তিনিচুকীয়া, ২২ আগষ্ট : শিৱসাগৰৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে তিনিচুকীয়াত এগৰাকী অসমীয়া যুৱকক বহিৰাগতই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বুধবাৰে নিশা বহিৰাগত যুৱকৰ এটা দলে এগৰাকী অসমীয়াক মাৰপিট কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ পিছত বৃহস্পতিবাৰে তিনিচুকীয়াত উত্তাল প্ৰতিবাদৰ সৃষ্টি হয় ৷
তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত কেবাটাও দল-সংগঠনে একত্ৰিত হৈ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ৰাজপথত জ্বলোৱা টায়াৰ আৰক্ষীয়ে নুমুৱাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীসকলৰ হতাহতিৰ সৃষ্টি হয় ৷
পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষীয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি উমানন্দ মুদৈ মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি কেশৱ দহোতীয়া, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সম্পাদক কল্যাণ চেতিয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মাকুম আঞ্চলিক সমিতিৰ সম্পাদক অখিল বৰুৱা, খিলঞ্জীয়া যুৱমঞ্চৰ তিনিচুকীয়াৰ সভাপতি প্ৰিন্স দাস, বাৰেকুৰিৰ ৰীমান্ত দুৱৰাক আটক কৰাৰ লগতে ছত্ৰভংগ দিয়াই প্ৰতিবাদকাৰীসকলক ৷
ছগৰাকীকৈ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাৰ পিছতে পুনৰ সৰৱ হৈ পৰিছে তিনিচুকীয়াৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ বিষয়ববীয়াসকল । উল্লেখযোগ্য যে, বুধবাৰে তিনিচুকীয়াত ১৪ টাকৈ দল-সংগঠনে গুপ্তা মটৰ্ছ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত তলা লগোৱাৰ পিছত নিশা পুনৰ তিনিচুকীয়া চহৰৰ শ্বহীদ খৰ্গেশ্বৰ পথত এজন অসমীয়া যুৱকক দলবদ্ধ আক্ৰমণ কৰে ৭-৮ জনীয়া এটা অনা অসমীয়া লোকৰ দলে ৷ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰিদীপ ডেকা নামৰ যুৱকজন ৷
পৰৱৰ্তী সময়ত লোকজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱ হয় ৷ অনাঅসমীয়াৰ আক্ৰমণত আঘাতপ্ৰাপ্ত যুৱকজনৰ মূৰত প্ৰায় ৭ টা চিলাই কৰিবলগীয়া হয় ৷
লগতে পঢ়ক : অনা-অসমীয়া বণিয়াৰ টিঘিলঘিলনি : উত্তপ্ত তিনিচুকীয়া
শিৱসাগৰৰ ৰাইজক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই
অসমীয়া বিৰোধী শক্তিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ হুংকাৰ ১২ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ