ETV Bharat / state

কৰিমগঞ্জৰ বেৰাজালত পথ দুৰ্ঘটনাত শিশুসহ ছজন লোকৰ মৃত্যু - Road Accident in Karimganj - ROAD ACCIDENT IN KARIMGANJ

Six dead, one injured in a road accident: অসম-ত্ৰিপুৰা সংযোগী আঠ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত এটি শিশুসহ ছজন লোকৰ মৃত্যু হয় । কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আৰু এজন ৷

ROAD ACCIDENT IN KARIMGANJ
কৰিমগঞ্জৰ বেৰাজালত পথ দুৰ্ঘটনাত শিশুসহ ছয়জন লোকৰ মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 4:21 PM IST

Updated : Jul 23, 2024, 4:33 PM IST

কৰিমগঞ্জ, ২৩ জুলাই: কৰিমগঞ্জৰ নিলাম বজাৰ এলেকাৰ বেৰাজাল'ত মঙলবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত শিশুসহ ছজন লোকৰ মৃত্যু হয় । অটোৰিক্সা আৰু এখন হুণ্ডাই ভেন্যু বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত লোককেইজনৰ মৃত্যু হয় । অসম-ত্ৰিপুৰা সংযোগী আঠ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

কৰিমগঞ্জৰ বেৰাজালত পথ দুৰ্ঘটনাত শিশুসহ ছয়জন লোকৰ মৃত্যু (ETV Bharat Assam)

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো: এখন যাত্ৰীবাহী অটোৰিক্সা আৰু হুণ্ডাই ভেন্যুৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় । AS 11 S 8323 নম্বৰৰ হুণ্ডাই ভেন্যু আৰু AS 10 BC 2061 নম্বৰৰ অটোৰিক্সাখনৰ মাজত সংঘটিত হৈছিল এই সংঘৰ্ষ । দুই বাহনৰ সংঘৰ্ষৰ ফলত অটোৰিক্সাখন ৰাজপথৰ পৰা খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাৰ ফলত এটি শিশুকে ধৰি চাৰিজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ আনহাতে আহতসকলক ততাতৈয়াকৈ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু কিশোৰীৰ, কঠোৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ জিলা আয়ুক্তৰ - Road Accident

দুৰ্ঘটনাত শিশুসহ ছজন লোকৰ মৃত্যু: অটোৰিক্সা আৰু হুণ্ডাই ভেন্যুৰ মুখামুখি সংঘৰ্ষৰ ফলত বৰ্তমানলৈ দুই বাহনৰ প্ৰায় ছয়গৰাকী লোক‌ৰ মৃত্যু হয় ৷ এই দুৰ্ঘটনাত এটি শিশুকে ধৰি অটোখনৰ চালকসহ চাৰিজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ আনহাতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আন দুজন লোকৰ মৃত্যু হয় ৷ বৰ্তমান এজন যাত্ৰী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

উদ্ধাৰ হোৱা নাই পৰিচয়: দুৰ্ঘটনাত হতাহত হোৱা লোকসকলৰ এজন পাথাৰকান্দিৰ চান্দখিৰা এলেকাৰ ৰুহুল আলম বুলি চিনাক্ত কৰা হৈছে ৷ ৰুহুল আলম দুৰ্ঘটনাগ্ৰস্ত অটোৰিক্সাখনৰ চালক আছিল ৷ আনহাতে দুৰ্ঘটনাত হতাহত হোৱা আন পাঁচজন লোকৰ পৰিচয় বৰ্তমানো জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত গড়মূৰ থানা : ৰাইজৰ প্ৰতিবাদ - Public Protest in Majuli

উত্তেজিত ৰাইজে আৱদ্ধ কৰিলে অসম-ত্ৰিপুৰা সংযোগী আঠ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ: দুৰ্ঘটনাৰ পাচত ঘটনাস্থলীত আৰক্ষীৰ লোক পলমকৈ উপস্থিত হোৱাত ক্ষুদ্ধ হৈ পৰে স্থানীয় লোক ৷ উত্তেজিত ৰাইজে অসম-ত্ৰিপুৰা সংযোগী আঠ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰে ৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বহু যান-বাহন আৱদ্ধ হৈ পৰে ৷ অৱশেষত কৰিমগঞ্জ জিলা আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস আৰু জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

Last Updated : Jul 23, 2024, 4:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.