ETV Bharat / state

উপযুক্ত চিকিৎসাৰ অভাৱ : কৰুণ মৃত্যু কণমানি প্ৰিন্সিৰ - Girl dies of snake bite

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 7:24 PM IST

Girl dies of snake bite: অসমৰ চৰকাৰী চিকিৎসালয়ত সৰ্প দংশনৰ উপযুক্ত চিকিৎসাৰ অভাৱ ! দৰঙৰ ১০ বছৰীয়া কিশোৰী প্ৰিন্সি চহৰীয়াই উপযুক্ত চিকিৎসা নাপাই মৃত্যুক আঁকোৱালি ল'লে । স্বাস্থ্য বিভাগক গৰিহণা ৰাইজৰ ।

Girl dies of snake bite
উপযুক্ত চিকিৎসাৰ অভাৱ;কৰুণ মৃত্যু কণমানি প্ৰিন্সিৰ (ETV Bharat)

মঙলদৈ,২৪ জুন : অসমৰ স্বাস্থ্য বিভাগত এতিয়া অৰাজকতা চলিছে ! এগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পৰা সাধাৰণ সুবিধাও নাই অসমৰ চৰকাৰী চিকিৎসালয়সমূহত ! এয়া আমাৰ কথা নহয়, বিভিন্ন সময়ত সংঘটিত কিছুমান ঘটনাই এই কথা প্ৰমাণ কৰিছে । এইবাৰ দৰং জিলাৰ ছিপাঝাৰতো তেনেই এক ঘটনা সংঘটিত হ'ল । দুৰ্বল স্বাস্থ্য ব্যৱস্থা আৰু চিকিৎসকৰ অৱহেলাৰ বাবেই প্ৰাণ হেৰুৱালে এগৰাকী কণমানিয়ে । সৰ্প দংশনৰ ফলত মৃত্যু ছিপাঝাৰৰ সোণাপুৰৰ ১০ বছৰীয়া প্ৰিন্সি চহৰীয়াৰ । পুণিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী আছিল প্ৰিন্সি ।

জানিব পৰা মতে প্ৰিন্সিয়ে দেওবাৰে আইতাকৰ লগত ঘৰৰ পিৰালিত বহি আছিল । সেই সময়তে এডাল সাপে তেওঁৰ ভৰিত দংশন কৰে । লগে লগে প্ৰিন্সিয়ে কান্দি উঠে । আইতাকে অলপ ইফাল সিফাল কৰোতে বিষাক্ত সাপডাল প্ৰত্যক্ষ কৰে । আইতাকে চিঞৰ-বাখৰ কৰে আৰু আত্মীয়ক খবৰ দিয়ে । পৰিতাপৰ কথাটো হ'ল যে ৰাস্তাৰ দুৰৱস্থাৰ বাবে তেওঁলোকৰ অঞ্চলটোত এম্বুলেন্স এখনো প্ৰৱেশ কৰিব নোৱাৰে । যাৰ বাবে মটৰ চাইকেলেৰে প্ৰিন্সিক ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় । কিন্তু তেতিয়ালৈ তেওঁ বিষ অনুভৱ কৰিব পৰা নাছিল ।

সাধাৰণ চিকিৎসা কৰিয়ে তেওঁক প্ৰায় আধা ঘণ্টা ধৰি স্বাস্থ্যকেন্দ্ৰতে বহুৱাই ৰাখিলে চিকিৎসকে । পিচত প্ৰিন্সিৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লগে লগে আত্মীয়ই মটৰ চাইকেলেৰে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় । তাত চিকিৎসকে এণ্টিভেনম দি প্ৰিন্সিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । কিন্তু প্ৰিন্সিৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায় । কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

উল্লেখ্য যে প্ৰায় দুবছৰ পূৰ্বে পিতৃক হেৰুওৱা প্ৰিন্সিয়ে মাতৃ আৰু আইতাকৰ মৰমৰ মাজতে এখোজ দুখোজকৈ ডাঙৰ হৈ আহিছিল । কিন্তু কোনেও ভবা নাছিল যে পৰিয়ালটোলৈ এনে এক বিপদ আহিব । তেওঁলোকে ভবাই নাছিল যে কণমানি প্ৰিন্সিক এনেদৰে অকালতে হেৰুৱাব লাগিব । উপযুক্ত চিকিৎসাৰ বাবে ইখনৰ পিচত সিখন চিকিৎসালয়লৈ ঘূৰাইও অৱশেষত বচাব নোৱাৰিলে কণমানি প্ৰিন্সিক । যাৰ বাবে পৰিয়ালটোৰ লগতে গাঁওখনত এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে ।

এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সকলোৱে একেমুখে অসমৰ স্বাস্থ্য বিভাগক গৰিহণা দিছে । কাগজে পত্ৰই বা চৰকাৰী পক্ষই স্বাস্থ্য বিভাগৰ উন্নয়নৰ কথা ক'লেও এই ঘটনাই পুনৰ এবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙালে । শেহতীয়াভাৱে পুনৰ স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ পিচত কি প্ৰতিক্ৰিয়া দিব ? স্বাস্থ্য সেৱাৰ উন্নয়নৰ শ্ল'গান দিয়া নেতা-মন্ত্ৰীয়ে আজি অসমৰ স্বাস্থ্য সেৱাৰ এনে দুৰৱস্থাৰ কথা স্বীকাৰ কৰিবনে ? প্ৰতিগৰাকী সচেতন নাগৰিকে আজি চৰকাৰক এই প্ৰশ্নকে কৰিছে ।

লগতে পঢ়ক:লাওখোৱাকাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ : শীঘ্ৰে আৰম্ভ হ’ব তদন্ত - Fisherman Shooting Case at Laokhowa

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.