তেজপুৰ, ২৪ মে' : অসমৰ চাহ উদ্যোগে ২০০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে । কিন্তু অসমৰ এই চাহক কোনে আজিৰ অৱস্থালৈ আনিছিল জানেনে ? কেৱল অসমেই নহয়, ভাৰতত চাহ উদ্যোগৰ জনক হৈছে এইগৰাকী ব্যক্তি । কিন্তু যিটো সময়ত অসম তথা ভাৰতৰ চাহ উদ্যোগে বিশ্ব জিনিছে, অসমৰ চাহে ইটোৰ পিচত সিটো সফলতাৰ মাইলৰ খুঁটি স্পৰ্শ কৰিছে, তেনে সময়ত এইগৰাকী চাহৰ ভৱিষ্যদৰ্শীক আমি কিমান সন্মান প্ৰদান কৰিছো ? এক কথাত ক'বলৈ গ'লে সন্মান প্ৰদৰ্শন কৰাটো দূৰৈৰে কথা, এই চাহগছক বিশ্বমুখী কৰা তথা বিশ্বৰ দৰবাৰত ইয়াক প্ৰতিষ্ঠা কৰা চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক যেন আমি সকলোৱে পাহৰি গৈছো ।
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ কোন
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ আছিল এগৰাকী স্কটিছ অভিযাত্ৰী, বণিক আৰু বংগ আৰ্টিলাৰীৰ প্ৰাক্তন মেজৰ ৰবাৰ্ট ব্ৰুচৰ ভাতৃ । চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ 1871 চনত তেজপুৰত মৃত্যু হয় । অৱশ্যে মৃত্যুৰ তাৰিখ 23 সংখ্যাটোহে স্পষ্ট, চনটো সঠিকভাৱে ধৰিব পৰা অৱস্থাত নাই । লগতে তেওঁৰ সমাধি আজিও তেজপুৰ ব্ৰিটিছ চিমেট্রিত পৰিত্যক্ত অৱস্থাত আছে ।
আনহাতে, এইগৰাকী মহান ব্যক্তিৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছিল যদিও বৰ্তমান সেইটোও অৱহেলিত হৈ ৰৈছে । লগতে সংৰক্ষণৰ অভাৱত তেজপুৰ পদুম পুখুৰী পার্কত ক্ষয় যোৱাৰ উপক্ৰম ঘটিছে । অৱশ্যে সুখৰ কথা যে এই চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধিৰ চিনস্বৰূপ শোণিতপুৰ জিলাৰ প্ৰতাপগড় চাহ বাগিচাত কিছু সংৰক্ষণ কৰা আছে বুলি জানিব পৰা যায় ।
চাহ কোনে আবিষ্কাৰ কৰিছিল
অসমৰ চাহৰ বাটকটীয়া চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ হ'লেও ইয়াৰ আৱিষ্কাৰক কিন্তু তেওঁ নহয় । তেওঁৰ পূৰ্বে ১৮২২ চনত প্ৰথমতে তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰবাৰ্ট ব্ৰুচে মণিৰাম দেৱানৰ পৰা জানিব পাৰিছিল যে চিংফৌ জনগোষ্ঠীৰ লোকসকলে চাহ খেতি কৰে । অৱশ্যে সেই সময়ত এই কথা সকলোৱে জনা নাছিল । ১৮২৩ চনত গড়গাঁৱত ব্যৱসায় কৰি থাকোঁতে তেওঁ এজন চিংফৌৰ মুখীয়াল লোকক লগ পায় । তেৱেঁই এই চাহগছৰ নমুনা যোগান ধৰিবলৈ ইচ্ছুক হৈছিল । চিংফৌৰ মুখীয়ালজন আছিল বিছা গাম । কিন্তু ইয়াৰ কিছু সময়ৰ পিচতে ১৮২৪ চনত ৰবাৰ্ট ব্ৰুচৰ মৃত্যু হয় ।
অসমৰ চাহৰ উত্থান
পৰৱৰ্তী সময়ত এই চাহগছৰ নমুনাবোৰ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ওচৰলৈ পঠোৱা হয় । তাৰ পিচত ইয়াক অসমৰ আয়ুক্ত ডেভিদ স্কটৰ ওচৰলৈ পঠিওৱা হয় । সেইবাবেই ব্ৰিটিছ পক্ষৰ পৰা অসমত চাহ খেতিৰ আৰম্ভণিৰ কৃতিত্ব চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক দিয়া হয়, যিটো তেওঁৰ ১৮৩০ চনৰ কাৰ্যকলাপৰ আধাৰত সম্পন্ন হয় । ভাৰতীয় চাহ আৱিষ্কাৰ কৰা ৰবাৰ্ট ব্ৰুচ এগৰাকী স্কটিছ বণিক আৰু বংগ আৰ্টিলাৰীৰ প্ৰাক্তন মেজৰ আছিল । ১৮২২ চনত তেওঁ অসমত উপস্থিত হয় । কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অকৰ্তৃত্বশীল ব্ৰিটিছক এনে কাম-কাজ স্পষ্টভাৱে নিষিদ্ধ কৰাৰ সময়ত ব্ৰুচে ভাৰতত ব্যৱসায়ৰ লগতে আৰু কি কৰি আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । তথাপিও তেওঁৰ ভাগ্যৰ এই পৰিৱৰ্তনে স্কটিছগৰাকীক প্ৰায় অতুলনীয় খ্যাতিৰে অসমৰ চাহৰ পথ প্ৰদৰ্শক হিচাপে আত্মপ্ৰকাশ কৰা দেখা গৈছিল বুলি জানিব পৰা যায় ।
অসমৰ চাহৰ উত্তৰণ
১৮২৩ চনত ব্ৰুচে এক বিশেষ উদ্দেশ্যৰে অসমৰ আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰলৈ ভ্ৰমণ কৰিছিল । তেওঁৰ উদ্দেশ্য আছিল অঞ্চলটোৰ অন্যতম প্ৰধান জনগোষ্ঠী চিংফৌসকলৰ প্ৰধান বিছা গামক সাক্ষাৎ কৰা । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এনে উদ্যোগৰ বাবে তেওঁৰ ধাৰণা আছিল আৰু অঞ্চলটোৰ থলুৱা উদ্ভিদৰ অৰ্থাৎ আজিৰ চাহগছৰ বিষয়ে অধিক জ্ঞান সংগ্ৰহ কৰিব বিচাৰিছিল । পৰৱৰ্তী সময়ত মণিৰাম দত্ত বৰুৱা দেৱান নামৰ এজন থলুৱা সম্ভ্ৰান্ত ব্যক্তিয়ে প্ৰদান কৰা গুৰুত্বপূৰ্ণ তথ্যই ৰবাৰ্ট ব্ৰুচক এই যাত্ৰাৰ প্ৰেৰণা যোগাইছিল । তেওঁ অসমলৈ আহি পোৱাৰ লগে লগে ৰবাৰ্টে চিংফৌ জনগোষ্ঠীয়ে চীনৰ কেমেলিয়া চাইনেন্সিছ ভাৰ চাইনেন্সিছৰ সৈতে এক অলৌকিক সাদৃশ্য থকা এটা অজ্ঞাত নমুনাৰ পাত পানীয় হিচাপে সেৱন কৰি থকা দেখিছিল । ৰবাৰ্ট ব্ৰুচে উপলব্ধি কৰিলে যে যদিহে ই এক ভিন্ন প্ৰকাৰৰ চাহ বুলি প্ৰমাণিত হয়, তেন্তে ব্ৰিটেইনৰ প্ৰয়োজনীয়তাসমূহ প্ৰথমতে কল্পনা কৰাতকৈ বহু বেছি সহজে পূৰণ কৰিব পৰা যাব । কিন্তু এয়া আছিল আৰম্ভণি আৰু পৰৱৰ্তী সময়ত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে এই চাহগছ এবিধ সতেজ পানীয় হিচাপে আৱিষ্কাৰ কৰে ।
চিংফৌসকলৰ চাহৰ প্ৰজাতি আৰু বৰ্তমানৰ চাহ
চিংফৌসকলে যি চাহগছ ৰোপণ কৰিছিল, সেয়া বহু ওখ প্ৰজাতিৰ এক বনৰীয়া উদ্ভিদ বুলি খ্যাত । কাৰণ সেই উদ্ভিদবিধৰ পাত ছিঙিবলৈ সেই সময়ত হাতীত উঠিব লাগিছিল । পৰৱৰ্তী সময়ত চাৰ্লছ ব্ৰুচৰ প্ৰচেষ্টাত ইয়াক বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে ৰোপণ কৰা হয় । সেই উদ্ভিদবিধে আজিৰ সতেজ পানীয় চাহ হিচাপে ব্যৱহাৰ কৰা হৈছে । বৰ্তমান অসমৰ চাহে সমগ্ৰ বিশ্বতে এক উল্লেখনীয় অৱদান আগবঢ়াই আহিছে । অসমৰ চাহ বহু বেদেশী ৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয় আৰু বুজন পৰিমাণৰ লাভালাভ হৈছে । কিন্তু দুখৰ কথা যে এই বৃহৎ চাহ উদ্যোগৰ প্ৰতিষ্ঠাপকগৰাকী তেওঁৰ কৰ্মস্থলীতে আজি এলাগী হৈ আছে । যদিহে চৰকাৰ বিশেষ গুৰুত্ব প্ৰদান নকৰে, তেন্তে কিছুদিনৰ পিছত হয়তো তেওঁৰ সমাধিৰ ভগ্নাৱশেষসমূহো বিচাৰি পোৱা নাযাব ।