ETV Bharat / state

বাল্য বিবাহ ৰোধ হ’বই লাগিব : নাবালিকা পত্নীৰে শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলিয়েই গণ্য কৰা হ’ব - Assam CM on Child marriage

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 8:55 PM IST

Child marriage: বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা অসম চৰকাৰে ৰাজ্যত পুনৰ চলাব এলানি অভিযান ৷ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত বাল্য বিবাহকাৰীক শাস্তি বিহাৰ বাবে তথা বাল্য বিবাহ ৰোধৰ বাবে অহা নৱেম্বৰ-ডিচেম্বৰ মাহত অভিযানত নামিব আৰক্ষী ৷

Assam CM on Child marriage
অসমত বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলিব অভিযান (ETV Bharat Assam)

গুৱাহাটী, ৮ আগষ্ট: অসমত বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলিব অভিযান । অহা নৱেম্বৰ-ডিচেম্বৰত বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান চলাব অসম আৰক্ষীয়ে । বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বাল্য বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য (ETV Bharat Assam)

ভাৰতীয় ন্যায় সংহিতাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ভাৰতীয় ন্যায় সংহিতাত এটা ডাঙৰ ক্ল'জ আহিছে যে সৰু বয়সত বিয়া হোৱা কোনোৱা ছোৱালীৰ লগত যদি স্বামীয়ে শাৰীৰিক সম্পৰ্ক কৰে তেন্তে তাক ধৰ্ষণ বুলিয়েই ধৰি লোৱা হ'ব । এইটো বৰ্তমান ভাৰতীয় ন্যায় সংহিতাত কোৱা হৈছে । গতিকে যদি সন্তান জন্ম হয় তেন্তে ইয়াৰ ফলত এইটো প্ৰমাণ হৈ যাব যে নিৰ্দিষ্ট সময়ৰ আগতে বিবাহ আৰু শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে । তাৰ মানে দুটা ক্ৰাইম তেওঁলোকৰ ওপৰত পৰিব ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘অহা নবেম্বৰ-ডিচেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব । কিন্তু যোৱা এটা বছৰত অসমত বহু এন জি অ' আহিছে আৰু অসম চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযান কিমান ফলপ্ৰসু হৈছে তাক চাবলৈ যত্ন কৰিছে । গোটেইকেইটা এন জি অ'ৰ ৰিপ'ৰ্টত এইটোৱে আহিছে যে অসমত বাল্য বিবাহ বহু পৰিমাণে বন্ধ হৈছে । সেইকাৰণে মই ভাবো যে প্ৰথম বছৰত যিমান লোকক গ্ৰেপ্তাৰ কৰিছিলো এইবাৰ হয়তো সিমান লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰো । সৰু বয়সতে বিয়া কৰোৱা স্বামীক বিভিন্ন আদালতে POCSO আইনৰ অধীনত কাৰাদণ্ড দিছে ।’’

‘‘এটা সময়ত ইয়াত এটা প্ৰচাৰ হৈছিল যে উচ্চ ন্যায়ালয়ে আমাক বেয়া পাইছে । কিন্তু তাৰ বিপৰীতে যোৱা এবছৰত আমাৰ বহুকেইখন ন্যায়ালয়ে বাল্য বিবাহৰ ক্ষেত্ৰত পুলিচৰ সপক্ষে ৰায়দান কৰি ইয়াৰ অভিযুক্ত সকলক POCSO আইনৰ অধীনত ‍১৪ বছৰলৈকে কাৰাদণ্ড বিহিছে । আমি ইতিবাচক পদক্ষেপো লৈ আছো আৰু আইনী ব্যৱস্থাও লৈ আছো । তাৰ ফলত ২০২৬ চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ'ব বুলি মোৰ এটা ধাৰণা বা অভিমত আছে ।’’ মুখ্যমন্ত্ৰীয়ে কয় ৷

লগতে পঢ়ক: আকৌ চলিব বাল্যবিবাহ বিৰোধী অভিযান; বাল্যবিবাহ কৰা সংখ্যালঘু যদি 80 শতাংশ, সংখ্যাগুৰু 20 শতাংশ: মুখ্যমন্ত্ৰী - Action against child marriage

৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে মুছলমান জনসংখ্যা - Muslim population in Assam

মৰিগাঁৱত দুমাহতেই বাল্য় বিবাহৰ ১৩ টা গোচৰৰ ৰায়দান - Child Marriage in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.