-পাটকাইত পখিলা আৰু জৈৱ-বৈচিত্ৰ্যৰ উল্লেখযোগ্য আৱিষ্কাৰ - Biodiversity of Dihing Patkai

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:01 PM IST

Biodiversity of Dihing Patkai : চৰাইপুং, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ লক্ষীপথাৰ আৰু মামৰণি সংৰক্ষিত বনাঞ্চলত পখিলাৰ ওপৰত এই পৰ্যবেক্ষণ আয়োজন কৰা হয় । মুঠ ১৫৩ টা প্ৰজাতিৰ বিৰল পখিলা আবিষ্কাৰ কৰে প্ৰতিনিধিসকলে ।

Biodiversity of Dihing Patkai
দিহিং পাটকাইত পখিলা আৰু জৈৱ-বৈচিত্ৰ্যৰ উল্লেখযোগ্য আৱিষ্কাৰ (ETV Bharat Assam)

তেজপুৰ, ২৩ জুলাই : পখিলা আৰু জৈৱ-বৈচিত্ৰ্য ট্ৰেইলৰৰ দ্বিতীয় সংস্কৰণৰ চৰাইপুঙত সফল সামৰণি । এই অনুষ্ঠানত অসম, অৰুণাচল প্ৰদেশ আৰু উত্তৰাখণ্ডক প্ৰতিনিধিত্ব কৰা ৩২ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

চৰাইপুং, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ লক্ষীপথাৰ আৰু মামৰণি সংৰক্ষিত বনাঞ্চলত পখিলাৰ ওপৰত এই পৰ্যবেক্ষণ আয়োজন কৰা হয় । মুঠ ১৫৩ টা প্ৰজাতিৰ বিৰল পখিলা আবিষ্কাৰ কৰে প্ৰতিনিধিসকলে । 'উইংছ অব নেচাৰ কনজাৰ্ভেচন ছ’চাইটী'ৰ উদ্যোগত বাগপেকগো এডভেঞ্চাৰ্ছ আৰু দিহিং পাটকাই কৃষ্ণ ড’ৰিক হোমষ্টেৰ সহযোগত আৰু অসমৰ বন বিভাগ আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, নৰ্থ-ইষ্ট বাৰ্ডিং ট্যুৰ্ছ এণ্ড গ্ৰীণ বাৰ্ডছ ছ’চাইটীৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হয় ।

এই পদক্ষেপৰ লক্ষ্য হৈছে সজাগতা আৰু প্ৰচাৰৰ জৰিয়তে পখিলা আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ জৰিয়তে বহনক্ষম পৰিৱেশ পৰ্যটন সৃষ্টি কৰা । এই অভিযানত সহযোগী তথা চৰকাৰী অংশীদাৰসমূহ হৈছে কেম্প ডিব্ৰু চৈখোৱা, ডিস্ক'ভাৰ ইণ্ডিয়াৰ নৰ্থ-ইষ্ট মেগাজিন, ডিস্ক'ভাৰ ফাৰইষ্ট, ইনফিনিটি ষ্টুডিঅ' ৷

ইয়াৰ জৰিয়তে চৰাইপুঙত ট্ৰেইলৰৰ প্ৰথম দিনটোত ১২টা বিৰল আৰু অস্বাভাৱিক প্ৰজাতিকে ধৰি ১৫৩ টা প্ৰজাতিৰ পখিলা চিনাক্ত কৰা হৈছে । ইয়াৰে পাঁচটা প্ৰজাতি এতিয়াও চিনাক্তকৰণ হোৱা নাই আৰু প্ৰচেষ্টা চলি আছে ।

উল্লেখযোগ্য প্ৰজাতিসমূহৰ ভিতৰত আছে ব্রাউন কেপ, ইণ্ডিয়ান আৱলিয়াং, ব্লু ৰেয়াৰ টাইগাৰ, বেণ্ডেড য়ামফ্লাই (Yamefly), হোৱাইট ড্ৰেগনট্ৰেইল (Dragontrail), হেড এছ, য়েল' এলবেট্ৰছ (Yellow Albatross), অৰ্কিড টিট, গ'ল্ডেন বার্ডউইং, গ্ৰীণ অৱলেট (Green Awlet) ইত্যাদি ।

অৰুণাচল প্ৰদেশৰ পখিলা মানৱ ৰৌচন উপাধ্যায়, প্ৰকৃতিবিদ দেৱজিৎ মৰাণ আৰু মাধৱ গগৈয়ে অংশগ্ৰহণ কৰা অভিযানত পখিলাৰ জৈৱ-বৈচিত্ৰ্য আৰু সংৰক্ষণৰ বিষয়ে আলোচনা আৰু নতুন প্ৰজাতি উন্মোচিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হয় । এই পদক্ষেপে দিহিং পাটকাই অঞ্চলৰ চহকী জৈৱ বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ জৰিয়তে স্থানীয় জনসাধাৰণৰ বাবে স্থায়ী পৰিৱেশ আৰু অৰ্থনৈতিক লাভালাভ সৃষ্টিৰ লক্ষ্য লৈছে ।

আনহাতে, এই অভিযানত আতিথ্য সেৱাৰ অংশীদাৰ হিচাপে অংশগ্ৰহণ কৰি দিহিং পাটকাই কৃষ্ণ ড'ৰিক হোমষ্টেয়ে পৰিৱেশ অনুকূল বাসস্থানৰ ব্যৱস্থা কৰি পৰম্পৰাগত বাঁহৰ খিৰিকী আৰু টকৌপাতৰ চাল প্ৰদৰ্শন কৰে ।

অংশগ্ৰহণকাৰীসকলে চৰাইৰ ভিন্ন প্ৰজাতিও ৰেকৰ্ড কৰে । তাৰে ভিতৰত আছে চুলতান টিট, গ্ৰে ফেজেণ্ট, লং-টেইলড ব্ৰডবিল, ব্ৰাউন হৰ্ণবিল, পিলড হৰ্ণবিল, ৰেড-হেডেড ট্ৰগন, পিলড ফেলকনেট, কমন গ্ৰীণ মেগপাই, ব্লেক-নেপড মনাৰ্ক আৰু ব্লাইথৰ ব্লেক পেৰাডাইজ ফ্লাইকেচাৰ ।

এই অভিযানত অঞ্চলটোৰ চহকী জৈৱ-বৈচিত্ৰ্যৰ ওপৰতো আলোকপাত কৰা হয় । ইয়াত গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ প্রজাতি যেনে হোলোং (অসমৰ ৰাজ্যিক গছ), নাহৰ, ৰুদ্ৰাক্ষ আৰু ঔটেঙা গছৰ লগতে ১৯ বিধ অর্কিড প্ৰত্যক্ষ কৰে ৷

লগতে পঢ়ক :কলিয়াবৰত জাকে জাকে ওলাইছে বন্যহস্তী - WILD ELEPHANT MANACE
লগতে পঢ়ক :পকামিঠৈ বনাব পাৰিব যন্ত্ৰৰ সহায়ত : কি কি নতুন উদ্ভাৱনত ব্যস্ত পদ্মশ্ৰী ড০ উদ্ধৱ ভৰালী ? - Inventor Uddhab Bharali

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.