ETV Bharat / state

দিলীপ নুনিচাৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ আদালতৰ - FORMER DHD CHIEF DILIP NUNISA

ডিমা হালম দাওগা (ডি এইচ ডি আৰু ডি এইচ ডি (জে)) উভয় গোটৰ সদস্যসকলৰ পুনঃসংস্থাপন দিয়াৰ আহ্বান ডি এইচ ডিৰ প্ৰাক্তন অধ্যক্ষ দিলীপ নুনিচাৰ ।

FORMER DHD CHIEF DILiP NUNISA
ডিমা হালম দাওগাৰ প্ৰাক্তন অধ্যক্ষ দিলীপ নুনিচা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 8:22 PM IST

হাফলং: ডিমা হালম দাওগাৰ প্ৰাক্তন অধ্যক্ষ দিলীপ নুনিচাৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰিছে আদালতে । হাফলং চি জে এম আদালতে নুনিচাৰ ওপৰত থকা সকলো গোচৰৰ পৰা তেওঁক মুক্ত কৰি দিয়ে । হাফলঙত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰী কৰে খোদ দিলীপ নুনিচাই ।

তেওঁ সংবাদমেলত কয়, "ডিমা হালম দাওগা আৰু ডিমা হালম দাওগা (জে) উভয় সংগঠনৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি চুক্তি তথা বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ 11 বছৰ পিছতে আমাৰ ওপৰত থকা সকলো গোচৰ আজি প্ৰত্যাহাৰ কৰা হয় ৷ ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে সমগ্ৰ আইনী প্ৰক্ৰিয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷" তেওঁ লগতে উভয় উগ্ৰপন্থী সংগঠনৰ অন্যান্য সদস্য পি আৰ অ’ আৰু ডিমাৰাজিৰ আন্দোলনত জড়িত কৰ্মী তথা সামাজিক কৰ্মীৰ লগতে অন্যান্যসকলৰ বিৰুদ্ধে থকা গোচৰো প্ৰত্যাহাৰ কৰাৰ দাবী জনায় ৷

ডিমা হালম দাওগাৰ প্ৰাক্তন অধ্যক্ষ দিলীপ নুনিচা (ETV Bharat Assam)

দিলীপ নুনিচাই সংবাদমেলত লগতে কয় যে ডিমা হালম দাওগা উভয় উগ্ৰপন্থী সংগঠনৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে স্বাক্ষৰিত কৰা বুজাবুজি চুক্তিত সন্নিবিষ্ট বিভিন্ন ধাৰাৰ কিছু কিছু ধাৰাৰ সফল ৰূপায়ন হ’লেও এতিয়াও বহুকেইটা ধাৰা ৰূপায়ণ হ’বলৈ বাকী আছে ৷ এই ধাৰাসমূহ অনতিপলমে ৰূপায়ন কৰাৰ বাবে তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷

তেওঁ ক্ষোভ প্ৰকাশ কৰি কয়, "আমাৰ লগত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ 11 বছৰ পাছতো এতিয়ালৈকে সংগঠনটোৰ সদস্যসকলক পুনঃসংস্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।" তেওঁ চৰকাৰক উভয় গোটৰ সকলো সদস্যৰ পুনঃসংস্থাপনৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: প্ৰহসনত শান্তি চুক্তি: মূলসূঁতিলৈ অহা উগ্ৰপন্থী সংগঠনক প্ৰতাৰণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.