ETV Bharat / state

প্ৰশাসনৰ হৃদপিণ্ডতেই লেনদেন ! ডাঙৰকৈ মুখ মেলি কোৱাৰি ফাটিল আবকাৰী বিষয়াৰ

ৰাজ্য প্ৰশাসনৰ মূল কাৰ্যালয় জনতা ভৱনতে উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল আবকাৰী বিভাগৰ শাখা বিষয়া ৷ অভিযুক্ত বিষয়াজনৰ ঘৰ নলবাৰীৰ বৰনৰ্দ্দীত ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

CAUGHT FOR TAKING BRIBE
দুৰ্নীতি নিবাৰকৰ জালত জনতা ভৱনৰ আবকাৰী বিভাগৰ শাখা বিষয়া (ETV Bharat Assam)

গুৱাহাটী, ১৬ অক্টোবৰ: পুনৰ হাত দাঙিলে এজন চৰকাৰী বিষয়াই ৷ এইবাৰ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা বুলি জানিব পৰা হৈছে ৷ দুৰ্নীতি নিবাৰক শাখাই বুধবাৰে উৎকোচ লোৱা সময়তে হাতে-লোটে কৰায়ত্ত কৰে বিষয়াজনক ।

লগতে পঢ়ক: উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল যোৰহাটৰ ঔষধ পৰিদৰ্শক - Drugs inspector arrested

জানিব পৰা মতে, এজন ব্যক্তিৰ পৰা বাৰৰ লাইচেঞ্চৰ নামত ১ লাখ টকা বিচাৰিছিল বিষয়াজনে । পূৰ্বে ৪০ হাজাৰ টকাৰ উৎকোচ লৈছিল বিষয়াজনে । আজি পুনৰ দিছপুৰ জনতা ভৱনৰ মূল গেটৰ সমীপত ২৪,৫০০ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে আটক কৰে পাৰ্থ হাজৰিকাক । আবকাৰী বিভাগৰ শাখা অফিচাৰ আছিল পাৰ্থ হাজৰিকা । পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দ্দীত বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰি অধিক জেৰাৰ বাবে পাৰ্থ হাজৰিকাক দুৰ্নীতি নিবাৰকৰ মুখ্য কাৰ্যালয়লৈ লৈ গৈছে ৷ উল্লেখ্য যে, পাৰ্থ হাজৰিকা অসম সচিবালয় সেৱা সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । সেয়েহে এতিয়া সাধাৰণ নাগৰিকে ভাবিবলৈ বাধ্য হৈছে যে দুৰ্নীতৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰৰ দিনত এতিয়া সৰিয়হৰ ডুলিতে ওলাইছে ভূত ৷

লগতে পঢ়ক: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল সমবায় সমিতিৰ উচ্চবৰ্গৰ সহায়ক - Caught for taking bribe

পাৰ্থ হাজৰিকাৰ ঘৰত আৰক্ষীৰ অভিযান :

পাৰ্থ হাজৰিকাক গ্ৰেপ্তাৰৰ পাছত তেওঁৰ জৱাহৰ নগৰৰ হাউচফেড কমপ্লেক্সৰ ডি ব্লকৰ ১০৩ নং ফ্লেটত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় । পাৰ্থ হাজৰিকাক লগত লৈ অভিযানকাৰী দলটোৱে চলাই এই অভিযান । পাৰ্থ হাজৰিকাই তেওঁৰ ফ্লেটটোত বুজন পৰিমাণৰ নগদ ধনৰ লগতে আপত্তিজনক নথি-পত্ৰ মজুত ৰখাৰ সন্দেহ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.