ETV Bharat / state

আলফা-চৰকাৰৰ পেকেজত নিৰ্যাতিত পৰিয়ালকো সাঙুৰি লোৱাৰ দাবী নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ - PACKAGE TO VICTIM FAMILIES

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 7:33 PM IST

Financial package : নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ অসমৰ ধেমাজি জিলা সমিতি গঠন ৷ আলফা আৰু চৰকাৰৰ বুজাবুজিৰ ফলশ্ৰুতিত আলোচনাপন্থী আলফাই লাভ কৰা পাঁচ হাজাৰ কোটি টকাৰ পেকেজত নিৰ্যাতিত পৰিয়ালকো সাঙুৰি লোৱাৰ দাবী নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ ৷

Financial Package to Disbanded ULFA
নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ অসমৰ ধেমাজি জিলা সমিতি গঠন (ETV Bharat Assam)

ধেমাজি, ২৭ জুলাই: নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ অসমৰ উদ্যোগত শনিবাৰে ধেমাজি সদৰ প্ৰেছ ক্লাৱত এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় । খগেন হাজৰিকাই সভাপতিত্ব কৰা সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক লক্ষীনাথ ফুকনে কয়, "এসময়ত ৰাজ্যত আলফা চৰকাৰৰ সংঘাতৰ ফলত বহুতো নিৰীহ অসমীয়া যুৱক চিৰদিনৰ বাবে ঘূণীয়া হৈছিল, জেললৈ নিক্ষেপ কৰা হৈছিল, নিৰ্মম অত্যাচাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ যাৰ বাবে বৰ্তমান বহুতো পৰিয়ালে সৰ্বস্বান্ত হৈ দিক-বিদিক হেৰুৱাই পেলাইছে ৷ শাৰীৰিক, মানসিক আৰু অৰ্থনৈতিকভাৱে ভাগি পৰা বহুতো দৰিদ্ৰ পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷"

নিৰ্যাতনৰ বলি হোৱা পৰিয়ালসমূহক ঐক্যবদ্ধ কৰোৱাৰ লক্ষ্য:

চৰকাৰৰ নিৰ্যাতনৰ বলি হোৱা পৰিয়ালসমূহে সংবদ্ধ হৈ জীয়াই থকাৰ এখন সংগ্ৰামৰ বাবে ঐক্যবদ্ধ হ’বলৈ নিৰ্যাতন বিৰোধী ঐক্যমঞ্চই অসমৰ বিভিন্ন প্ৰান্তত সাংগঠনিক সভা অনুষ্ঠিত কৰিছে ৷ নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ অসমৰ মুখ্য সম্পাদক লক্ষীনাথ ফুকনে কয়, "আলফা আৰু চৰকাৰৰ বুজাবুজিৰ ফলশ্ৰুতিত ইতিমধ্যে আলোচনাপন্থী আলফাই পাঁচ হাজাৰ কোটি টকাৰ পেকেজ লাভ কৰিছে ৷ এই বিশাল পেকেজত ৰাজ্যৰ চুকে-কোণে সিঁচৰিত হৈ থকা নিৰ্যাতিত পৰিয়ালক সাঙুৰি ল’বলৈ আমি দাবী জনাইছো ৷"

লগতে পঢ়ক: ৫ হাজাৰ কোটিৰ পেকেজ পাই নির্যাতিতক পাহৰাৰ অভিযোগ আলোচনাপন্থী আলফাৰ বিৰুদ্ধে - Package to Disbanded ULFA

চৰকাৰৰ পৰা লাভ কৰা ধনৰ অংশ বিচাৰি আলোচনাপন্থী আলফাক দাবী জনোৱা:

আলোচনাপন্থী আলফাক এই ধনৰ এটা অংশ বিচাৰি জোৰদাৰ দাবী জনোৱাৰ বাবেও সংঘবদ্ধ হোৱাৰ অন্যতম কাৰণ বুলি কেন্দ্ৰীয় নেতাগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে ৷ তদুপৰি ধেমাজিত ২০০৪ চনত দেশৰ ৫৮ সংখ্যক স্বাধীনতা দিৱসত আলফাৰ দ্বাৰা সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণত নিহত আৰু আহত নিৰ্যাতিত পৰিয়ালবৰ্গৰ কথাও উল্লেখ কৰে কেন্দ্ৰীয় নেতাগৰাকীয়ে ৷

ধেমাজি জিলা সমিতি গঠন:

এই সভাতেই লোহিত দিহিঙীয়াক সভাপতি আৰু কুঞ্জানন গগৈক সম্পাদক হিচাপে লৈ ধেমাজি জিলা নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ সমিতিখন গঠন কৰা হয় ৷ ইয়াৰ উপৰি মিন বৰুৱা, চেনীমাই দলেক উপদেষ্টা, দেবানন্দ বৰাক কাৰ্যকৰী সভাপতি, মনোৰঞ্জন চেতিয়াক সহ সম্পাদক, তৰুণ গগৈক সদস্য, খগেন হাজৰিকা আৰু বৈকুণ্ঠ হাজৰিকাক ৰাজ্যিক সদস্যৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ বিত্তীয় সম্পাদক ৰহেন্দ্ৰ মৰাণ আৰু সাংগঠনিক সম্পাদক নৃপেন বৰুৱা, উপ সভাপতি টুল টুল বেজবৰুৱা, টুল টুল বৰুৱা, সদস্য সঞ্জয় গগৈ উপস্থিত থাকে ৷

লগতে পঢ়ক: আলফাৰ শান্তি চুক্তিত কি আছে ৰাজহুৱা কৰিবলৈ দাবী নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ - NIRYATAN BIRODHI AKYA MANCHA ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.