ETV Bharat / state

চৰাইদেউ মৈদামত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক উষ্ম আদৰণি ৰাইজৰ - MLA Dharmeswar Konwar

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 10:52 PM IST

MLA Dharmeswar Konwar: দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ সন্মিলনৰ পৰা চৰাইদেউ মৈদামত উপস্থিত হোৱা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক উষ্ম আদৰণি ৰাইজৰ ৷ বন্তি জ্বলাই উপৰি পুৰুষৰ আৰ্শীবাদ ল'লে বিধায়ক গৰাকীয়ে ৷ নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত চৰাইদেউৰ হৈ প্ৰতিনিধিত্ব কৰিছিল বিধায়কগৰাকীয়ে ৷

MLA DHARMESWAR KONWAR
চৰাইদেউ মৈদামত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক উষ্ম আদৰণি ৰাইজৰ (ETV Bharat Assam)

ডিব্ৰুগড়, ২৭ জুলাই: নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত চৰাইদেউৰ হৈ প্ৰতিনিধিত্ব কৰিছিল সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত শুকুৰবাৰে ইউনেস্কোৱে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ হিচাপে স্বীকৃতি প্ৰদান কৰে ।

ইউনেস্কোৰ সন্মিলনৰ পৰা আহি চৰাইদেউ মৈদামত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ:

বহু বছৰৰ অপেক্ষাৰ অন্তত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ পাচৰে পৰা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ চৌহদত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে । আজি দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ সন্মিলনৰ পৰা চৰাইদেউ মৈদামত উপস্থিত হোৱা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক উষ্ম আদৰণি জনালে চৰাইদেউ জিলাৰ ৰাইজে । চৰাইদেউ জিলাত পদাৰ্পণ কৰা পাচতেই সাপেখাতীত ৰাইজে বিধায়কগৰাকীক সম্বৰ্ধনা জনাই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আদৰি নিয়ে ।

চৰাইদেউ মৈদাম ক্ষেত্ৰত আৱতৰীয়া দেৱালী:

বিধায়কগৰাকীক লৈ ৰাইজৰ ব্যাপক উছাহ দেখিবলৈ পোৱা যায় । বিভিন্ন দল-সংগঠনে মৈদাম ক্ষেত্ৰত ফুলাম গামোচাৰে বিধায়কগৰাকীক আদৰণি জনায় । আৱতৰীয়া দেৱালীৰ পৰিৱেশ হয় চৰাইদেউ মৈদাম ক্ষেত্ৰত । ইউনেস্কোৰ সন্মিলনত অংশগ্ৰহণ কৰি দিল্লীৰ পৰা পোনে পোনে চৰাইদেউ মৈদামস্থলীত উপস্থিত হয় সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ । চৰাইদেউ মৈদামত বন্তি জ্বলাই উপৰি পুৰুষৰ আৰ্শীবাদ ল'লে বিধায়কগৰাকীয়ে ।

চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ ক্ষেত্ৰত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ অৱদান:

চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক হিচাপে যথেষ্ট অৰিহণা আছে সোণাৰিৰ বিধায়কগৰাকীৰ । বিধায়ক হোৱাৰ পূৰ্বৰে পৰা ধৰ্মেশ্বৰ কোঁৱৰে নেৰানেপেৰাকৈ সমগ্ৰ বিষয়টোত লাগি আছিল । বিধায়ক হৈয়ে ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত উদ্যোগ ল'বলৈ বাধ্য কৰাইছিল বিধায়কগৰাকীয়ে । সেয়ে আজি বিধায়ক গৰাকীক আদৰিবলৈ ওলাই আহিল শ শ ৰাইজ ।

মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ:

চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষভাৱে ধন্যবাদ জনায় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । তেওঁ সকলোকে একত্ৰিত হৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ হৈ কাম কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰে উজলিল চৰাইদেউ মৈদাম - UNESCO world heritage site

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.